গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই নগৰৰ বিভিন্ন স্থানত বিভিন্ন উদ্যান নির্মাণ কৰিছে। এই উদ্যানবোৰৰ ৰক্ষণাবেক্ষণ গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই আৰু বেচৰকাৰী সংস্থা (এনজিও) / সমিতিৰ দ্বাৰা কৰা হয়। উদ্যানৰ পৰা কৰা সংগ্রহেৰে ৰক্ষণাবেক্ষণৰ কাম আৰম্ভ কৰা হয়। সমস্ত উদ্যানৰ পৰা লাভ কৰা মুঠ মাহেকীয়া সংগ্রহ হ'ল প্ৰায় ৭.০০ লাখ টকা।
গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই ৰক্ষণাবেক্ষণ কৰা উদ্যান:
চোচাইটী/এনজিও ই ৰক্ষণাবেক্ষণ কৰা পাৰ্ক:
গুৰুত্বপূৰ্ণ লিংক:
পার্কবোৰৰ বিষয়ে অধিক তথ্যৰ বাবে ইয়াত ক্লিক কৰক
গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ দ্বাৰা উন্নীত কৰা প্ৰেক্ষাগৃহবোৰৰ বাবে ইয়াত ক্লিক কৰক
নতুন কৈ উৎপত্তি হোৱা ক'ৰোণা ভাইৰাছ বা ক'ভিড ১৯ হৈছে এবিধ সংক্ৰমিত ৰোগ। ক'ৰোণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত অধিকাংশ লোকে মৃদু বা মধ্যমীয়া ধৰণে স্বাস-প্ৰস্বাসজনিত অসুবিধাৰ সন্মুখীন হ'য় যদিও কোনোধৰণৰ বিশেষ চিকিৎসাৰ অবিহনেই সুস্থ হৈ উঠে। কিন্তু বয়সস্থ বা দীৰ্ঘদিন ধৰি ভূগি থকা হৃদ ৰোগ, মধুমেহ, পুৰণি স্বাস প্ৰস্বাসজনিত ৰোগ বা কৰ্কট আদি অন্তৰ্নিহিত বেমাৰ থকা লোকসকলৰ পক্ষে এই ভাইৰাছ বিধৰ সংক্ৰমণৰ আশংকা তুলনামূলকভাবে বেছি।
ক'ভিড-১৯ ভাইৰাছ বিধৰ বিষয়ে ভালদৰে জ্ঞাত হোৱাৰ লগতে ই কেনেধৰণৰ বেমাৰৰ কাৰক হ'ব পাৰে লগতে কেনেদৰে মানুহৰ দেহত বিয়পে এই সন্দৰ্ভত নিজৰ লগতে আনকো অৱগত আৰু সজাগ কৰি তোলাই হৈছে সংক্ৰমণ প্ৰতিৰোধ তথা লেহমীয়া কৰাৰ সৰ্বোত্তম উপায়। সঘনাই চাবোনেৰে হাত ধোৱা, এলক'হ'ল যুক্ত ছেণীটাইজাৰ ব্যৱহাৰ, চকু, নাক, মুখ স্পৰ্শ কৰাৰ পৰা বিৰত থকা, মাস্ক পৰিধান আৰু দূৰত্ব বজাই ৰখা ইত্যাদিবোৰ সতৰ্কতা অৱলম্বন কৰি নিজৰ লগতে আনকো ক'ৰোণো ভাইৰাছৰ সংক্ৰমণৰ পৰা দূৰত ৰাখিব পৰা যায়।