পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী আৰু ক্ষুদ্ৰতম অধ্যূষিত নদীদ্বীপ উমানন্দৰ বাবে অসম প্ৰসিদ্ধ।
ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত মাজুলী সৰ্বমুঠ ৩৫৩ বৰ্গ কি.মি. এলেকাৰে আৱৰা। পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ ৰূপে পৰিচিত এই নদীদ্বীপে পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰ্যটককেই আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ২০১৬ চনত জিলা হিচাপে ঘোষণা কৰা মাজুলী হৈছে পৃথিৱীৰ প্ৰথমটো নদীদ্বীপ। যোৰহাট জিলাৰ পৰা ফেৰীৰ সহায়ত মাজুলীত প্ৰবেশ কৰিব পাৰি।
যতায়ত ব্যৱস্থা
মাজুলী অসমৰ যোৰহাট জিলাৰ পৰা ২০ কিলোমিটাৰ দূৰত্বত অৱস্থিত। নিতৌ গুৱাহাটীৰ পৰা আৰু সপ্তাহত চাৰিদিন কলিকতাৰ পৰা বিমানৰেও মাজুলীত প্ৰৱেশ কৰিব পাৰি।
গুৱাহাটী চহৰৰ পৰা সাত ঘন্টা বাছেৰে গৈ যোৰহাটত নামি তাৰ পৰা ফেৰীৰেও মাজুলী ভ্ৰমণ কৰি পৰা যায়। বাছসমূহ ৰাতিপুৱা আৰু নিশাৰ ভাগতহে যাত্ৰা আৰম্ভ কৰে।
যোৰহাটৰ পৰা নিমাতী ঘাটলৈ চৈধ্য কি.মি.। প্ৰতিদিনে অন্তত: দুখনকৈ ফেৰী, ৰাতিপুৱা প্ৰায় ১০ বজাত আৰু আবেলি ৩ বজাত মাজুলীলৈ যাত্ৰা কৰে
জিৰণি স্থান
মাজুলীত পৰ্যটকৰ বাবে উন্নয়নমূলক আন্ত:গাঠনিৰ অভাৱ। তাত থাকিবলৈ হোটেলৰ ব্যৱস্থা নাই। কেতবোৰ সত্ৰত অতিথিশালা আছে। অতিথিশালাত থাকিবলৈ আগতীয়াকৈ সংৰক্ষণৰ ব্যৱস্থা কৰিলে তাৎক্ষণিকভাবে উপলব্ধ হয়। নতুন কমলাবাৰী, উত্তৰ কমলাবাৰী, আউনীআটি, ভোগপুৰ আৰু দক্ষিণপাট সত্ৰই পৰ্যটকক সহজতে আকৰ্ষণ কৰিব আৰু তাত পাৰ্যমানে সা-সুবিধাও উপলব্ধ। পৰ্যটকে যদি পোনপটীয়াকৈ দক্ষিণপাট সত্ৰলৈ যাব বিচাৰে তেন্তে নিমাতী ঘাটৰ পৰা ফেৰীৰে যাব পাৰে। অন্যান্য সুবিধা যেনে নদীদ্বীপৰ কেতবোৰ ঠাইত পৰিদৰ্শন বাংলো (কমলাবাৰীতো উপলব্ধ)আৰু গড়মূৰৰ উপ মহকুমাধিপতিৰ মুখ্য আৱাস হিচাপে পৰিচিত আৱৰ্ত্ত ভৱনতো পৰ্যটকৰ বাবে থকাৰ ব্যৱস্থা আছে।
চাবলগীয়া ঠাইসমূহ
সত্ৰনগৰী ৰূপে চিৰ পৰিচিত মাজুলীত ২১ খন সত্ৰ প্ৰতীয়মান। তাৰ ভিতৰত ভালেমান সত্ৰ সত্ৰীয়া গীত-মাত, খোল-তাল, ভাওনা-সবাহ, নৃত্য, নাট, সংগীত, চিত্ৰ অৰু কলাৰ প্ৰশিক্ষণৰ লগতে পৰম্পৰাগত সভ্যতাৰ ক্ষেত্ৰত আগবঢ়া।সত্ৰীয়া সংস্কৃতি মাজুলীৰ মূল দিশ। মৃৎশিল্প, মুখাশিল্প, বাহ-বেতৰ শিল্প, গোগোল গছ আৰু কুঁহিলা গছৰ পৰা নিৰ্মিত বিভিন্ন সামগ্ৰীৰ বাবেও মাজুলী জনাজাত।
পৰিদৰ্শনৰ বাবে সঠিক সময়
শীতকালত অৰ্থাৎ কাতি মাহত (নৱেম্বৰ) পবিত্ৰ পূৰ্ণিমা তিথিত অনুষ্ঠিত হোৱা ৰাসলীলা মহোৎসৱৰ সময়ত মাজুলীৰ সোন্দৰ্য্য দুগুণে বাঢ়ে। বছৰৰ যিকোনো সময়তে মাজুলী ভ্ৰমণ কৰিব পাৰি যদিও এইখিনি সময় মাজুলী দৰ্শনৰ ক্ষেত্ৰত পৰ্যটকৰ বাবে শ্রেষ্ঠ সময়। বানপানীৰ সময়ত মাজুলীলৈ ফুৰিব নহাটোৱেই উত্তম।
ব্ৰহ্মপুত্ৰ নদীৰ সৌমাজত অৱস্থিত উমানন্দ পৃথিৱীৰ ভিতৰত ক্ষুদ্ৰতম অধ্যূষিত নদীদ্বীপ হিচাপে বিখ্যাত। ব্ৰিটিছসকলে উমানন্দৰ আকৃতিৰ প্ৰতি লক্ষ্য ৰাখি এই নদীদ্বীপক পিকক আয়লেণ্ড বা ময়ূৰ নদীদ্বীপ বুলি নামাকৰণ কৰিছিল।
হিন্দু উপনিষদ অনুযায়ী, শিৱই তেওঁৰ পত্নী পাৰ্ৱতীৰ সুখ আৰু আনন্দৰ বাবে এই নদীদ্বীপটো সৃষ্টি কৰিছিল।কালিকা পুৰাণৰ এক আখ্যান মতে সতীৰ মৃত্যুৰ পিছত শিৱ ঘোৰ তপস্যাত নিমগ্ন আছিল। শিৱৰ তপস্যা ভাঙিবলৈ দেৱতা সকলে কামদেৱৰ সহায় ললে। তপস্যা ভংগ হোৱাত ক্ৰোধিত শিৱয়ে কামদেৱক এই স্থানতে ভস্ম কৰে। সেয়ে ইয়াৰ অন্য এক নাম হল ভস্মাঞ্চল।
উমানন্দ দ্বীপত বিভিন্ন প্ৰজাতিৰ সোণালী বান্দৰ পোৱা যায়।
যাতায়াত ব্যৱস্থা
গুৱাহাটী উচ্চ ন্যায়লয়ৰ ওচৰত অৱস্থিত প্ৰায় কাছাৰী ঘাট বা উমানন্দৰ পৰা উপলব্ধ ফেৰীৰে প্ৰায় ১০ মিনিটৰ যাত্ৰাৰ অন্তত নদীদ্বীপটোত উপস্থিত হ'ব পাৰি।
পৰিদৰ্শনৰ বাবে সঠিক সময়
উমানন্দ মন্দিৰত প্ৰতিবছৰে মহা শিৱৰাত্ৰি পূজা জাক জমকতাৰে পালন কৰা হয়। মন্দিৰ বা নদীদ্বীপলৈ অহাৰ কোনো বিশেষ সময় নাথাকে যদিও সোমবাৰে শিৱ বাৰ বা শিৱৰাত্ৰিৰ দিনা ভক্তপ্ৰাণ ৰাইজে মন্দিৰত সেৱা কৰিবলৈ আহে। তদুপৰি নৱ বিৱাহিত দম্পতীয়ে মহাদেৱৰ পৰা আশীষ ল'বলৈ উমানন্দলৈ আহে
জনসংখ্যাৰ ফালৰ পৰা সবাতোকৈ বৃহৎ আৰু ক্ষেত্ৰফলৰ ফালৰ পৰা দ্বিতীয় স্থানত অৱস্থান কৰা অসম উত্তৰ-পূব ভাৰতত অৱস্থিত| অসমে ৭৮৪৩৮ বৰ্গ কি.মি. (৩০২৮৫ বৰ্গমাইল) ক্ষেত্ৰফল জুৰি আছে| ৰাজ্যখনক উত্তৰে, ভূটান আৰু অৰুণাচল প্ৰদেশ; পূবে, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু মণিপুৰ; দক্ষিণে, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম আৰু বাংলাদেশ; আৰু পশ্চিমে পশ্চিমবঙ্গই আৱৰি আছে। অসমৰ এক উল্লেখযোগ্য ভৌগোলিক বিশেষত্ব হ'ল যে, ভাৰতৰ ছটা ভূ-বিভাগৰ ভিতৰত ইয়াত তিনিটা ভূ-বিভাগ অর্থাৎ উত্তৰ হিমালয় (পূব পৰ্বতমালা), উত্তৰ সমতলীয় ভূমি (ব্ৰহ্মপুত্ৰ সমতল)আৰু দক্ষিণ মালভূমি (কাৰ্বি আংলং) অৱস্থিত।