২২ জানুৱাৰী ২০১৫ তাৰিখে হাৰিয়ানাৰ পানিপটত মাননীয় প্ৰধানমন্ত্ৰীয়ে বেটী বচাওঁ, বেটী পঢ়াও আঁচনিখন উন্মোচন কৰে। নাৰী বা শিশুজনীত সমস্যা সমূহ আঙুলিয়াই দিয়াৰ ক্ষেত্ৰত গ্ৰহণ কৰা এই আঁচনিখন এক বৃহৎ পদক্ষেপ। ইয়াৰ দ্বাৰা দীৰ্ঘ সময় ধৰি মহিলা সকল প্ৰভাৱিত হ'ব লগতে আৰু প্ৰতিকূল তথা হ্ৰাস কাৰী শিশু লিংগানুপাতৰ প্ৰৱণতা সংৰক্ষণ হ'ব।
উদ্দেশ্য:
বেটী বচাওঁ বেটী পঢ়াও আঁচনিখন ৰূপায়ণ কৰাৰ সম্পূৰ্ণ লক্ষ্য হৈছে কন্যা শিশুৰ জন্ম আৰু তাইৰ শিক্ষাৰ বিষয়টো উদযাপন কৰা। তলত এই আঁচনিৰ উদ্দেশ্য সমূহ উল্লেখ কৰা হ'ল:
১. বৈষম্যমূলক লিংগ নিৰ্ণায়ক পদ্ধতি প্ৰতিৰোধ কৰা।
২. কন্যা সন্তানৰ জীৱন বৰ্ত্তি থকাৰ লগতে তেওঁলোকক সুৰক্ষা সুনিশ্চিত কৰা।
৩. কন্যা সন্তানৰ শিক্ষা সুনিশ্চিত কৰা।
গুৰুত্বপূৰ্ণ লিংক:
নতুন কৈ উৎপত্তি হোৱা ক'ৰোণা ভাইৰাছ বা ক'ভিড ১৯ হৈছে এবিধ সংক্ৰমিত ৰোগ। ক'ৰোণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত অধিকাংশ লোকে মৃদু বা মধ্যমীয়া ধৰণে স্বাস-প্ৰস্বাসজনিত অসুবিধাৰ সন্মুখীন হ'য় যদিও কোনোধৰণৰ বিশেষ চিকিৎসাৰ অবিহনেই সুস্থ হৈ উঠে। কিন্তু বয়সস্থ বা দীৰ্ঘদিন ধৰি ভূগি থকা হৃদ ৰোগ, মধুমেহ, পুৰণি স্বাস প্ৰস্বাসজনিত ৰোগ বা কৰ্কট আদি অন্তৰ্নিহিত বেমাৰ থকা লোকসকলৰ পক্ষে এই ভাইৰাছ বিধৰ সংক্ৰমণৰ আশংকা তুলনামূলকভাবে বেছি।
ক'ভিড-১৯ ভাইৰাছ বিধৰ বিষয়ে ভালদৰে জ্ঞাত হোৱাৰ লগতে ই কেনেধৰণৰ বেমাৰৰ কাৰক হ'ব পাৰে লগতে কেনেদৰে মানুহৰ দেহত বিয়পে এই সন্দৰ্ভত নিজৰ লগতে আনকো অৱগত আৰু সজাগ কৰি তোলাই হৈছে সংক্ৰমণ প্ৰতিৰোধ তথা লেহমীয়া কৰাৰ সৰ্বোত্তম উপায়। সঘনাই চাবোনেৰে হাত ধোৱা, এলক'হ'ল যুক্ত ছেণীটাইজাৰ ব্যৱহাৰ, চকু, নাক, মুখ স্পৰ্শ কৰাৰ পৰা বিৰত থকা, মাস্ক পৰিধান আৰু দূৰত্ব বজাই ৰখা ইত্যাদিবোৰ সতৰ্কতা অৱলম্বন কৰি নিজৰ লগতে আনকো ক'ৰোণো ভাইৰাছৰ সংক্ৰমণৰ পৰা দূৰত ৰাখিব পৰা যায়।