মধ্যযুগীয় সময়ৰ গুৰুত্বপূর্ণ ঐতিহাসিক আৰু সাংস্কৃতিক নিদর্শনৰ সাক্ষী হিচাপে অসমত অসংখ্য মন্দিৰ আৰু স্মৃতিস্তম্ভ আছে। অসমৰ বহুতো প্ৰাচীন হিন্দু মন্দিৰৰ পৌৰাণিক কাহিনী আছে। অসম হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ দৰে বৈষ্ণৱ গুৰুসকলৰ দেশ। বিভিন্ন দেৱ-দেৱীৰ মন্দিৰ দেখিবলৈ পোৱা, অসমৰ কেইটামান জনপ্রিয় মন্দিৰৰ বর্ণনা তলত উল্লেখ হ'ল।
অসমৰ গুৱাহাটী চহৰৰ পশ্চিমাংশত নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰটো ভাৰতৰ ৫১ টা শক্তিপীঠৰ ভিতৰত এটা প্রাচীনতম শক্তিপীঠ। মূল মন্দিৰটোৰ চাৰিও কাষে দহটা মহা বিদ্যাক উৎসৰ্গীকৃত পৃথক মন্দিৰৰ দ্বাৰা আবেষ্টিত কালী, তাৰা, শোড়শী, ভুৱনেশ্বৰী, ভৈৰৱী, ছিন্নমস্তা, ধূমাৱতী, বগলামুখী, মাতঙ্গী আৰু কমলাত্মিকা। .
তন্ত্ৰ পূজাৰ কেন্দ্র হোৱা এই মন্দিৰটোৱে অম্বুবাচী মেলা নামে পৰিচিত বাৰ্ষিক উৎসৱত হাজাৰ হাজাৰ তন্ত্ৰ ভক্তক আকৃষ্ট কৰে। অন্য এটা বাৰ্ষিক উদযাপন হ'ল মনসা পূজা। শৰৎ কালত নৱৰাত্রীৰ সময়ত কামাখ্যাত প্রতি বছৰে দুৰ্গাপূজা উদযাপিত হয়। পাঁচ দিনৰ এই উৎসৱটোত ভালেমান দর্শনাৰ্থীক আকৰ্ষণ কৰে।
অসমৰ গোলাঘাট জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা প্রায় দেৰ কিলোমিটাৰ উত্তৰে এটা টিলাৰ ওপৰত নেঘেৰিটিং শিৱ দৌলটো অৱস্থিত।
মন্দিৰটো প্ৰথমে কছাৰীয়ে খ্রীষ্টীয় ৮ম-৯ম শতাব্দীৰ ভিতৰত তৈয়াৰ কৰিছিল। যদিও, এইটো প্ৰাকৃতিক দুৰ্যোগত বহুবাৰ ধ্বংস হৈ যায় আৰু মন্দিৰৰ বৰ্তমান ৰূপটো আহোম ৰজা ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিলে। সুন্দৰভাবে সজোৱা শিৱ দৌলটোৰ চাৰিও কোণত চাৰিটা ক্ষুদ্র দৌলৰ দ্বাৰা সজ্জিত। শিৱ দৌলৰ সৈতে সংলগ্ন প্রায় ৩ফুট ব্যাসৰ বান লিঙ্গক লৈ গঠিত য’ত গণেশ, বিষ্ণু, দুৰ্গা আৰু সূৰ্য আদি ক্ষুদ্র দৌলবোৰ নিৱিষ্ট।
শিৱসাগৰৰ প্ৰাণকেন্দ্ৰ বৰ পুখুৰীৰ পাৰত অৱস্থিত শিৱ দৌলটো, শিৱ দৌল, বিষ্ণু দৌল আৰু দেৱী দৌলৰ সৈতে অন্তর্ভূক্ত সংগ্রহালয় তথা তিনিটা হিন্দু মন্দিৰৰ আন্তঃগাঁথনিৰে গঠিত এক সমন্বয়ৰ কৃতিচিহ্ন। শিৱ দৌল, বিষ্ণু দৌল, দেৱী দৌল ক্রমে ভগৱান শিৱৰ, ভগবান বিষ্ণুৰ আৰু দেৱী দুৰ্গাৰ দ্বাৰা নিৱিষ্ট।
৮ ফুট ওখ সোণৰ-গম্বুজৰ দ্বাৰা সুসজ্জিত, শিৱ দৌলৰ উচ্চতা ১০৪ ফুট আৰু মন্দিৰৰ ভেটিৰ পৰিধি হিচাপে ১৯৫ ফুট।
প্রতি বছৰ মহা শিৱৰাত্ৰিৰ সময়ত শিৱ মন্দিৰটোত বিশাল মেলাৰ আয়োজন কৰা হয় আৰু পূজা আগৱঢ়াবলৈ ভাৰতৰ বিভিন্ন স্থানৰ পৰা ভক্তপ্রাণ ৰাইজৰ আগমন ঘটে। শাওঁন (আগষ্ট-ছেপ্টেম্বৰ)মাহত, হিন্দুসকলে সমগ্র নিশা কীৰ্ত্তন আৰু জপ কৰা হৰে কৃষ্ণ মন্ত্ৰই হৈছে ভক্তসকলৰ আকৰ্ষণৰ কেন্দ্র বিন্দু।
দৌলযাত্ৰা আৰু ৰথযাত্ৰা হল বিষ্ণু দৌলৰ দুটি বাৰ্ষিক উৎসৱ। দেৱীদৌলত প্রতি বছৰ ছেপ্টেম্বৰ-অক্টোবৰ মাহত দুৰ্গাপূজা যথেষ্ট উৎসাহেৰে পালন কৰা হয়।
কেদাৰেশ্বৰ মন্দিৰটো ১৭৫৩ চনত আহোম ৰজা ৰাজেশ্বৰ সিংহৰ দ্বাৰা নিৰ্মিত ভগৱান শিৱক উৎসৰ্গীকৃত এটা গুৰুত্বপূৰ্ণ মধ্যযুগীয় মন্দিৰ। এই মন্দিৰটো গুৱাহাটীৰ পৰা প্রায় ৩২ কিলোমিটাৰ দূৰত্বত হাজোৰ মদন চালা পাহাৰৰ টিলাত অৱস্থিত। এইটো এটি বিৰল স্বয়ম্ভু (স্ব-উৎস) ভগবান শিৱৰ অর্ধ নাৰেশ্বৰ (পুৰুষ আৰু মহিলা) লিঙ্গবোৰৰ ভিতৰত অন্যতম এটা মন্দিৰ। ‘লিঙ্গ’টো পুৰোহিতসকলে ধাতৱৰ বাটিৰে ঢাকি ৰাখিছে।
অশ্বক্ৰান্ত মন্দিৰটো ভগৱান বিষ্ণুৰ অন্যতম গুৰুত্বপূৰ্ণ মন্দিৰ। সৰ্পত অধিষ্ঠিত ভগৱান বিষ্ণুক অনন্তশয়ন বিষ্ণু বোলা হয়।
মন্দিৰটো অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত শৈল পৃষ্ঠত অৱস্থিত। বিশ্বাস অনুযায়ী ইয়াত দর্শন কৰিলে এজন ব্যক্তিৰ সমস্ত পাপ খণ্ডন হোৱাৰ লগতে তেওঁ মোক্ষ অৰ্জন (পৰিত্রাণ লাভ)কৰিবলৈ সক্ষম হয়।
জনশ্ৰুতি অনুসাৰে, শ্ৰীকৃষ্ণই এই স্থানৰ অধিপতি নৰকাসুৰক হত্যা কৰাৰ আগতে তেওঁৰ সেনাবাহিনী আৰু ঘোৰা লৈ এই ঠাইত ৰৈছিল। "অশ্বক্ৰান্ত" শব্দটোৰ অর্থ "ঘোৰাৰ দ্বাৰা আৰোহণ" আৰু সেইবাবে মন্দিৰটোৱে এই নাম লাভ কৰে। মন্দিৰটো ইয়াৰ অপূৰ্ণ প্ৰাকৃতিক সৌন্দৰ্য আৰু আকৰ্ষণৰ বাবে পৰিচিত।
গুৱাহাটী চহৰৰ দক্ষিণ-পূৱ কোণত অৱস্থিত বশিষ্ঠ মন্দিৰটো ১৭৬৪চনত আহোম ৰজা ৰাজেশ্বৰ সিংহৰ দ্বাৰা নিৰ্মিত এটা শিৱ মন্দিৰ। বশিষ্ঠ আশ্ৰমত অৱস্থিত বশিষ্ঠ মন্দিৰৰ ইতিহাস বৈদিক যুগৰ।.
এই মন্দিৰটো বিখ্যাত ঋষি বশিষ্ট মুনিৰ আশ্রয়স্থল বুলি বিশ্বাস কৰা হয়, বাবে "বশিষ্ঠ" নামেও পৰিচিত। গুৱাহাটীৰ গড় ভাঙ্গা ৰিজাৰ্ভ ফৰেষ্টৰ উপকণ্ঠত এই মন্দিৰটো আছে, য’ত হাতীৰ সংখ্যা প্ৰচুৰ। যদিও লোকসকলে মন্দিৰত উপাসনা কৰে কিন্তু এতিয়াও ঋষি বশিষ্ঠই ধ্যান কৰা গুহাটো মন্দিৰৰ পৰা ৫ কিলোমিটাৰ নিলগত অৱস্থিত বুলি বিশ্বাস কৰা হয়।
মন্দিৰটো মেঘালয় পাহাৰৰ পৰা উৎপন্ন জলধাৰাৰ তীৰত অৱস্থিত, যিটো ধাৰা চহৰখনৰ মাজেৰে প্ৰৱাহিত হৈ বশিষ্ঠ আৰু বাহিনী / ভৰলু নদীত পৰিণত হয়।
সন্ত-সংস্কাৰক মাধৱদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত ঢেঁকীয়াখোৱা বৰ নামঘৰ যোৰহাট জিলাত অৱস্থিত। তেওঁ তাত এগচি মাটিৰ প্রদীপ জ্বলাইছিল, যিটো সম্পূৰ্ণভাবে পুৰোহিতসকলৰ দ্বাৰা সৰিয়হৰ তেলেৰে পুনাৰায় পূৰ কৰি ধর্মীয়ভাবে সঞ্চাৰিত হোৱা দিনৰ পৰা অনৰ্গল জ্বলি আছে। এই নামঘৰ যোৰহাট জিলাৰ ঢেঁকীয়াখোৱা গাওঁ, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যোৰহাট জিলাৰ ১৫ কি.মি পূৱে, যোৰহাট চহৰৰ পৰা ৩.৫ কি.মি দূৰত্বত অৱস্থিত। এই নামঘৰটো ঐতিহাসিক সংযুক্তি আৰু বৃহৎ প্ৰাংগণৰ কাৰণে বৰ নামঘৰ নামে পৰিচিত।
ঢেঁকীয়াখোৱা বৰ নামঘৰৰ এক উপাখ্যান আছে। গুৰু মাধৱদেৱে লোকসকলক সংস্কাৰ কৰা আৰু নাম ধর্ম প্রচাৰৰ দায়িত্ব গ্ৰহণৰ পিছতেই এই সৰু আৰু অতি দুখীয়া গাওঁখনত থাকিবলৈ আহিছিল। তেওঁ এক বৃদ্ধ মহিলাৰ জুপুৰিত ৰাতিটোৰ বাবে আশ্রয় লৈছিল, যিয়ে ঢেঁকীয়া শাক (এবিধ খুব সাধাৰণ বনৰীয়া শাক, কিন্তু খুব জনপ্রিয় আৰু এটি চমৎকাৰ সোৱাদ থকা)ৰ সৈতে আহাৰ পৰিবেশন কৰিছিলে। বৃদ্ধ মহিলাই এইদৰে গুৰুৰ সেৱা কৰাৰ পিছত খুব বিব্ৰত বোধ কৰিছিল আৰু নিশাৰ আহাৰ পৰিবেশনত অত্যন্ত আনন্দিত হৈছিলে। সেইবাবে তেওঁ সেই ঠাইত এটা নামঘৰ স্থাপন কৰিছিল আৰু বৃদ্ধা মহিলাজনীক মাটিৰ প্রদীপ জ্বলোৱাৰ দায়িত্ব দিছিল। এই কাৰনেই নামঘৰটো পিছলৈ ঢেকীয়াখোৱা নামঘৰ নামেৰে পৰিচিত হ’ল। এই স্থান খনো পিছলৈ নামঘৰৰ নামেৰে নামাংকিত কৰা হৈছিল।
প্ৰতিদিনে প্ৰচুৰ দর্শনার্থী আৰু ভক্তবৃন্দই, বিশেষকৈ পবিত্ৰ ভাদ মাহত (আগষ্ট-ছেপ্টেম্বৰ)গুৰু শ্রীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱ উভয়ৰে মৃত্যু বাৰ্ষিকী হিচাপে নামঘৰটোত সমবেত হয়।
ভৈৰৱী মন্দিৰটো অসমৰ তেজপুৰৰ কলীবাৰীৰ উপকণ্ঠ অঞ্চলত অৱস্থিত। মন্দিৰটো সিদ্ধপীঠ হিচাপে প্রসিদ্ধ, য’ত লোক সকলে প্ৰাৰ্থনা কৰে আৰু মা ভৈৰৱীৰ আশীৰ্বাদত তেওঁলোকৰ ইচ্ছা পূৰণ কৰে। জনশ্রুতি আছে যে ৰজা বানাসুৰৰ কন্যা ঊষাই নিয়মিত ইয়াতে দেৱীৰ উপাসনাৰ বাবে আহিছিল। এই মন্দিৰত খুব জাক-জমকতাৰে দুৰ্গাপূজা উদযাপন কৰা হয়। এই মন্দিৰত এতিয়াও নিয়মিতভাবে ছাগলী, হাঁহ, পাৰ ইত্যাদিৰ বলি উৎসৰ্গা কৰা হয়।
অসমৰ গুৱাহাটী চহৰেৰে প্ৰৱাহিত ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত "উমানন্দ" হ'ল বিশ্বৰ সকলোতকৈ ক্ষুদ্র নদী দ্বীপ। ব্ৰিটিছসকলে এই দ্বীপটোৰ গঠন অনুসৰি দ্বীপটোৰ নাম দিছিল পিকক দ্বীপ।
হিন্দু পুৰাণ অনুসাৰে, শিৱই তেওঁৰ পত্নী পাৰ্বতীৰ সুখ আৰু আনন্দৰ বাবে এই দ্বীপটো তৈয়াৰ কৰিছিলে। কথিত আছে যে শিৱই ইয়াত ভায়ানন্দ ৰূপে বাস কৰিছিলে। কালিকা পুৰাণৰ এটা পৌৰাণিক কাহিনী অনুসাৰে, শিৱৰ গভীৰ ধ্যানত বাধা দিয়াৰ সময়ত শিৱই কামদেৱক উমানন্দৰ ওপৰত তৃতীয় চকুৰে জ্বলাই দিছিল, সেয়েহে এই দ্বীপটো ভষ্মাচল নামেও পৰিচিত।
উমানন্দত মহা শিৱৰাত্ৰি ব্যাপকভাৱে পালিত হয়। সোমবাৰটো মন্দিৰৰ পবিত্ৰ দিন হিচাপে বিবেচনা কৰা হয় আৰু অমাবস্যাত তীৰ্থযাত্ৰীসকলে আনন্দ কৰে। গুৱাহাটী হাইকোর্টৰ ওচৰত অৱস্থিত উমানন্দ বা কাছাৰি ঘাটৰ পৰা ১০ মিনিটৰ ফেৰী যাত্ৰাৰে এই দ্বীপলৈ যাব পাৰি।.
উগ্ৰতাৰা মন্দিৰটো গুৱাহাটী চহৰৰ প্ৰাণকেন্দ্ৰ স্বৰূপ লতাশিলত যোৰ পুখুৰীৰ পশ্চিম দিশত অৱস্থিত দেৱী তাৰাক উৎসৰ্গা কৰা এটা গুৰুত্বপূৰ্ণ শক্তি মন্দিৰ। জনশ্রুতি আছে যে শিৱৰ প্ৰথম সঙ্গী সতীৰ নাভি এই মন্দিৰৰ সৈতে সম্পর্কিত।
বৰ্ত্তমানৰ উগ্ৰতাৰা মন্দিৰটো ১৭২৫ খ্রীষ্টাব্দত আহোম ৰজা শিৱ সিংহৰ দ্বাৰা নিৰ্মিত হৈছিল, যিয়ে মন্দিৰৰ পূৱদিশে অৱস্থিত যোৰ পুখুৰী নামে তিনি বছৰ আগতে এটা টেংকী খনন কৰিছিল, এই টেংকীটো এতিয়াও বিদ্যমান। মন্দিৰৰ ওপৰৰ অংশটো এটা ভয়াবহ ভূমিকম্পৰ ফলত ধ্বংস হৈছিল যদিও কোনো লোকে ব্যক্তিগতভাবে পুনৰ নিৰ্মাণ কৰিছিল।.
কালিকা পুৰাণৰ বৰ্ণনা মতে এটি শক্তি পীঠক ডিক্কাৰ ভাসিনী নামে পৰিচিত। ডিক্কাৰ ভাসিনীৰ দুটা ৰূপ আছে, তীক্ষ্ণ কন্থা আৰু ললিত কন্থা। তীক্ষ্ণ কন্থা ক’লা আৰু পেট যুক্ত, এওঁক উগ্র তাৰা বা একা জটা নামেৰেও সম্বোধন কৰা হয়। ললিত কন্থা কৰুণ ভাবে আকৰ্ষণীয়, এওঁ তাম্ৰেশ্বৰী নামেৰেও পৰিচিত।
উগ্ৰতাৰাৰ গৰ্ভ গৃহত তেওঁৰ কোনো চিত্র বা প্রতিমা নাই। পানীৰে ভৰা এটা সৰু গাতকে দেৱী হিচাপে বিবেচনা কৰা হয়। উগ্ৰতাৰা মন্দিৰৰ ওচৰত এটা শিৱালয় আৰু উভয় মন্দিৰৰ পিছফালে এটা পুখুৰী আছে।.
মহাভৈৰৱ মন্দিৰত শিৱ ভক্তি কৰা হয় আৰু অসমৰ তেজপুৰৰ উত্তৰ অংশৰ এটা টিলাতে অৱস্থিত। এই মন্দিৰটো প্ৰাক-ঐতিহাসিক সময়ত ৰাজা বান ৰজাৰ দ্বাৰা প্ৰতিষ্ঠিত হৈছিল বুলি বিশ্বাস কৰা হয়। মন্দিৰটো মূলত শিলৰ দ্বাৰা নিৰ্মিত হৈছিল কিন্তু বৰ্তমান এইটো সংস্কাৰ কৰা হৈছিল আৰু কংক্ৰিটৰ সাহায্যত নিৰ্মিত হৈছিল।
দূৰ-দূৰন্তৰ পৰা ভক্তসকল অহাৰ লগতে মহা শিৱৰাত্ৰি উৎসাহৰ সৈতে উদযাপিত হয়। ভাঙেৰে বিশেষভাৱে তৈয়াৰ কৰা এটা বিশেষ লাড়ু, ভাং আৰু গাখীৰ আৰু মছলা মিশ্রিত কৰা পদ্ধতি অনুসাৰে তৈয়াৰী ভোজ্য প্রস্তুতি শিৱক প্রসাদ দিয়া হয়। এই মন্দিৰত বিভিন্ন পূজাও পৰিচালিত হয়, পাৰবোৰ এৰি দিয়া হয় যিয়ে পূৰ্ব-পুৰুষসকলৰ চেতনা মুক্ত হোৱাৰ প্রতীক বহন কৰে।
তাম্ৰেশ্বৰী মন্দিৰটো অসমৰ উত্তৰ লক্ষীমপুৰ জিলাৰ শদিয়াত অৱস্থিত। মন্দিৰটোএই স্থানৰ পৰা ৭কিলোমিটাৰ দুৰত বনাঞ্চলত জৰা-জীৰ্ণ অৱস্থাত আছে। মন্দিৰটো নির্মাণৰ ৰীতিটো অনন্য য’ত সম্পূৰ্ণ গঠনটো মাত্ৰ এটা শিলেৰে সজোৱা, চিমেন্ট অবিহনে নিৰ্মিত। শিলটো কেৱল লোহাৰ-গজালৰ দ্বাৰা একেলগ কৰি ৰখা হৈছে কিন্তু ইয়াত কোনো ক্লেম নাই। মন্দিৰৰ আভ্যন্তৰীণ খণ্ডত পক্ষী, প্রাণী, ফুল আৰু উত্তম জ্যামিতিক ডিজাইনেৰে কৰা দুৰ্দান্ত ভাস্কৰ্য যুক্ত চিত্র আছে।
নবগ্রহ মন্দিৰটো অসমৰ গুৱাহাটী চহৰৰ দক্ষিণ পূৱ অংশৰ চিত্রাচল পাহাৰত অৱস্থিত। মন্দিৰটো নবগ্রহ-হিন্দু জ্যোতিৰ্বিদ্যাৰ নটা(৯)প্রধান আকাশৰ সৌৰমণ্ডলৰ(গ্রহ) দ্বাৰা উৎসৰ্গীকৃত। এই সৌৰ গ্ৰহৰ নাম সূৰ্য (Sun), চন্দ্র (Moon), মঙ্গল (Mars), বুধ (Murcury), বৃহস্পতি (Jupiter), শুক্র (Venus), শনি (Saturn), ৰাহু (North Lunar Nade) আৰু কেতু (South Lunar Node)।.
মন্দিৰটো জ্যোতিষ শাস্ত্র আৰু জ্যোতি ৰ্বিজ্ঞান উভয়ৰে গৱেষণা কেন্দ্র। এইমন্দিৰৰ মিনাৰ আৰু ইয়াৰ এটা ডাঙৰ অংশ পূৰ্বৰ ভূমিকম্পৰ দ্বাৰা ধ্বংস হৈ গৈছিল, কিন্তু পিছত এইটো পুনঃৰ্নিৰ্মাণ হৈছিল। বৰ্তমানৰ এই মন্দিৰটো ৰজা ৰাজেশ্বৰ সিংহই ১৭৫২ চনত তৈয়াৰ কৰিছিল। গৰ্ভগৃহ বা মন্দিৰৰ অভ্যন্তৰীণ অংশটো ভূমিকম্পৰ পৰা বাচি গৈছিল, আৰু ওপৰৰ অংশটো ঢৌ খোৱা লোহাৰ চিটেৰে পুনৰ নিৰ্মাণ কৰা হৈছিল।
অসমৰ তেজপুৰ চহৰৰ পৰা কিছু কিলোমিটাৰ পশ্চিমে দ-পৰ্বতীয়া গাওঁত মন্দিৰটো অৱস্থিত, এইটো অসমৰ অন্যতম প্রাচীন হিন্দু মন্দিৰ য’ত স্থাপত্যশৈলী বৈভৱৰ উত্তম প্ৰতিনিধিত্ব উপস্থাপনৰ বাবে পৰিচিত। দ-পৰ্বতীয়া মন্দিৰৰ দৰ্জা ফ্রেমৰ ধ্বংসাৱশেষৰ আকাৰ অসমৰ ভাস্কৰ্য বা মূৰ্ত্তিকলা শিল্পৰ বাবে বিখ্যাত।
১৯২৪ চনত ইয়াত কৰা প্রত্নতাত্ত্বিক খননবোৰত ব্যাপক নক্সাৰ সৈতে শিলৰ দৰ্জাৰ ফ্ৰেমৰ ৰূপত ষষ্ঠ শতাব্দীৰ প্ৰাচীনতাৰ বিষয়ে জানিব পাৰি আৰু আহোমৰ আমোলত নিৰ্মিত মন্দিৰৰ ধ্বংসাবশেষবোৰ প্রাচীন মন্দিৰৰ ভিত্তিবোৰৰ ওপৰত নিৰ্মিত আৰু এইবোৰৰ গৰ্ভগৃহত পাথৰ বিশিষ্ট বিন্যাস পৰিকল্পনা আৰু এটা মণ্ডপৰ আকাৰত আছে। এই সমষ্টি ভাৰতৰ প্রত্নতাত্ত্বিক জৰীপৰ আওতাধীন আৰু ইয়াৰ গুৰুত্ব আৰু উল্লেখ যোগ্যতা প্ৰাচীন স্মৃতি সৌধ আৰু প্রত্নতাত্ত্বিক চাইট আৰু অৱশিষ্ট আইন ১৯৫৮ অনুসাৰে লিপিবদ্ধ।
শুক্ৰেশ্বৰ মন্দিৰটো অসম ৰাজ্যৰ এটা গুৰুত্বপূৰ্ণ শিৱ মন্দিৰ যিটো ১৭৪৪ চনত আহোম ৰজা প্রমত্ত সিংহৰ দ্বাৰা নিৰ্মিত হৈছিল। ৰজা ৰাজেশ্বৰ সিংহ যয়ে শৈৱ ধর্মৰ কাৰণে উৎসাহিত কৰিছিন তেওঁ ১৭৫৯ চনত শুক্ৰেশ্বৰ মন্দিৰৰ বাবে আর্থিক বিধান কৰিছিল। মন্দিৰৰ চোতালৰ পৰা নামি ব্রহ্মপুত্র নদীৰ দিশে দীর্ঘ পথ অৱলম্বন কৰা হয়, যি ঠাইৰ পৰা বিশ্বৰ সকলতকৈ ক্ষুদ্র নদী দ্বীপ উমানন্দ চাব পাৰি, বা নদীৰ ওপৰত সূৰ্য অস্ত যোৱাৰ দৃশ্য উপভোগ কৰা, নদীৰ ওপৰত নৌকা চলাফুৰা কৰা, লোকে তেওঁলোকৰ আত্মীয়সকল যিয়ে এই পৃথিৱী এৰি গৈছে তেওঁলোকৰ সম্মানাৰ্থে পূজা কৰা, শিশু আৰু বয়স্ক ব্যক্তিসকলে স্নান কৰা, চহৰৰ হুলস্থুলৰ পৰা আঁতৰলৈ যোৱা, আদি উপভোগ কৰিব পাৰি।
গুৱাহাটী চহৰৰ পানবজাৰ এলেকাত ব্রহ্মপুত্র নদীৰ দক্ষিণ পাৰত শুক্ৰেশ্বৰ বা ইটাখুলি পাহাৰত মন্দিৰটো অৱস্থিত।
হায়গ্রীব মাধৱ মন্দিৰ অসমৰ গুৱাহাটী চহৰৰ পশ্চিমত প্ৰায় ৩০ কিলোমিটাৰ দুৰত, হাজো চহৰৰ মণিকুতা নামে এখন পাহাৰত অৱস্থিত। মন্দিৰটোত ভগৱান বিষ্ণুৰ ছৱি এটা সুনিশ্চিত কৰে, যিটোৱে পুৰীত(উড়িষ্যা) থকা ভগৱান জগন্নাথৰ চিত্রৰ অনুৰূপ। এই মন্দিৰটো, বৌদ্ধধর্ম অনুসৰণকাৰী হিন্দু, বৌদ্ধ লামা আৰু ভুটীয়াসকলৰ এখন প্রধান তীর্থস্থান হিচাপেও বিবেচিত হয়। বিশ্বাস কৰা হয় যে ভগৱান বুদ্ধি এই স্থান নির্বান বা মোক্ষ অর্জন কৰিছিল।
এই মন্দিৰৰ প্ৰৱেশদ্বাৰতো গ্রেনাইটেৰ ব্লকেৰে তৈয়াৰ কৰা আৰু প্রায় ১০ ফুট ওখ আৰু প্ৰস্থ ৫ ফুট। মন্দিৰৰ বহিৰাংশত দহটা অৱতাৰক উপস্থাপন কৰি বিশাল ভাস্কর্য যুক্ত মূর্তি আছে, যাৰ ভিতৰত নৱমত বুদ্ধ আছে।
মন্দিৰৰ কাষত মাধৱ পুখুৰী নামে পৰিচিত এটা ডাঙৰ পুখুৰী আছে য’ত মানুহবোৰে মাছ আৰু কাছক খাদ্য প্ৰদান কৰে। দৌল, বিহু আৰু জন্মাষ্টমী উৎসৱ প্রতি বছৰে মন্দিৰটোত পালন কৰা হয়।
টিলিঙা মন্দিৰটো অসমৰ তিনিচুকীয়া জিলাৰ পৰা ৭ কিলোমিটাৰ দূৰৰ এখন সৰু চহৰ বৰডুবিত অৱস্থিত। এইটো উজনি অসমৰ শিৱক উৎসৰ্গীকৃত এটা বিখ্যাত মন্দিৰ। টিলিঙাৰ অর্থ ‘বেল’ আৰু মন্দিৰৰ অর্থ অসমীয়াত ‘মন্দিৰ’ আৰু সেইবাবে মন্দিৰটো “বেল মন্দিৰ” বা “টিলিঙা মন্দিৰ” নামে পৰিচিত। এই মন্দিৰটোৰ ভিতৰত সকলতকৈ বেছি বেলৰ সংগ্রহ আছে আৰু সকলোধৰণৰ ঘন্টাৰ বৃহৎ সংগ্রহালয় বাবে এই মন্দিৰটোৱে “লিমকা বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত” স্থান পাইছে। ৫০ গ্ৰামৰ পৰা ৫৫ কে.জি ওজনৰ ভিতৰত বিভিন্ন আকাৰৰ তাম, ব্রঞ্জ, পিতল আৰু এলুমুনিয়ামৰ ঘন্টা ইয়াত আছে।
১৯৬৫ চনত, এতিয়া য’ত টিলিঙা মন্দিৰ অৱস্থিত সেই ঠাইত স্থানীয় বাসিন্দাসকলে লক্ষ্য কৰিলে বটগছ এজোপাৰ কাষত মাটিৰ পৰা এটা শিৱলিঙ্গ উদিত হৈছে। হিন্দু পৌৰাণিক কাহিনী অনুসাৰে, বটবৃক্ষ বোৰক "কল্পবৃক্ষ" বা "মনৰ ইচ্ছা পূর্ণ কৰা গছ" বুলি ভবা হয় আৰু বিশ্বাস কৰা হয় যে কোনোৱে যদি টিলিঙা মন্দিৰৰ বটগছ জোপাত এটা ঘণ্টা ওলোমাই ৰাখে তেনেহ’লে তেওঁৰ ইচ্ছা সত্য হব। এইটো জনপ্রিয়তাৰে বিশ্বাস কৰা হয় যে যদি ভক্ত বা দর্শনার্থীৰ মনোবাঞ্চা পূৰ্ণ হয়, তেন্তে টিলিঙা মন্দিৰলৈ ঘূৰি আহি এটা ঘণ্টা বান্ধিব লাগিব।
সোমবাৰটো এটা বিশেষ জনপ্রিয় দিন হিচাপে গণ্য কৰা হয় যদিও, তীর্থযাত্রীসকলে গোটেই বছৰ জুৰি এই মন্দিৰলৈ যায়।
মহামায়া মন্দিৰ বা বগৰি বাৰীৰ মহামায়া থান হিন্দু উপাসনাৰ এটা পবিত্র স্থান। এই পবিত্র মন্দিৰটো অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত। এই থানখন ধুবুৰী চহৰৰ পৰা ৩০ কি.মি, আৰু বিলাসীপাৰা চহৰৰ পৰা ১০ কি.মি নিলগত অৱস্থিত। এই থানখন গুৱাহাটীৰ সৈতে ৰাস্তাৰে আৰু ৰে’লপথেৰে খুব ভালদৰে সংযুক্ত। এই থানখন ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আছে আৰু যাতায়তৰ বাবে বাছ, টেক্সী সেৱা উপলব্ধয। প্রাচীন হিন্দু মন্দিৰটো ধর্মীয় তাৎপৰ্যৰ বাবে বিখ্যাত আৰু ইয়াৰ এটা সমৃদ্ধ সংস্কৃতি আৰু ঐতিহাসিক ঐতিহ্য আছে। এইটো সৰ্বশ্রেষ্ঠ শক্তি পীঠবোৰৰ ভিতৰত অন্ত্যতম পীঠ আৰু প্রতি বছৰে বহুতো তীর্থযাত্রী আৰু পৰ্যটকক আকর্ষণৰ কেন্দ্রস্থল হৈ পৰে।
মহামায়া মন্দিৰটো পশু উৎসৰ্গাৰ ৪০০ বছৰ পুৰণি পৰম্পৰাৰ বাবে বিখ্যাত, বিশেষকৈ দুৰ্গা পূজাৰ সময়টো। মন্দিৰ পৰিসৰত দেৱী কালী আৰু ভগৱান হনুমানৰ এটা ঐতিহ্যমণ্ডিত মূৰ্তি আছে যিবোৰ পৰ্যটকসকলৰ বাবে এক অতিৰঞ্জনৰ বিষয়।
মহামায়া দেৱীৰ সৈতে যুক্ত আৰু এটা উপাসনাস্থল হ'ল মহামায়া স্নান ঘাট মন্দিৰ, যিটো মূল মহামায়া মন্দিৰৰ পৰা কেই কিলোমিটাৰমান দূৰত অৱস্থিত। প্রাচীনকালত, স্থানীয় লোকসকলৰ বিশ্বাস এই থানত দেৱী মহামায়াই স্নান কৰিছিল। সেই সময়ৰ পৰা স্থানখনে মহামায়া স্নানাঘাট নামে পৰিচয় লাভ কৰে। প্রতি বছৰ জানুৱাৰী মাহত মন্দিৰৰ পুৰোহিতসকলে ইয়াত এটা শক্তি যজ্ঞ অনুষ্ঠিত কৰে।
জনসংখ্যাৰ ফালৰ পৰা সবাতোকৈ বৃহৎ আৰু ক্ষেত্ৰফলৰ ফালৰ পৰা দ্বিতীয় স্থানত অৱস্থান কৰা অসম উত্তৰ-পূব ভাৰতত অৱস্থিত| অসমে ৭৮৪৩৮ বৰ্গ কি.মি. (৩০২৮৫ বৰ্গমাইল) ক্ষেত্ৰফল জুৰি আছে| ৰাজ্যখনক উত্তৰে, ভূটান আৰু অৰুণাচল প্ৰদেশ; পূবে, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু মণিপুৰ; দক্ষিণে, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম আৰু বাংলাদেশ; আৰু পশ্চিমে পশ্চিমবঙ্গই আৱৰি আছে। অসমৰ এক উল্লেখযোগ্য ভৌগোলিক বিশেষত্ব হ'ল যে, ভাৰতৰ ছটা ভূ-বিভাগৰ ভিতৰত ইয়াত তিনিটা ভূ-বিভাগ অর্থাৎ উত্তৰ হিমালয় (পূব পৰ্বতমালা), উত্তৰ সমতলীয় ভূমি (ব্ৰহ্মপুত্ৰ সমতল)আৰু দক্ষিণ মালভূমি (কাৰ্বি আংলং) অৱস্থিত।