বিশেষভাবে উল্লেখিত অসমৰ ৫ খন ৰাষ্ট্ৰীয় উদ্যানৰ নাম তলত উল্লেখ কৰা হ'ল,
১. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
২. ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান
৩. ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান
৪. মানস ৰাষ্ট্ৰীয় উদ্যান
৫. নামেৰী ৰাষ্ট্ৰীয় উদ্যান
ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে সবিশেষ তলত উল্লেখ কৰা হ'ল
আকাৰ্ষণৰ কেন্দ্ৰবিন্দু: এলিফেন্ট চাফাৰীৰ সময়ত সদায় ৰাতিপুৱা এশিঙীয়া গঁড় আৰু দল হৰিণা দেখা পোৱা যায়। জীপ চাফাৰীৰ জৰিয়তে পৰ্যটকে কাৰ্বি আংলং পাহাৰৰ প্ৰাকৃতিক সৌন্দৰ্য্য, আদ্ৰভূমিত বিচৰণ কৰি থকা হাজাৰতকৈও অধিক স্থানীয় আৰু পৰিভ্ৰমী পক্ষী তথা অভয়াৰণ্যৰ চৌপাশে থকা বিভন্ন মনোমহা দৃশ্য উপভোগ কৰিব পাৰি।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশেষত্ব: ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ সৰ্ববৃহৎ অখণ্ডিত ভূমিখণ্ড যিবোৰ বানপানী উঠা ঘাঁহনি, জটিল পৰিৱেশ ব্যৱস্থাৰ ঘাঁহনি, য`ত ঘাঁহৰ পৰিস্থিতি তন্ত্ৰৰ মাধ্যমেৰে জৈৱ শৃংখলৰ বিভিন্ন পৰ্য্যায় স্পষ্ট ৰূপত পৰিলক্ষিত হয়।
স্তন্যপায়ী প্ৰাণী: পৃথিৱীৰ প্ৰায় ৭০ শতাংশ এশিঙীয়া গঁড়ৰ বাসস্থান হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। এই উদ্যানখন পৃথিৱীৰ ৭০% তকৈও বেছি গঁড়ৰ আবাস ভূমি। দেশত পোৱা বাঘৰ আটাইতকৈ ঘন বসতিপূৰ্ণ ঠাই হোৱা হেতুকে জীৱ বিলাক বাঘৰ চিকাৰ হয়। ভাৰতৰ ৬০% ম`হৰ আশ্ৰয় স্থল হোৱাৰ লগতে পূৰ্বদেশৰ জলাহত থকা হৰিণাৰ লগতে ভাৰতৰ ৬০ শতাংশতকৈও অধিক বন্য ম’হ তথা সাত প্ৰজাতিৰ কাছ আৰু দূৰা কাছৰ একমাত্ৰ আশ্ৰয়স্থল হৈছে এই উদ্যান। পূৰ্বৰ দল নাহৰফুটুকী বাঘ, মাছুৱৈ মেকুৰী, গেন্দেৰা, জহামাল, ক্ষুদ্ৰাকাৰৰ ভাৰতীয় জহামাল, শৰ পহু, সুগৰী পহু, মেথোন, মাটি গাহৰি, হলৌ বান্দৰ, টপামুৰীয়া বান্দৰ, অসমীয়া বান্দৰ, ভালুক, শিহু আদিকে সামৰি অন্যান্য গুৰুত্বপূৰ্ণ বন্যপ্ৰাণী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰিলক্ষিত হয়।
জৰীপ অনুসৰি ২০০৬ চনত এশিঙীয়া গড়ৰ সংখ্যা ১৮৫৫ টা, ২০০০ চনত দল হৰিণাৰ সংখ্যা ৪৬৮ টা, ২০০১ চলত বন্য ম’হৰ সংখ্যা ১৪৩১ টা, ২০০৫ চনত হাঁতীৰ সংখ্যা ১২৪৬ টা, আৰু ২০০০ চনত বাঘৰ সংখ্যা ৮৫ টা পোৱা গৈছে।
পক্ষী: কাজিৰঙাক বাৰ্ডলাইফ ইন্টাৰনেশ্যনেলৰ পৰা গুৰুত্বপূৰ্ণ পক্ষীক্ষেত্ৰ ৰূপে বিবেচিত কৰা হৈছে। বৰ্ত্তমানলৈকে ৪৮০ বিধ বিভিন্ন প্ৰজাতিৰ চৰাই চিনাক্ত কৰি উদ্যানত তথ্যভূক্ত কৰি সংৰক্ষণ কৰা হৈছে। চিলনী, বেংগল ফ্লৰিকেন, হৰ্ণবিল, শেন, বাজা, কুৰুৱা ইত্যাদি লুপ্তপ্ৰায় প্ৰজাতিৰ চৰাই।
জলচৰ জীৱ আৰু গছ-বন: বাৰমাহে পানীৰে বুৰগৈ থকা জলাশয় এই উদ্যানত ১৫০ টাৰো বেছি আছে, য`ত পানীৰ উচ্চতা অস্থায়ীভৱে বৃদ্ধি পায় ফলস্বৰূপে উৎপত্তি হয় বিচিত্ৰ জলজ গছ বন। ৩২ বিধৰো বেছি প্ৰজাতি চিনাক্ত কৰা হৈছে। ৬০ বিধৰো বেছি মাছ তথ্যভূক্ত কৰা হৈছে আৰু এই জলাশয়বোৰ মাছবোৰৰ কনী পৰাৰ বাবে উৎকৃষ্ট ঠাই।
যাতায়াত ব্যৱস্থা: যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ৯৭ কি.মি. দূৰত্বৰ ব্যৱধানত থকা নিকটতম বিমান বন্দৰ আৰু গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰ ২৩৯ কি.মি. দূৰত্বত অৱস্থিত। দাঁতিকাষৰীয়া নগৰ আৰু চহৰৰ পৰা কহৰালৈ পথৰ দূৰত্ব এনেধৰণৰ- যোৰহাটৰ পৰা ৮৯ কি.মি, গোলাঘাটৰ পৰা ৭৩ কি.মি., নগাওঁৰ পৰা ৯৬ কি.মি., বোকাখাতৰ পৰা ২১ কি.মি. আৰু গুৱাহাটী চহৰৰ পৰা ২১৯ কি.মি. ।
অতিথিশালা বা আবাসৰ ঠিকনা:
পৰ্যটক ল’জ আৰু ৰিজৰ্ট:
অসম পৰ্যটন বিভাগৰ অধীনত কহৰাত অৱস্থিত বনানী ল’জ, বনশ্ৰী ল’জ আৰু কুঞ্জবন ল’জ, দূৰভাষ সংখ্যা- ০৩৭৭৬ ২৬২৪২৩
অসম পৰ্যটন উন্নয়ন নিগমৰ অধীনত অৱস্থিত অৰণ্য ল’জ আৰু প্ৰশান্তি কূটীৰ, দূৰভাষ সংখ্যা- ০৩৭৭৬ ২৬২৪২৯
ব্যক্তিগত ল’জসমূহ: ৱাইল্ডগ্ৰাছ ৰিজৰ্ট, কহৰা, দূৰভাষ সংখ্যা- ০৩৭৭৬ ২৬২০৮৫, জি.এল ৰিজৰ্ট, বুঁঢ়াপাহাৰ, দূৰভাষ সংখ্যা- ০৩৭৭৬ ২৯৯৮২৩, দলফিন ল’জ, বোকাখাত, দূৰভাষ সংখ্যা-৯৪৩৫০ ৯৫৯৯১, কাজিৰঙা ল’জ, বোকাখাত, দূৰভাষ সংখ্যা- ০৩৭৭৬ ২৯৯৮২৩, ধনশিৰি ল’জ, কহৰা, দূৰভাষ সংখ্যা- ০৩৭৭৬ ২৬২৫০১, গ্ৰীণ ৰীড, কহৰা, দূৰভাষ সংখ্যা- ০৩৭৭৬ ২৬২৪১৭, মা কমলা ৰিজৰ্ট, কহৰা, দূৰভাষ সংখ্যা- ০৩৭৭৬ ২৬২৪৩৭,বাইল্ডলাইফ চো’চাইটি, দূৰভাষ সংখ্যা- ০৩৭৭৬ ২৬২৪৯৪, হ’লি দে হ’ম, কহৰা, বন হাবি, কহৰা, দূৰভাষ সংখ্যা- ০৩৭৭৬ ২৬২৬৭৫, আচাৰ্য, কহৰা, দূৰভাষ সংখ্যা- ০৩৭৭৬ ২৬২১৬৩
যোগাযোগ সম্পৰ্কীয় ঠিকনা:
যিকোনো সহায়ৰ বাবে: ক্ষেত্ৰ বিষয়া, কাজিৰঙা অঞ্চল, কহৰা, দূৰভাষ সংখ্যা- ০৩৭৭৬ ২৬২৪২৮, ক্ষেত্ৰ বিষয়া, পশ্চিম অঞ্চল, বাগুৰি, দূৰভাষ সংখ্যা- ০৩৬৭২ ২৮৩৪৬৩, ক্ষেত্ৰ বিষয়া, পূৰ্বাঞ্চল, আগৰাতলী, দূৰভাষ সংখ্যা- ০৩৭৭৬ ২৬৮০৩২, ক্ষেত্ৰ বিষয়া, বুঁঢ়াপাহাৰ অঞ্চল, ঘোঁৰাকাটি, দূৰভাষ সংখ্যা- ০৩৬৭২ ২৭৯০১২
তথ্য সম্পৰ্কীয় ঠিকনাৰ বাবে: সঞ্চালক, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ডাক-বোকাখাট, জিলা-গোলাঘাট, দূৰভাষ-(০৩৭৭৬)২৬৮০৯৫ (ও), ২৬৮০৮৬ (বা) ফেক্স-২৬৮০৯৫, ইমেইল- unicornis@sancharnet.in, মহকুমা বন বিষয়া, পূব অসম বন্যজন্তু বিভাগ, ডাক-বোকাখাট, জিলা গোলাঘাট, দূৰভাষ-(০৩৭৭৬)২৬৮০০৭ (ও) ২৬৮০৪১ (বা), এ চি এফ আৰু ডব্লিউ এল আৰ ও পূব অসম বন্য জন্তু বিভাগ, ডাক, বোকাখাট জিলা গোলাঘাট, দূৰভাষ-(০৩৭৭৬)২৬৮০০৭
ৱেবচাইট : Click here to visit the website.
দৰ্শনৰ কাৰণে উৎসৃষ্ট ঋতু: নবেম্বৰৰ পৰা এপ্ৰিললৈ
2. মানস ৰাষ্ট্ৰীয় উদ্যান
অসমৰ পশ্চিম প্ৰান্তত থকা হিমালয়ৰ পাদদেশৰ ভাৱৰ অঞ্চলত অৱস্থিত মানস ৰাষ্ট্ৰীয় উদ্যান মূলত: এখন সংৰক্ষিত ভূ-খণ্ড। ১৯২৮ চনৰ ১ অক্টোবৰত মানসক বন্যপ্ৰাণী অভয়াৰণ্যৰ মৰ্য্যদা দিয়া হয়। ইয়াৰ আগতে মানসক সংৰক্ষিত বনাঞ্চল হিচাপে গণ্য কৰা হৈছিল। পিছলৈ অৰ্থাৎ ১৯৭৪ চনত ইয়াত ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হয়। ১৯৮৫ চনত ইউনেস্ক’ই মানসক বিশ্ব ঐতিহ্যবাহী স্থান হিচাপে ঘোষণা কৰে। শেষত ১৯৯৫ চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্য্যদা প্ৰদান কৰা হয়। ১৯৯০ চনত মানস অভয়াৰণ্যক ৫০০ বৰ্গ কি.মি.ৰ এলেকাৰ সৈতে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে। এই উদ্যান চিৰাং ৰিপু হস্তী আৰক্ষণৰ ২৬০০ বৰ্গ কি.মি.ৰ এলেকাৰ মুখ্য ক্ষেত্ৰ ৰূপেও জনাজাত। মানস ৰাষ্ট্ৰীয় উদ্যানে বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত ১ নং অনুসূচী প্ৰজাতি হিচাপে ২২ বিধতকৈও অধিক লুপ্তপ্ৰায় প্ৰাণীক আশ্রয় দি সৰ্বোত্তম পৰ্যায়ৰ সুৰক্ষা প্ৰদান কৰা উদ্যান হিচাপে আনন্দ লাভ কৰে।
মানস ৰাষ্ট্ৰীয় উদ্যান ইযাৰ অদ্বিতীয় সৌন্দৰ্য্যৰ বাবে প্ৰসিদ্ধ। ইউনেস্ক’ই মানস ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ বুলি কৰা ঘোষণা বৰ্ত্তাই ৰাখিবলৈ এই উদ্যান অসাধাৰণ প্ৰাকৃতিক ঘটনাৰ লগতে ব্যতিক্ৰমী প্ৰাকৃতিক সৌন্দৰ্য্যতা আৰু নান্দনিক গুৰুত্ব ক্ষেত্ৰ হিচাপে অন্তৰ্ভুক্ত। ৫০০ ত কৈও অধিক প্ৰজাতিৰ পক্ষীৰ আশ্রয়স্থল হেতুকে এই উদ্যানখন গুৰুত্বপূৰ্ণ পক্ষী ক্ষেত্ৰ হিচাপেও পৰিচিত। মানস জৈৱ-বৈচিত্ৰ ইউনেস্কোৰ দ্বাৰা পোহৰলৈ অনা হৈছে তলত উল্লেখ কৰা শব্দৰে:- সৰ্বমুঠ, প্ৰায় ৬০ প্ৰৰজাতিৰ স্তন্যপায়ী, ৪২ ধৰণৰ সৰীসৃপ, ৭ বিধ উভয়চৰ আৰু ৫০০ ৰো ওপৰত চৰাই, যাৰ ২৬ বিধ গোলকীয়ভাৱে ভাবুকিৰ সন্মুখীন হৈছে। গছ গছনি আৰু জন্তু বসতি প্ৰধান অঞ্চলত বিচিত্ৰ গছবল য`ত অন্তৰ্ভূক্ত হয় ৪৭ প্ৰজাতিৰ বৃক্ষ, ৪৯ গুল্ম, ৩৭ বিধ ঘাঁহ, ১৭২ বিধ তৃণজাতীয় আৰু ৩৬ বিধ লতা পোৱা যায়। পোন্ধৰ বিধ কপৌফুল, ১৮ প্ৰজাতিৰ ঢ়েকীয়া জাতীয় উদ্ভিদ আৰু ৪৩ প্ৰজাতি ঘাঁহ-বনে তৃণভোজাদি জন্তুবোৰক জীৱনদায়িনী খাদ্যৰ যোগান ধৰে।
স্তন্যপায়ী: গঁড়, হাতী, বাঘ, নল গাহৰি, শহা, সোণালী বান্দৰ, অসমীয়া ভাটৌ; নাহৰফুটুকী, সোণালী মেকুৰী, লতা মাকৰী, হেপা, ধূসৰ ফুটুকী বাঘ, জংঘলী মেকুৰী, বৃহৎ ভাৰতীয় জহামাল, সৰু জহামাল, হিমালয়ান জহামাল, তাল মেকুৰী, বিণ্টুৰং, সাধাৰণ নেউল, সৰু নেউল, হিমালয়ৰ কলা ভালুক, শ্লথ ভালুক, গৌৰ, পানী ম`হ, নীলগাই, হৰিণ, ভূকা হৰিণ, দল পহু, বনৰীয়া গাহৰি ইত্যাদি।
বহৎ পঞ্চৰ জৰীপ অনুযায়ী- এশিঙিয়া গঁড় ২৮(২০১৬) দল হৰিণ১০০(২০১৭), বনৰীয়া ম`হ ৫০৩(২০১৭), বাঘ ৩১ টা (২০১৬-১৭)হাতী ১০৩৪টা (২০১৭)
চৰাই: মানস হৈছে ৪৭৬ বিধ পক্ষী প্ৰজাতিৰ বাসস্থান। বগা পেটৰ বগলী, বেংগল ফ্লৰিকেন, শীৰ্ণ ঠোঁটৰ শগুণ, বগা ফিছাৰ শগুণ, ৰজা শগুণ ইত্যাদি বোৰ জটিলভাৱে সংকটত পৰা মানসৰ বিভিন্ন প্ৰজাতিৰ চৰাই। আন আন চৰাই যেনে পেলিকান, হাৰগিলা, ইগল, আইবিচ, ধনেশ, ভাটৌ আৰু টিঞা আদি ইয়াত পেৱা হয়।
পখিলা: ২০০ ৰো অধিক প্ৰজাতিৰ পখিলা তথ্যভূক্ত কৰা হৈছে মানসত। এইবোৰৰ লগত অন্তৰ্ভূক্ত কৰা হয় সাধাৰণ ম`ৰমন, কমন চেইলৰ, পিকক পানচি ইত্যাদি।
জলচৰ জীৱ: ৭৯ বিধৰো বেছি মাছ মানসত পোৱা যায়। অসম ৰূফ কাছ, ঠেক মূৰৰ কোমল চলংযুক্ত কাছও ইয়াত পোৱা হয়।
কেনেকৈ যাব পাৰি: গুৱাহাটী আন্তৰ্জাতিক বিমান বন্দৰ ১৪৫ কি: মি: আৰু বৰপেটা ৰোড ৰেলষ্টেছনৰ পৰা ২০ কি: মি: দূৰত্বত মানস অভায়ৰণ্য অৱস্থিত। অটাইতকৈ ওচৰৰ চহৰৰ পৰা পথৰ দূৰত্ব মানসলৈ হ`ব : কোকৰাঝাৰৰ পৰা ১১২ কি: মি:, নলবাৰীৰ পৰা ৬৬ কি: মি:, গুৱাহাটীৰ পৰা ১৩৭ কি: মি:, নগাঁৱৰ পৰা ২৭৪ কি: মি:।
ক`ত থাকিব:
বন জিৰণি ঘৰ যোগাযোগ: এইছ কিউ বিট কাৰ্য্যালয়, মানস, ব্যাঘ্ৰ সংৰক্ষণ, দূৰভাষ-+৯১ ০৪৩৫০২২৯২০
আন প্ৰশ্নৰ কাৰণে যোগাযোগ: ক্ষেত্ৰ সঞ্চালক, মানস ব্যাঘ্ৰ সংৰক্ষিত এলেকা, বৰপেটাৰোড-৭৮১৩১৫, দূৰভাষ (০৩৬৬৬)২৬১৪১৩(কাঃ)২৬০৫৬০(ৰাঃ)+৯১৯৪৩৫১১১১৭২; ই-মেইল-fd.manastp@gmail.com; উপ.ক্ষেত্ৰ সঞ্চালক, মানস ব্যাঘ্ৰ সংৰক্ষিত বন, বৰপেটা ৰোড-৭৮১৩১৫, দূৰভাষ.: +৯১৯৪৩৫১০৫৫৭৯ Website http://worldheritagemanas.com/
দৰ্শনৰ কাৰণে উৎসৃষ্ট ঋতু: নবেম্বৰৰ পৰা এপ্ৰিললৈ
৩. নামেৰি ৰাষ্ট্ৰীয় উদ্যান
২০০ বৰ্গ কিঃমিঃ নামেৰি ৰাষ্ট্ৰীয় উদ্যানখন শোণিতপুৰ জিলাত অৱস্থিত। অৰুণাচল প্ৰদেশৰ সীমান্তবৰ্তী এই উদ্যানখনৰ মূল মাটি-কালি ৩৪৪ বৰ্গ কিঃমিঃ। দৰ্শনাৰ্থীয়ে দক্ষিণ-পশ্চিম সীমাত থকা জীয়া ভৰলীত ভূৰ উপভোগ কৰিব পাৰে।
স্তন্যপায়ী: বাঘ, নাহৰ ফুটুকী, ধুসৰ নাহৰ ফুটুকী, হাতী, গৌৰ, বনগাহৰি, চাম্বৰ, হৰিণ, শহা, লড়ি, বান্দৰ, ঢলি, সৰু ভালুক, বাৰ্মাৰ শিয়াল, বিণ্টুৰং ইত্যাদি।
চৰাই: বন হাঁহ, কুৰুৱা, সৰু বৰটোকোলা, ফুটফুটীয়া ঈগল, বগা পাখীৰ শগুণ, দীঘল ঠোঁটৰ শগুণ, গঙ্গা চিলনী, ধনেশ, আৰু আন দুই-তিনি প্ৰকাৰৰ ধনেশ পক্ষী পোৱা যায়।
সৰীসৃপ: পিঠি-উঠা কাছ, কোমল চলঙৰ কাছ, সমান পিঠিৰ কাছ, দক্ষিণ এছিয়াৰ পাত কাছ, সাধাৰণ অঞ্চলৰ সাপ, ব্ৰহ্মদেশীয় আজাৰ, ফেটিসাপ, ৰজা ফেটি, ভাইপাৰ, মণিটৰ লিজাৰ্ড ইত্যাদি।
কেনেকৈ যাব পাব পাৰি: নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ পৰা শালনীবাৰী বিমানকোঠ, (তেজপুৰ) আটাইতকৈ ওচৰ হয়, ৩৪ কিঃমিঃ আৰু তেজপুৰ চহৰৰ পৰা ৪০ কিঃমিঃ মাত্ৰ। নামেৰিৰ দূৰত্ব গুৱাহাটীৰ পৰা ২২০ কিঃমিঃ, যোৰহাটৰ পৰা ২১৫ কিঃমিঃ, নগাঁৱৰ পৰা ১১০ কিঃমিঃ আৰু কাজিৰঙাৰ পৰা দূৰত্ব ১২৫ কিঃমিঃ।
ক`ত থকিব: ব্লু-ষ্টাৰ হোটেল, জোনাকী বিল্ডিং, তেজপুৰ, দূৰভাষ-(০৩৭১২)২২০৬৮২, ৱাচিছ হোটেল, জোনাকী ৰোড, তেজপুৰ, দূৰভাষ-(০৩৭১২)২২০৭২৪, হোটেল লুইত, তেজপুৰ, দূৰভাষ-(০৩৭১২)২২২০৮৩, হোটেল গ্ৰীণ ভিউ, মেইন ৰোড, তেজপুৰ, দূৰভাষ-(০৩৭১২)২২৩৬৮৫, কন্যাপুৰ হোটেল, হাতী বিলখানা, তেজপুৰ, দূৰভাষ-(০৩৭১২)২২০২৬১।
পৰ্যটক লজ/ৰিজৰ্ট: অসম (ভৰলী) এংলিং সংৰক্ষিত সংঘ, তেজপুৰ ষ্টেছন ক্লাৱ, তেজপুৰ, পিন-৭৮৪০০১, দূৰভাষ০(০৩৭১২)২২০৮৫৪, ইমেইল- assamangling@yahoo.com, যোগাযোগ শ্ৰীমান এছ বি দত্ত ই`ক-কেম্প, পোটাশালি গাওঁ, তেজপুৰ, তৰাজান, ডাক-গামনি, জিলা-শোণিতপুৰ, পিন-৭৮৪১০৩, যোগাযোগ- শ্ৰীমান ৰনেশ ৰয়, কেম্প সঞ্চালক, দূৰভাষ-৯৪৩৫১৯৭৬৫০।
দৰ্শনৰ কাৰণে কাক লগ কৰিব: মাণ্ডলিক বন বিষয়া, পশ্চিম অসম বন্যজীৱ বিভাগ, দোলাবাৰী, তেজপুৰ, দূৰভাষ-(০৩৭১২)২৬৮০৫৪, ৰেঞ্জাৰৰ কাৰ্য্যালয়, নামেৰি বন্যজীৱ ৰেঞ্জ, পোটাশালি(অসম), দূৰভাষ (০৩৭১৪) ২৭০৫৫৮ (কাঃ)
দৰ্শনৰ কাৰণে উৎকৃষ্ট সময়: নবেম্বৰৰ পৰা এপ্ৰিললৈ।
এইখন ৰাষ্ট্ৰীয় উদ্যান লগতে জৈৱবৈচিত্ৰৰ সংৰক্ষিত বন এলেকা ৩৪০ বৰ্গ কি: মি: ভূমিৰে আবৰা তিনচুকীয়া জিলাত অৱস্থিত।ডিব্ৰু-চৈখোৱা হাবি একক আবাস হিচাবে এক বিশেষ অঞ্চল, ১৯৫০ চনৰ বৃহৎ ভূমিকম্পৰ পাছত বিস্তৃত পৰিবৰ্তনৰ মুখামুখি হয় জীৱৰ আবাস ক্ষেত্ৰত। পৰিভ্ৰমি চৰাইবোৰ হ`ল ইয়াৰ প্ৰধান আকৰ্ষণ।
স্তন্য পায়ী: ৩৬ বিধ জন্মৰ আবাসভূমি হিচাবে দেখুওৱা এই বনত বাঘ, হাতী, নাহৰ ফুটুকী, বন মেকুৰী, ভালুক, সৰু জহামাল, কেৰ্কেটুৱা, শিহু, টুপি বান্দৰ, হ`লক, হলৌ বান্দৰ, বন গাহৰি, হৰিণ, বহু, পানী ম`হ, বন্য ঘোঁৰা ইত্যাদি।
চৰাই: এই বনক এখন গুৰত্বপূৰ্ণ পূৰ্ণ পক্ষী অৰণ্য হিচাপে গণ্য কৰা হয় (আই বি এ)। ৩৮২ বিধৰো বেছি বিভিন্ন প্ৰজাতিৰ চৰাই পোৱা হয়, তাৰ ভিতৰত হ`ল বৃহৎ বৰটোকোলা, সৰু বৰটোকোলা, বৃহৎ জঁ থকা গ্ৰীবি কৰমোৰেণ্ট, খোল ঠোঁটৰ হাৰগিলা, ক`লা গলৰ বৰটোকোলা, বৃহৎ সুহুৰি দিয়া শৰালী, মুগা ঠেঙৰ ৰাজহাঁহ, কুৰুৱা, শগুণ, শেন চৰাই, জঁযুক্ত শেন, পেলিকান, দলপুঙ, বাবলাৰ, জাৰদন বাবলাৰ, কলা বুকুৰ ভাটৌ, বগা পাখীৰ বন হাঁহ, ঈগল, প`চাৰ্ড, ধনেশ, টুপিযুক্ত পাৰ, দলম`ৰা ইত্যাদি। উদ্যানখন শালিক্স গছ`ৰ প্ৰাকৃতিক উজ্জীৱিত অৱস্তাৰ কাৰণে বিখ্যাৎ।
কেনেকৈ যাব পাৰি: উদ্যানখন চাব পাৰি তিনচুকীয়া চহৰত থাকি। মোহনবাৰী (ডিব্ৰুগড়) বিমানবন্দৰ অটাইতকৈ ওচৰত আছে যি তিনচুকীয়া চহৰৰ পৰা মাত্ৰ ৪০ কিঃ মিঃ দূৰ। গুৱাহাটী আৰু তিনচুকীয়াৰ মাজৰ দূৰত্ব ৫০০ কিঃ মিঃ তিনচুকীয়াৰ ডিব্ৰুগড়ৰৰ সৈতে সুন্দৰ সংযোগ আছে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথেৰে আৰু দূৰত্ব মাত্ৰ ৫৫ কিঃমিঃ, ঢলা হ`ল অটাইতকৈ ওচৰৰ চহৰ চৈ-খোৱাঘাটৰ মুখতে।
ক`ত থাকিব: হোটেল হাইৱে, এ টি ৰোড, তিনচুকীয়া, দূৰভাষ- (০৩৭৪) ২৩৩৫৩৮৩ / ২৩৩২৭৮৩ / ২৩৪০৮২০, হোটেল জ্যোতি ৰঙাগড়া ৰোড, তিনচুকীয়া, দূৰভাষ- (০৩৭৪)২৩৩৩২৪৩, হোটেল উৰ্মিলা কণ্টিনেণ্টেল, ৰঙাগড়া ৰোড, তিনচুকীয়া, দূৰভাষ- (০৩৭৪)২৩৩৩৭৭৭/২৩৩৩৭৭৩, হোটেল ইন্দ্ৰলোক, প্ৰকাশ বজাৰ, তিনচুকীয়া, দূৰভাষ- (০৩৭৪)২৩৪০৪৩৫ আৰু বনশ্ৰী ই`ক-কেম্প, গুঁইজান, তিনচুকীয়া, দূৰভাষ- (০৩৭৪)২২৩৭৬৬৬।
দৰ্শনৰ কাৰণে কাক যোঘাযোগ কৰিব: মাণ্ডলিক বন বিষয়া তিনচুকীয়া, বন্যজন্তু বিভাগ, তিনচুকীয়া, পিন-৭৮৬১২৬, দূৰভাষ-(০৩৭৪)২৩৩১৪৭২ (অঃ)ৰেঞ্জাৰৰ বন কাৰ্য্যালয়, গুঁইজান বন্যজন্তু খণ্ড, ডাক, গুঁইজান, ৰেঞ্জাৰৰ বন কাৰ্য্যালয়, চৈখোৱা বন্যজীৱ মণ্ডল, ন-বৰমূঢ়া, ডাক ঢলা।
দৰ্শনৰ কাৰণে উৎকৃষ্ট সময়: নবেম্বৰৰ পৰা এপ্ৰিললৈ।
৫. ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান-
ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত অৱস্থিত ৰাজ্যৰ আটাইতকৈ পুৰণি সংৰক্ষিত বনাঞ্চল। সৰ্বমুঠ মাটি-কালি ৭৮.৮০ বৰ্গ কিলোমিটাৰ আৰু বিশেষকৈ মাছৰ বিভিন্ন প্ৰজাতিৰ উৎপাদন স্থল।
আপুনি কি চাবলৈ আশা কৰে:
স্তন্যপায়ী: গঁড়, বাঘ, মালজুৰিয়া হাতীৰ জাক, সুগৰি পহু, বন গাহৰি, জহামাল, কেটেলা পহু আৰু গঙ্গা উপত্যাকাৰ ডলফিন।
চৰাই: ২২২ বিধ চৰাইৰ সংখ্যা জৰীপত ওলাইছে তাৰ ভিতৰত ফুটফুটায়া ঠোঁটৰ পেলিকান, বগা পেলিকান, হাৰগিলা, বৰটোকোলা, ব্ৰাহ্মিনী হাঁহ, দ্বিতীয় সৰ্ববৃহৎ বেংগল ফ্লৰিকেন ইত্যাদি।
সৰীসৃপ: ভাৰতীয় শৈল অজগৰ, কল ক্ৰেইট, ৰজা ফেটি, মনিটৰ জেঠি।
কাছ: প্ৰায় সাত প্ৰকাৰৰ কাছ আৰু ডুৰা কাছ ইয়াত পোৱা যায়।
কেনেদৰে তালৈ যাব পাৰি: আটাইতকৈ ওচৰৰ বিনামবন্দৰ হ`ল শালনিবাৰী, তেজপুৰ ৮০ কিঃমিঃ আৰু এল জি বি আই গুৱাহাটী বিমান বন্দৰ ১৫০ কিঃমিঃ দূৰত্বত অৱস্থিত। ৰাষ্ট্ৰীয় উদ্যানখন ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা ১৮ কিঃমিঃ দক্ষিণে ধনশিৰি ঘাটত অৱস্থিত আৰু মঙ্গলদৈৰ পৰা ৭০ কিঃমিঃ আৰু গুৱাহাটী পৰা ১৫০ কিঃমিঃ।
ক`ত থাকিব পাৰি: সাত শিমলু জিৰণ ঘৰ, থকা-খোৱাৰ উন্নত ব্যৱস্থা থকাৰ উপৰি দুষ্প্ৰাপ্য বন্য জন্তুৰ দৰ্শন স্থলি আৰু শিলবৰি জিৰণি ঘৰ অসম পৰ্যটন লজৰ মুখ্য কাৰ্য্যালয়ৰ নিকটত আৰু উদ্যানত প্ৰৱেশ পথৰ কাষত অৱস্থিত পযৰ্টন বিভাগৰ দ্বাৰা পৰিচালিত, এটা সময়ত ১৬ জন লোক থাকিব পৰা ব্যৱস্থা তাত আছে। ইয়াত ৮ টা জুপুৰি আছে। বন বিভাগৰ শয়ন কক্ষ দুৱাৰ মুখতে আছে য`ত একেলগে ৪০ জন লোকে খোৱা-শোৱা কৰিব পাৰে বিছনাপত্ৰ ননাকৈ।
দৰ্শণৰ কাৰণে কাক লগ কৰিব: সাংমণ্ডলিক বন বিষয়া, মঙ্গলদৈ বন্যজন্তু বিভাগ, মঙ্গলদৈ, দৰং, দূৰভাষ-(০৩৭১৩)২৩০০২২, ৰেঞ্জ বন বিষয়া, ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান, শালবাড়ী, দূৰভাষ-(০৩৭১২) ২৮২৩৭৯।
দৰ্শণৰ কাৰণে উৎকৃষ্ট সময়: নবেম্বৰৰ পৰা এপ্ৰিললৈ।
জনসংখ্যাৰ ফালৰ পৰা সবাতোকৈ বৃহৎ আৰু ক্ষেত্ৰফলৰ ফালৰ পৰা দ্বিতীয় স্থানত অৱস্থান কৰা অসম উত্তৰ-পূব ভাৰতত অৱস্থিত| অসমে ৭৮৪৩৮ বৰ্গ কি.মি. (৩০২৮৫ বৰ্গমাইল) ক্ষেত্ৰফল জুৰি আছে| ৰাজ্যখনক উত্তৰে, ভূটান আৰু অৰুণাচল প্ৰদেশ; পূবে, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু মণিপুৰ; দক্ষিণে, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম আৰু বাংলাদেশ; আৰু পশ্চিমে পশ্চিমবঙ্গই আৱৰি আছে। অসমৰ এক উল্লেখযোগ্য ভৌগোলিক বিশেষত্ব হ'ল যে, ভাৰতৰ ছটা ভূ-বিভাগৰ ভিতৰত ইয়াত তিনিটা ভূ-বিভাগ অর্থাৎ উত্তৰ হিমালয় (পূব পৰ্বতমালা), উত্তৰ সমতলীয় ভূমি (ব্ৰহ্মপুত্ৰ সমতল)আৰু দক্ষিণ মালভূমি (কাৰ্বি আংলং) অৱস্থিত।