অসম ৰাজ্যখনক ৩১ খন প্ৰশাসনিক জিলাত ভাগ কৰা হৈছে| এই জিলাসমূহৰ সীমাসমূহ বিভিন্ন উপাদান যেনে নদ-নদী, পাহাৰ, অৰণ্য আদিৰ ভিত্তিত নিৰ্ধাৰণ কৰা হৈছে | নতুনকৈ গঠিত জিলাসমূহৰ অধিকাংশই পূৰ্বৰ জিলাৰ মহকুমা আছিল| ১৫ আগষ্ট, ২০১৫ত, পূৰ্বৰ ২৭ খন জিলাৰ উপৰিও আৰু ৩ খন নতুন জিলাৰ গঠন কৰা হয় আৰু সেইবোৰ হৈছে - চৰাইদেউ, দক্ষিণ শালমৰা আৰু পশ্চিম কাৰ্বি আংলং | ২০১৬ চনৰ ২৭ জুন তাৰিখে মাজুলীকো জিলা ৰূপে ঘোষণা কৰা হয় | ১০,৪৩৪ বৰ্গ কিলোমিটাৰ অবিভাজিত ক্ষেত্ৰফলেৰে কাৰ্বি আংলং অসমৰ সবাতোকৈ বৃহৎ জিলা আৰু প্ৰায় ৫৩২৪ বৰ্গ কিলোমিটাৰ ক্ষেত্ৰফলেৰে দ্বিতিয় স্থানত আছে শোণিতপুৰ জিলা| যোৰহাট জিলাৰ উত্তৰ অংশৰ পৰা ভাগ কৰি গঠন কৰা মাজুলী হৈছে জিলা হিচাপে পৰিচিতি লাভ কৰা ভাৰতৰ প্ৰথমটো নদী দ্বীপ | অসমৰ জিলাসমূহক পাঁচটা আঞ্চলিক বিভাগৰ অধীনত অন্তৰ্ভুক্ত কৰা হৈছে |
এই বিভাগসমূহৰ তালিকা তলত উল্লেখ কৰা হ'লঃ
মণ্ডলৰ নাম | মাণ্ডলিক কার্যালয় | জিলা |
---|---|---|
বৰাক উপত্যকা | শিলচৰ | কাছাৰ, হাইলাকান্দি ,আৰু কৰিমগঞ্জj |
মধ্য অসম | নগাঁও | ডিমা হাছাও, পূব কাৰ্বি আংলং, পূব কাৰ্বি আংলং, মৰিগাওঁ, আৰু নগাঁও |
নামনি অসম | গুৱাহাটী | বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, ধুবৰীi, গোৱালপাৰা, নলবাৰী, কামৰূপ মহানগৰ, কামৰূপ গ্রাম্য, কোকৰাঝাৰ আৰু দক্ষিণ শালমাৰা-মানকাছাৰ |
উত্তৰ অসম | তেজপুৰ | দৰং, শোণিতপুৰ, আৰু ওদালগুৰি |
উজনি অসম | যোৰহাট | চৰাইদেউ, ধেমাজী, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, মাজুলী, শিবসাগৰ, আৰু তিনিচুকীয়া |
প্ৰত্যেক জিলা একো একোজন উপায়ুক্তৰ অধীনত থাকে| সাধাৰণতে ভাৰতীয় প্ৰশাসনীয় সেৱাৰ সৈতে জড়িত বিষয়াক উপায়ুক্ত নিযুক্ত কৰা হয়, কিন্তু কেতিয়াবা অসম প্ৰশাসনীয় সেৱাৰ সৈতে জড়িত বিষয়াকো এই বাব দিয়া হয়| অসম প্ৰশাসনীয় সেৱাৰ বিভিন্ন দপ্তৰৰ বিভিন্ন বিষয়াই উপায়ুক্তক চৰকাৰী কাম-কাজত সহযোগিতা আগবঢ়াই যেনে, অতিৰিক্ত উপায়ুক্ত, উপ-বিভাগীয় বিষয়া, অতিৰিক্ত সহকাৰী উপায়ুক্ত আৰু অন্যান্য|
এজন উপায়ুক্তই ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত সংগ্ৰাহক হিচাপেও কৰ্মৰত হয়, আইন-শৃঙ্খলা বজাই ৰখা আৰু সাধাৰণ প্ৰশাসনৰ ক্ষেত্ৰত জিলা বিচাৰপতি ৰূপে অধিস্থিত হয় আৰু নিৰ্বাচন পৰিচালনা কৰাৰ সময়ত জিলা নিৰ্বাচনী বিষয়া ৰূপে কৰ্মৰত হয় ইত্যাদি |
ৰাজহ সংগ্ৰাহকৰ কাম হ'ল ভূমি ৰাজহ সংগ্ৰহ কৰা আৰু ভূমি ৰাজহৰ পঞ্জীয়ন নিৰ্ধাৰণ কৰা, ভূমিৰ ক্ষেত্ৰত কৰিবলগীয়া পৰিবৰ্তন আৰু সর্বাঙ্গীণ পৰিচালনা, বেচৰকাৰী আৰু চৰকাৰী | উপায়ুক্তৰ কাৰ্যালয়ৰ ৰাজহ শাখাৰ বাহিৰেও, অতিৰিক্ত উপায়ুক্ত(ৰাজহ)ৰ দ্বাৰা চোৱা-চিতা কৰা হয়। প্ৰতিখন জিলাত চক্ৰ বিষয়াৰ দ্বাৰা পৰিচালিত ১১টা দূৰবৰ্তী ৰাজহ চক্ৰ আছে|
জিলা প্ৰশাসনৰ মূখ্য বিষয়া হিচাপে, জিলা উপায়ুক্ত বিভিন্ন কাৰ্যৱলী যেনে সাংসদৰ স্থানীয় এলেকাৰ পুজি, বিধায়কৰ পুজি, অ সংঘবদ্ধ পুজি, মহকুমাৰ আঁচনিৰ পুজি, সীমা এলেকাৰ উন্নয়ন পুজি ইত্যাদিৰ অধীনত সকলোধৰণৰ উন্নয়নমূলক কাম-কাজৰ বাবে দায়বদ্ধ|
জিলা উপায়ুক্তক অতিৰিক্ত বিচাৰপতি, মহকুমা বিচাৰপতি আৰু কার্যনির্বাহী বিচাৰপতি আদিয়ে জিলাসমূহত আইন-শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত সহায়-সহযোগিতা আগবঢ়াই | চক্ৰসমূহৰ চক্ৰ বিষয়াসকলে কার্যনির্বাহী বিচাৰপতিৰ কৰ্তব্য পালন কৰে আৰু তেওঁলোক নিজৰ নিজৰ চক্ৰসমূহত আইন-শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত দায়বদ্ধ| জিলা বিচাৰপতি আৰু অন্যান্য বিচাৰপতিসকলে পুলিচ বিভাগৰ পৰা প্ৰয়োজনীয় সময়ত যাৱতীয় সহায় গ্ৰহণ কৰে| জিলা আৰক্ষী অধীক্ষকৰ দ্বাৰা নিয়ন্ত্রিত হয়|
তলৰ তালিকাখনত অসমৰ ৩১ খন জিলাৰ নাম ৱেবছাইটসহ দিয়া হৈছে::
ক্রমিক সংখ্যা. | জিলাৰ নাম |
---|---|
১ | বাক্সা |
২ | বৰপেটা |
৩ | বঙাইগাওঁ |
৪ | কাছাৰ |
৫ | চৰাইদেউ |
৬ | চিৰাং |
৭ | দৰং |
৮ | ধেমাজী |
৯ | ধুবৰী |
১০ | ডিব্রুগড় |
১১ | ডিমা-হাছাও |
১২ | গোৱালপাৰা |
১৩ | গোলাঘাট |
১৪ | হাইলাকান্দি |
১৫ | যোৰহাট |
১৬ | কামৰূপ মহানগৰ |
১৭ | কামৰূপ |
১৮ | কাৰ্বি আংলং |
১৯ | কৰিমগঞ্জ |
২০ | কোকৰাঝাৰ |
২১ | লখিমপুৰ |
২২ | মাজুলী |
২৩ | মৰিগাঁও |
২৪ | নগাঁও |
২৫ | নলবাৰী |
২৬ | শিবসাগৰ |
২৭ | শোণিতপুৰ |
২৮ | দক্ষিণ শালমৰা- মানকাছাৰ |
২৯ | তিনিচুকীয়া |
৩০ | ওদালগুৰি |
৩১ | পশ্চিম কাৰ্বি আংলং |
জনসংখ্যাৰ ফালৰ পৰা সবাতোকৈ বৃহৎ আৰু ক্ষেত্ৰফলৰ ফালৰ পৰা দ্বিতীয় স্থানত অৱস্থান কৰা অসম উত্তৰ-পূব ভাৰতত অৱস্থিত| অসমে ৭৮৪৩৮ বৰ্গ কি.মি. (৩০২৮৫ বৰ্গমাইল) ক্ষেত্ৰফল জুৰি আছে| ৰাজ্যখনক উত্তৰে, ভূটান আৰু অৰুণাচল প্ৰদেশ; পূবে, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু মণিপুৰ; দক্ষিণে, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম আৰু বাংলাদেশ; আৰু পশ্চিমে পশ্চিমবঙ্গই আৱৰি আছে। অসমৰ এক উল্লেখযোগ্য ভৌগোলিক বিশেষত্ব হ'ল যে, ভাৰতৰ ছটা ভূ-বিভাগৰ ভিতৰত ইয়াত তিনিটা ভূ-বিভাগ অর্থাৎ উত্তৰ হিমালয় (পূব পৰ্বতমালা), উত্তৰ সমতলীয় ভূমি (ব্ৰহ্মপুত্ৰ সমতল)আৰু দক্ষিণ মালভূমি (কাৰ্বি আংলং) অৱস্থিত।