জৈৱ-বৈচিত্র্য বুলিলে জীৱৰ বিভিন্ন সংস্থা, জীন, প্ৰজাতি, পৰিবেশ, আৱাস আদিৰ সমাহাৰকে বুজাই। জৈৱ-বৈচিত্ৰ হৈছে সকলো প্ৰয়োজনীয়তাৰ মৌলিক পৰিপূৰ্ণতা। এখন সমৃদ্ধিশালী জৈৱ-বৈচিত্ৰ্য পূৰ্ণ ঠাইয়ে বৈচিত্ৰ দিয়াৰ উপৰিও মানৱ কল্যাণতো সহায় কৰে।
৭ শতাংশৰ পৰা ৮ শতাংশ তথ্যভুক্ত প্ৰজাতিৰ সৈতে ভাৰতবৰ্ষ হৈছে পৃথিবীৰ ভিতৰতে এখন ১৭ মেগা জীৱবৈচিত্র্য দেশ। ইয়াৰে অসম হৈছে প্ৰাচ্য গিৰীন্দ্ৰ জৈৱ-বৈচিত্র্য এলেকা যিটোক দেশৰ দুটাকৈ জৈৱ-বৈচিত্র্য “হট স্পটৰ” এটা বুলি জনা যায়। অসমৰ বায়ু-পানী, পৰিবেশ, পৰিস্থিতি আৰু আধি-ভৌতিক আকাৰে ইয়াৰ হাবি জংগল, ঘাঁহনি, জলাহ আদিক বৈচিত্র্যতা প্ৰদান কৰে। যাৰ বাবে বিভিন্ন প্ৰজাতিৰ ফুল আৰু প্ৰাণীকুলৰ সন্ধান ইয়াত পোৱা যায়।
“ৰিভাইচ চার্ভে অব ফৰেষ্ট টাইপছ্ ইন ইণ্ডিয়া” ত চেম্পিয়ন আৰু ছেথে অসমৰ বনাঞ্চলসমূহক ৫১টা ভাগত বিভক্ত কৰিছে। কিন্ত প্ৰজাতি বৈচিত্ৰ্যতাৰ বাবে উদ্ভিদ গঠন সমূহক চিনাক্ত কৰিবৰ বাবে বহু অসুবিধা হয়। অসমৰ বনাঞ্চল সমূহক তলত দিয়া ধৰণে বিভক্ত কৰা হৈছে।
অসমৰ গোলাঘাট, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড় আদি জিলা সমুহৰ লগতে লখিমপুৰ আৰু ধেমাজী জিলাত ক্ৰান্তীয় আর্দ্র চিৰসেউজ উদ্ভিদ উপলব্ধ। ইয়াৰ লগতে ৰাজ্য খনৰ দক্ষিণ অংশৰ বোৰাইল পৰিসীমা, লোহাৰবান্দ, লংগাই, কাছাৰৰ ধলিয়া সংৰক্ষিত বনাঞ্চল আৰু কৰিমগঞ্জ জিলাত এই ধৰণৰ বনাঞ্চল পোৱা যায়।
অসমৰ সৰ্ব বৃহৎ ওখ গছ হলং (দিপ্টেৰকৰ্পূছ মেক্ৰকাৰপোচ) বা “ৰাজ্যিক বৃক্ষ” এই অঞ্চলৰ প্ৰধান উপাদান। ইয়াৰে সম্পৰ্কিত প্ৰজাতি সমূহ হৈছে বৰপাত, জুতুলি, চাম, দেৱা চাম, নাহৰ, তিতা চাপ, ভেলো, মেকাই আদি।
ইয়াৰ উপৰিও দক্ষিণ অসমৰ বনাঞ্চলত দিপ্টেৰকৰ্পূছ টাৰবীণাটোছৰ (গাৰজন) লগতে মোছোৱা ফেৰীয়া(নাহৰ), মেছোৱা ফ্লৰিবোন্দা(বলং), মিচেলিয়া গলাবৰ(চম্পা), পালাকুইউম পলয়ন্তহম (কথলোৱা) আদি উপলব্ধ।
ক্ৰান্তীয় অর্দ্ধ চিৰসেউজ বনাঞ্চল সাধাৰণতে ৰাজ্যখনৰ উত্তৰ আৰু দক্ষিণ প্ৰান্তৰ হাললেংপুৰ, অভয়পুৰ, দিল্লী, ধনশিৰী, খোলাখাত, মায়ং,গাৰভাংগা, ৰাণী, মহামায়া, গোমা, হালটোগণ, কাচুগাওঁ, গালি, পভা, ৰংগা, কাকৈ, নৌদুৰ, বাতাশিপুৰ, দোহালিয়া, শিংলা, লোংগাই, ভোটান পাহাৰ, চনাই, বৰাক আৰু আভ্যন্তৰীণ লাইন সংৰক্ষিত বনাঞ্চলত পোৱা যায়।
এই বনাঞ্চল সমূহত মধ্যমীয়া লগতে বৃহৎ প্ৰজাতিৰ গছ আছে। পুষ্পলতা, গুল্ম, লতা, অৰ্কিড, ধেঁকীয়া আদি পৰ্যাপ্ত পৰিমণে উৎপাদন হয়, ইয়াৰ লগতে বাঁহ আৰু বেতেও স্থান দখল কৰে।
বনাঞ্চল অনুসৰি প্ৰজাতি সমূহৰ উৎপাদন বিভিন্ন ধৰণৰ। কিন্তু সাধাৰণ ভাবে পোৱা কেইবিধ মান প্ৰজাতি হৈছে আৰ্তকৰ্পূছ চাম(চাম), আলবিজিয়া প্ৰজাতি(চিৰিচ, চাও, কৰৈ), আন্ত:চেফলোচ চিন্নেনচিছ(কদম), দুৱাবঙা গ্ৰেণ্ডইফলৰ(খকণ), কাষ্ঠনপচিছ প্ৰজাতি(শিঙৰী, ধবাহিঙৰী, কাঞ্চন), দিলেনিয়া ইণ্ডিকে(ঔ-টেঙা), বাওঁহিনীয়া পুৰপুৰিয়া(কাঞ্চন), লাগেৰেষ্ট্ৰেমীয়া প্ৰজাতি(জাৰুল, আজাৰ, সিদ্ধ), মেগ্নলীয়া প্ৰজাতি(ফুলচপা, গাহৰি চপা, পান চপা, খৰিকা চপা, কঠাল চপা, দুলিচপা), মল্লতুচ্ছ প্ৰজাতি(সেন্দুৰী, জৰাল, ধোদহলটি, বুৰিটোকণ), মিচেলিয়া চম্পছ(তিতা চম্পা), চিজয়গিউম প্ৰজাতি(পাহাৰিযাম, মখৰাযাম, বেৰজামু, কলাজামু, বগীজামু, গোলাপজামু), চাচিমা ৱাললিছী(ব্লেম, ঘুগ্ৰা), টাৰৰ্মিণালীয়া প্ৰজাতি(শিলিখা, বহেৰা, ভোমোৰা), ত্ৰেওয়া নুদিফ্লৰা(ভেলকৰ), হাতিপলিয়া, হলক ইত্যাদি।
ক্ৰান্তীয় আৰ্দ্ৰ পর্ণপাতী বনাঞ্চলক অধিকতৰভাবে চাল বনাঞ্চল আৰু মিশ্ৰ পর্ণপাতী বনাঞ্চল বুলি বৰ্ণনা কৰা হয়। চাল বনাঞ্চলে সাধাৰণতে আগুৰি আছে ৰাজ্য খনৰ কেন্দ্ৰীয় আৰু নিম্ন অংশৰ জিলা সমূহ ক্ৰমে নগাওঁ, মৰিগাওঁ আৰু কামৰূপৰ লগতে নলবাৰী, বৰপেটা, দৰং, ধুবুৰী, কোকৰাঝাৰ আৰু গোৱালপাৰাৰ অংশ বিশেষ।
এই বনাঞ্চল সমূহত চালৰ লগতে এনেধৰণৰ কিছুমান প্ৰজাতি পোৱা যায় যেনে-লেগেৰেষ্ট্ৰেমীয়া প্ৰজাতি(জাৰুল, আজাৰ), চাচিমা ৱাললিছী(ঘোগৰা), ষ্টেৰেওস্পেৰ্মুম পাৰ্চনাতোম(পাৰুলি), এদিনা কৰ্ডিফলিয়া(হালদো), আৰ্তকৰ্পূছ প্ৰজাতি(চাম), ফিছকোষ প্ৰজাতি(বৰ, দিমৰু, ধূপবৰ, বত, আঠাবৰ, টেঙাবৰ, লোটাদিওঁৰো, সঙ্গলদিমৰো), বিষচফীয়া যাৱনিকে(উৰীয়াম), গমেলিনা এৰবৰীয়া(গমাৰী), মিচেলিয়া চম্পাকে(তিতা চম্পা),টাৰ্মিণালীয়া প্ৰজাতি(হিলিখা, ভোমোৰা, বহেৰা), টনা চিলিতে(পমা) আদি।
লক্ষিমপৰু, ধেমাজী, কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পার্বত্য জিলা আদি অঞ্চল সমূহত ক্ৰান্তীয় সেমেকা পর্ণপাতী বনাঞ্চল উৎপন্ন হয়। এই অঞ্চল সমূহত গছ সমূহ অধিকাংশ ক্ষেত্ৰতে ক্ষণস্থায়ী হোৱা দেখিবলৈ পোৱা যায়। এই বনাঞ্চলত সাধাৰণতে গজা গুৰুত্বপূৰ্ণ উদ্ভিদ প্ৰজাতি হৈছে- এদিনা কৰ্ডিফলিয়া হালদো, অলবিজিয়া প্ৰজাতি(চিৰিশ, কলা চিৰিশ, কৰৈ, চাও),অলষ্টনীয়া স্কলাৰিছ(চতিয়না), আৰ্তকৰ্পূছ চাম(চাম),কাৰীয়া ৰ্আবৰীয়া (কুম্ভী), ডালবেৰগীয়া প্ৰজাতি(চিছো, মেডেলোৱা), ফিছকাছ প্ৰজাতি(বত, বৰ ডিমৰু), লাগেৰেষ্ট্ৰেমীয়া প্ৰজাতি(জাৰুল, আজাৰ), মল্লটো প্ৰজাতি(সেন্দুৰী, জৰাল, ধোদলতী)আদি।
এই বনাঞ্চল সমূহত সমৃদ্ধতাৰ বৈচিত্ৰ্য থকাৰ লগতে ঔষধি গছো পোৱা যায়। কিছুমান সংৰক্ষিত বনাঞ্চলত সেগুন গছ পোৱা যায়।
কান্নিনজালৰ মতে বৃষ্টি ছায়া এলেকাত থকা ক্ৰান্তীয় সেমেকা পর্ণপাতী বন্য সীমাক শুকান বননি(দ্ৰাই ফৰেষ্ট)বোলে। লামদিং, লাংটিং, মাইলংদিছা সংৰক্ষীত বনাঞ্চল এই ভাগত পৰে। উত্তৰ গুৱাহাটীত অৱস্থিত উমানন্দ দ্বীপ ইয়াৰ এক উদাহৰণ। ইয়াত উপলব্ধ প্ৰজাতি সমূহ হৈছে ক্ৰমে- এগিলি মাৰমেলছ(বেল), এলবিজিয়া প্ৰজাতি(চিৰিশ), কাচিয়া ফিচতোলা(সোনাৰো),বমবাষ্ক(শিমলো), অলষ্টনীয়া স্কলাৰীছ (চতিয়না),ফিছকোষ প্ৰজাতি(বৰ), লিটচেয়া প্ৰজাতি(লবান,বাগনলা,মেজেংকৰি, হোনৱালো, দিগলতি), মিলিয়া এজেদৰাচ (নীম), মৰিংগা অলেইফেৰা(চজিনা), অৰ’চাইলম ইন্দিকাম(ভোতগিলা), মেলোতাছ প্ৰজাতি(সেন্দুৰী), টাৰ্মিনেলীয়া প্ৰজাতি (শিলিখা, ভোমোৰা) আদি।
উপ ক্ৰান্তীয় বিস্তীর্ণ পর্ণ পাহাৰীয়া বনাঞ্চল আৰু উপ ক্ৰান্তীয় পাইন বনাঞ্চল কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পার্বত্য জিলাত দেখা যায়। সাধাৰণতে দেখা পোৱা প্ৰজাতি সমূহ হৈছে, এলছেওদাফিন পেটিঅলাৰিছ(বাঁহনৱালোঁ), এনটিডছমা বুনিউছ, বেটোলা অলনয়ড, চলেইদন স্পেইছিফ্লৰণ আদি। পিনুষ কেচিয়া(খাচী-পাইন)সাধাৰণতে কাৰ্বি-আংলংৰ হামৰেণ মহকুমাত পোৱা যায়
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা, অৰাং, সোনাই-ৰূপাই, লাওখোৱা, বৰনদী, বুঢ়়াচাপৰি, ডিব্ৰু ছৈখোৱা বন্যপ্ৰাণী অভয়াৰণ্য আৰু মানস ৰাষ্ট্ৰীয় উদ্যানত তৃণমূল আৰু ভাঁজ বনৰ লগতে ঘাঁহনি আৰু সাভানা বন পোৱা যায়। ইয়াত পোৱা কেইবিধ মান ঘাঁহনি হৈছে অলপোদা মুটিকা, ফ্ৰাগমাটিছ কাৰকা, চেকলেৰষ্টেচয় ফুচকা, স্বাচ্ছৰুম প্ৰজাতি আদি। এই প্ৰজাতি সমূহ সাধাৰণতে বৰ্ষা কালত গজে আৰু ই ৬ মিটাৰ পৰ্যন্ত ওখ হয়।মাটিত জৈৱ চাপৰ বাবে উপকূলৱৰ্তী আৰু জলাভূমি বনাঞ্চল সমূহে প্ৰায় নিজৰ পৰিচয় হেৰুৱাই পেলাই। গুৰুত্বপূৰ্ণ কেইবিধ মান প্ৰজাতি হৈছে আগেৰাতুম কংঞ্জয়ড, আলকেছীয়া প্ৰজাতি, অল্পইনা প্ৰজাতি, আমাৰেন্তুছ প্ৰজাতি, বাকপা প্ৰজাতি, ব্লমেয়া প্ৰজাতি, বোম্বাশ প্ৰজাতি, ক্ৰতলাৰীয়া প্ৰজাতি ইত্যাদি।
অসমত কমেও ২৯৩ প্ৰজাতিৰ অৰ্কিড পোৱা যায়। তাৰ ভিতৰত ৪৪.৩৯% য়ে উত্তৰ পূবক আৰু ২৪.৪২% প্ৰজাতিয়ে প্ৰতিনিধিত্ব কৰে বাকি ভাৰতবৰ্ষক।
ফুলৰ এবিধ প্ৰজাতি হিচাপে অৰ্কিডৰ গঠন, বৰ্ধন আৰু উন্নয়নৰ বাবে বিষেশ জলবায়ু অবস্থাৰ প্ৰয়োজন। অসমৰ অৰ্কিড সমূহত অৰ্কিডাস্ক ট্যাক্সৰ গঠন ফৰ্ম আৰু অভ্যাস পোৱা যায়। গোডিয়েৰা প্ৰসেৰা আৰু স্পিৰানথিচ চিনেচিচ হৈছে জলজ বাসস্থান, ভেনিলা পিলিফেৰা আৰু গেলেওলা এলটিছমা হৈছে লতা।
অৰ্কিড, সাধাৰণতে চিৰসেউজ আৰু অর্ধ চিৰসেউজ বনাঞ্চলৰ লগতে আৰ্দ্ৰ পর্ণপাতী বনাঞ্চলত গজে।
জেনেৰা এক্যানথেফিপ্পিয়াম, অন্বেক্টোছিলোচ, এপোষ্টেছিয়া, এগ্রোষ্টোফিল্লুম, কেলগুনে, চিম্বিদিয়াম, দেন্দ্রোবিয়াম, এৰিয়া, অৱেৰনীয়া, কালানন্থি, ইউলফিয়া,গেওদৰাম, সাবেৰনীয়া, মালাসীস, নিফেলাফয়লোম, ভেনীল্লা, জেউসীনে, দিদিমফ্লেকচ্চিচ, গেলিওলা, বুলবফয়লোম, কামাৰোটিছ আদি সাধাৰণ ভাবে পোৱা অৰ্কিড।
অসমৰ সামাজিক আৰু অৰ্থনৈতিক ক্ষেএখনত বাঁহে বহু গুৰুত্বপূর্ণ অৱদান আছে। নথি অনুসৰি অসমত উপলব্ধ ৩৮ প্ৰজাতিৰ বাঁহৰ ভিতৰত বেম্বোশা মাছৰতেৰছেই প্ৰজাতি বিধ ডিব্ৰুগড় জিলাত বিতৰণ সীমাবদ্ধ। বেম্বোশা কাঁচাৰেন্সিছ, দিনক্লৰা কমপ্কেটিফ্লৰা, দি ইণ্ডিয়া আদি বৰাক উপত্যকাত আৰু চিমনোববোসা গ্ৰিফিথিয়ানা, অগযিটেনানথেৰা পাৰভিফ্লৰা উত্তৰ কাছাৰ পার্বত্য জিলাত বিতৰণ সীমাবদ্ধ। লক্ষিমপুৰ জিলাৰ ৰঙা আৰ. এফত বেম্বোছা ৰং এনচিছ অধিক ভাবে বৃদ্ধি পায়।
বেম্বোছা জাইনটিনা আৰু মেল্লোকানা অৰুণদিয়ানা প্ৰজাতি বিধ মাত্ৰ অসমতেই পোৱা যায়। কিন্তু উত্তৰ কাছাৰ পার্বত্য জিলাত আৰু কাৰ্বি আংলং জিলাত বিশুদ্ধ বাঁহ অধিক ভাবে পোৱা যায়। প্ৰভাৱশালী কেইবিধ মান বাঁহ হৈছে মেলকানা বাচিফেৰা আৰু চয়মনোবাম্বুসা গ্ৰফিথিয়ানা।
অসমৰ প্ৰত্যেকৰ বাৰীতে বাঁহ ৰোৱে আৰু তাৰে কেইবিধ মান প্ৰজাতি হল বেম্বোছা বালকোৱা (ভোলোকা বাঁহ), বেম্বোছা তোলদা (জাতি বাঁহ), মেলকান্না বাচিফেৰা(মুলি বাঁহ), দেনড্ৰকালমাছ হামিল্টণী(কাক বাঁহ) আৰু দেনড্ৰকালমাছ জিজ্ঞানতেওছ(মক্লাম বাঁহ) ইত্যাদি।
অসমত ১৪ প্ৰজাতিৰ বেত পোৱা যায়। অসমত ব্যাপক ভাবে বিস্তাৰিত কেইবিধ মান বেত হৈছে কালামোচ ফ্লাগেলোম, কালামোচ ফ্লৰিবোনাদোচ, কালামোচ লাটিফলিয়াচ। প্লেকটনিয়া আচ্ছামিকা আৰু প্লেকটনিয়া ব্ৰক্টেলিছ হৈছে স্থানীয় প্ৰজাতি।
অসমত বহু সংখ্যক ঔষধি গছ পোৱা যায় যাৰ ব্যৱহাৰ আয়ুৰ্বেদিক, ইউনানী, হোম্যিওপ্যেথিক আৰু আধুনিক চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। গাঁও অঞ্চল সমূহত প্ৰথাগত অনুশীলনকাৰী বা বেজ সকলে কিছুমান ঔষধি গছ ব্যৱহাৰ কৰে। সৰ্বমুঠ ৯৫২ প্ৰজাতিৰ উদ্ভিদ অসমৰ চিকিৎসা পদ্ধতিত ব্যৱহাৰ কৰা হয় বুলি চিহ্নিত হৈছে। অস্পৰগোচ ৰেকেমোচা(চতমোল), কূড়কোমা এৰমেতিকা(বন হালধি), এমব্লিকা অফিচিনালিছ(বেল), টাৰমিনেলীয়া প্ৰজাতি(হিলিখা,বহেৰা), ইউগেনীয়া জামবলানা(লোহা জাম), গাৰনিকা প্ৰজাতি(থেকেৰা), হলাৰহিনা অন্তিডিচেন্ত্ৰিকা(ধোদকোৰি),হাইদোকাৰপোচ কোৰজি(চালমোগ্ৰা), লিটচিয়া কোবেৱা(মেজাংকৰি), অকিমাম প্ৰজাতি(তুলসী),ফলগকন্ঠউছ থৰচিফলৰোচ(তিতাফুল),পিপাৰ লংগোম(পিপলী), চাৰকা ইন্ডিকা(অশোক), ৱেদেলিয়া কেলেনদোলেচা(মহাভিংৰাজ), জিনজিবাৰ অফিচিনেলিচ(আদা)আদি সঘনাই বিভিন্ন ৰোগ নিৰাময়ত ব্যৱহাৰ হোৱা উদ্ভিদ।
উত্তৰ পূৰ্বৰ অন্য অঞ্চলৰ তুলনাত অসমত অধিক বিশুদ্ধ জলভূমি পোৱা যায়। অসমৰ ব্ৰক্ষপুত্ৰ আৰু বৰাক উপত্যকাত বিভিন্ন সৰু বৰ বিল, জলাহ, দলনি, পিটনি আদি আছে। আহোম ৰজা সকলেও জয়সাগৰ, শিৱসাগৰ, দিঘলীপুখুৰী, জ্বৰপুখুৰী, হাজাৰা পুখুৰী, ৰাজহুৱা বৰপুখুৰী নামেৰে বহু পুখুৰী খন্দাইছিল। তথ্য মতে অসমত সৰ্বমুঠ ৩৫১৩ বিল, ১,৮৫,৬২৩ পুখুৰী আৰু ১টা জলাধাৰ আছে। দ্বীপৰ বিলৰ লগতে অসমৰ অন্য কিছুমান জলভূমি হৈছে চাণ্ডুবি, ৰতা, চহলা, তৰালি পথাৰ, ফকলাই, মেৰবিল, চনবিল, যামযিং, চানহৃগোংপাৰা, মটাপোং, চাৰলেন, সাৰেস্বৰ, ৰৌমাৰি, খলিহামাৰি, গৰঙা, কলাদোৱাৰ, সাপেখাতি ইত্যাদি।
অসমৰ জলজ উদ্ভিদ সমূহৰ বৈশিষ্ট আৰু লক্ষণ ভিন্ন। ইতিমধ্যে ১০০ ৰো অধিক জলজ উদ্ভিদক চিহ্নিত কৰি তলত দিয়া ধৰণে ভাগ কৰা হৈছে:
স্থানীয় বনস্পতি সাধাৰণতে নিয়ন্ত্ৰিত এলেকাত গজে। যদিও তথ্য অনুসৰি ১৬৫ বিধ প্ৰজাতিৰ উদ্ভিদক অসমৰ কিছু এলেকাত পোৱাৰ লগতে অধিসংখ্যক উদ্ভিদ ভাৰতবৰ্ষৰ অন্য ঠাই সমূহতো উপলব্ধ। এনেধৰণৰ প্ৰায় ১০০ বিধ প্ৰজাতি অসমত পোৱা যায়। সেই সমূহ হৈছে-একাচিয়া গেগিয়ানা, এলানটাম এচামমিকাম, এলচেদাফিন এনডাৰছনি, এলচেদাফিন ফাচয়ানা, এগিউপটেৰিচ এচামমিকাম, চিদ্ৰেলা ফেব্ৰিফোগা, ইউগেনিয়া কাইনফাইলা, বেম্বোশা মাতটেৰচি, অৰ্কিড, বোলবফাইলাম এলাচনোটাম, বোলবফাইলাম ভেৰিয়াছ, দেন্দ্ৰবিয়াম এচামমিকাম আদি।
আই.ইউ.চি.এনৰ মতে অসমৰ বিপন্ন উদ্ভিদ সমূহক তলত দিয়া ধৰণে বিভক্ত কৰা হৈছে। বেম্বোশা মাচটেৰচি, ক্লেইচৌমা আৰেটিনাম, কাইপিৰাচ কইৰমবচম, দেন্দ্ৰবিয়াম এচামমিকাম, দেন্দ্ৰবিয়াম আৰেনটিয়াকাম, হেটেৰিয়া এনমালা, লিপাৰিচ ইস্তাচইউৰচ আৰু চাপৰিয়া হিমালায়ানা। পাফিওপদিলাম স্পেচিৰিওম আদি বিপন্ন প্ৰজাতি।
অসম হৈছে ভাৰতৰ স্থানান্তৰিত অঞ্চলৰ মাজৰ ইন্দো মলয়দেশীয় আৰু ইন্দো চীনা জীৱনী সংক্ৰান্ত অঞ্চলৰ এটি অংশ। ইয়াৰ পৰিবেশ, স্থান আৰু অডাফিক কাৰণ সমূহে অসমত বিভিন্ন উদ্ধিদ সম্প্ৰদায় আৰু বাসস্থান নিৰ্মানত সহায় কৰে। ভিজা চিৰহৰিত, আৰ্দ্ৰ পচনশীল, ভিজা চাভানা আৰু ৰিপেৰিয়ান বনৰ লগতে অসংখ্য নদী, জলা, ভিজামাটি আদিয়ে বিভিন্ন ধৰণৰ স্তন্যপায়ী প্ৰাণী, প্ৰাণীকূল, বনমানুহ, সৰীসৃপ, উভচৰ প্ৰাণী, মাছ, চৰাই, পখিলা আদি জিয়াই থকাত সহায় কৰে।
অসম হৈছে ইণ্ডো-চাইনাৰ পশ্চিমীয়া সীমাত অৱস্থিত এখন ঠাই, য’ত বিভিন্ন ধৰণৰ স্তন্যপায়ী প্ৰণী পোৱা যায়। বহু ভাৰতীয় প্ৰজাতি যেনে-চিত্ৰ মৃগ, ভাঁজ হৰিণ, গঁড়, গাহৰি আদি অসমত নাইকিয়া হব ধৰিছে। ইণ্ডো-চাইনাৰ বহু কেইটা প্ৰজাতিৰ খাদ্য এই অঞ্চলত পোৱা যায়। সেই প্ৰজাতি সমূহ হৈছে মেঘলা চিতা, মাৰ্বেল মেকুৰী, সোণালী মেকুৰী, স্পটেত লিচাং, ভাৰতীয় ডাঙৰ চিভেত, ককঁৰা নেউল, নিগনি আদি। উত্তৰ পূৰ্বৰ অসমতেই সকলো ধৰণৰ প্ৰজাতৰি উপলব্ধ। ভাৰতৰ ভিতৰত অসম অন্যতম এখন ঠাই য’ত বিভিন্ন ধৰণৰ স্তন্যপায়ী প্ৰাণীৰ প্ৰজাতি পোৱা যায়। অসমত কমেও ১৯৩ প্ৰজাতি পোৱা যায়। কিন্তু বৰ্তমান সময়ত ইয়াৰে বহু কেইটা প্ৰজাতিৰ সংখ্যা কমি আহিছে।
১৫ বিধ শ্ৰেষ্ঠ বৰ্গভুক্ত স্তন্যপায়ী প্ৰাণীৰ ভিতৰত ৯ বিধ প্ৰজাতি অসমত পোৱা যায়। হলৌ বান্দৰ (হুলক গিবন) হৈছে ভাৰতৰ একমাত্ৰ উল্লুক বান্দৰ। অন্য প্ৰজাতি সমূহ হৈছে সোণালী বান্দৰ, কেপ্ত বান্দৰ, ৰিচাচ বান্দৰ, গাহৰি-নেজীয়া বান্দৰ, ষ্টাম্প টেইলড বান্দৰ, অসমীয়া বান্দৰ আৰু শ্লো লৰিজ। সোণালী বান্দৰ শংকোশ নদীৰ পশ্চিম দিশত সীমাবদ্ধ, তাৰোপৰি পূবে মানস, দক্ষিণে ব্ৰহ্মপুত্ৰ আৰু উত্তৰে ভূটান পৰ্বতত উপলব্ধ। অসমৰ পূব, মধ্য আৰু দক্ষিণাত্যিৰ ফালে উপলব্ধ, পিগ টেইল মেকিউ আৰু ষ্টাম্প টেইলড মেকিউক, স্থানীয়ভাবে গাহৰি-নেজীয়া বান্দৰ আৰু সেন্দুৰীয়া বান্দৰ বুলি জনা যায়। লাজুকী বান্দৰো অসম তথা উত্তৰ পূবাঞ্চলৰ বহু ঠাইত পোৱা যায়। বৰ্তমান সময়ত বাসস্থানৰ ক্ষতি আৰু বনাঞ্চল ধংসৰ বাৱে বান্দৰ বোৰে জীয়াই থাকিবলৈ বহুতো সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।
অসম হৈছে বিশ্বৰ এখন স্থানীয় পক্ষী এলেকা। ৯৫০ বিধ পক্ষী প্ৰজাতিৰ ভিতৰত অসমত ভাৰতীয় উপমহাদেশৰ ৫৩.৫% পক্ষী প্ৰজাতি পোৱা যায়। ১৭ বিধ পক্ষী প্ৰজাতিৰ অসমৰ স্থানীয় প্ৰজাতি। ইয়াত অন্তৰ্ভুক্ত কৰা পক্ষী প্ৰজাতিসমূহ হল মণিপুৰ বোছ কোৱেইল, মাৰ্চ বাবলেৰ, স্নৱ্য থ্ৰোটেড বাবলেৰ, ট্ৰনী ব্ৰাষ্টেড ব্ৰেন বাবলেৰ, গ্ৰে চিবিয়া, ব্লেক ব্ৰাষ্টেড পেৰট বিল, ৰাষ্টি ব্ৰাষ্টেড শৰত্বইগ আদি। অসমৰ ৪৫টা প্ৰজাতিৰ পক্ষীৰ নাম ইণ্ডিয়ান ৰেদ ডাটা বুকত উল্লেখ আছে তাৰে হুৱাইট উইংগড ওদ ডাক, ব্লাইথ ট্ৰগপান, গ্ৰেটাৰ এডযাচেন্ত, লেচাৰ এডযাচেন্ত, লেচাৰ হুৱাইট ফ্ৰন্টেত ঘোষ, মাৰব্লেদ টিল, শগুণ আদি।
অসমত বিভিন্ন ধৰণৰ সৰীসৃপ পোৱা যায়। গাঙ্গেতিক ঘৰিয়াল, ১৯টা প্ৰজাতিৰ কাছ, ৭৭টা প্ৰজাতিৰ সাপ আৰু জেঠি অসমত পোৱা যায়।
উভচৰ বৈচিত্ৰ::
অসম তথা উত্তৰ পূৰ্বাঞ্চলত ৭০টা প্ৰজাতিৰ উভচৰ প্ৰাণী পোৱা যায়।গাংগেনফিচ ফোলেৰি আৰু এচঠাইফিচ গাৰেওইনচিচ অসমৰ স্থানীয় প্ৰজাতি।
ব্ৰক্ষপুত্ৰ তথা বৰাক উপত্যকাৰ নদ, নদী, বিল, খাল আদিত বিভিন্ন ধৰণৰ মাছৰ প্ৰজাতি পোৱা যায়। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্য অংশসমূহক মাছৰ হট স্পট হিচাপে স্বীকৃতি দিয়া হৈছে। তথ্য অনুসৰি ১৯৭ প্ৰজাতিৰ ভিতৰত ১৮৫ বিধ অসমৰ। বাণিজ্যিকভাবে গুৰুত্বপূৰ্ণ মাছৰ প্ৰজাতি হৈছে ৰৌ, পভা, চিতল, মাগুৰ, শিঙি আদি। শোভাময় মাছৰ প্ৰজাতি হৈছে কলিচা, নিমাচেইলোচ, দানিও, বটিয়া আৰু চাকা। পৰিবেশ শোষণৰ বাবে ২৫ বিধ মাছৰ প্ৰজাতি বিলুপ্তপ্ৰায় অৱস্থা।
নদী থকাৰ উপৰিও বানপিড়িত অঞ্চল হোৱাৰ বাবে অসমত বহু শামুক জাতীয় প্ৰাণীৰ আশ্ৰয় স্থল। তথ্য অনুসৰি বৰ্তমানৰ লৈকে ৩৯টা প্ৰজাতি শামুক অসমত পোৱা যায়, তাৰে ১০ টা প্ৰজাতি, খাদ্য হিচাপে ব্যৱহাৰ হয়।
পখিলা হৈছে পৃথিৱীৰ অন্যতম আকৰ্ষণীয় প্ৰজাতি।তথ্য অনুসৰি ১৫০০ বিধ প্ৰজাতিৰ ভিতৰত অৰ্ধ সংখ্যক পখিলা অসম তথা উত্তৰ পূৰ্বৰ। আই.ইও.চি.এনে শ্বাল টাইল কনজাৰভেচন একচনৰ মতে উত্তৰ পূৰ্বক শ্বাল টাইল ৰিচ্চ যোন হিচাপে স্বীকৃতি প্ৰদান কৰিছে। জীৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু উদ্ভিদ ৰোপনত পখিলাই যথেষ্ট সহায় কৰে।
অসমত তথ্য অনুসৰি ৩৮৭ প্ৰজাতিৰ পতঙ্গ পোৱা যায়। ৰাজ্য খনৰ প্ৰত্যেক অংশতে এই পতঙ্গ সমূহ সিচৰিত হৈ আছে।
জনসংখ্যাৰ ফালৰ পৰা সবাতোকৈ বৃহৎ আৰু ক্ষেত্ৰফলৰ ফালৰ পৰা দ্বিতীয় স্থানত অৱস্থান কৰা অসম উত্তৰ-পূব ভাৰতত অৱস্থিত| অসমে ৭৮৪৩৮ বৰ্গ কি.মি. (৩০২৮৫ বৰ্গমাইল) ক্ষেত্ৰফল জুৰি আছে| ৰাজ্যখনক উত্তৰে, ভূটান আৰু অৰুণাচল প্ৰদেশ; পূবে, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু মণিপুৰ; দক্ষিণে, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম আৰু বাংলাদেশ; আৰু পশ্চিমে পশ্চিমবঙ্গই আৱৰি আছে। অসমৰ এক উল্লেখযোগ্য ভৌগোলিক বিশেষত্ব হ'ল যে, ভাৰতৰ ছটা ভূ-বিভাগৰ ভিতৰত ইয়াত তিনিটা ভূ-বিভাগ অর্থাৎ উত্তৰ হিমালয় (পূব পৰ্বতমালা), উত্তৰ সমতলীয় ভূমি (ব্ৰহ্মপুত্ৰ সমতল)আৰু দক্ষিণ মালভূমি (কাৰ্বি আংলং) অৱস্থিত।
জৈৱ প্রণালী:
অসমৰ জলবায়ু অৱস্থাৰ বাবে প্ৰাদুৰ্ভাৱ হোৱা জেকা বতৰ আৰু ইয়াৰ বৈচিত্র্যময় ভূমি বৃত্তিৰ লগত মিলিত হৈ বিভিন্ন ধৰণৰ প্ৰাচুৰ্য পূৰ্ণ উদ্ভিদ সম্প্ৰদায়ৰ উন্নতি বা বৃদ্ধি পোৱা দেখিবলৈ পোৱা যায় যিয়ে অসমক ভৌগোলিক ভাবে এক স্বতন্ত্ৰ পৰিচয় প্ৰদান কৰে। বহু কেইটা প্ৰজাতি ইয়াৰে স্থানীয় হোৱাৰ লগতে অসম হৈছে কল, টেঙা, আম, বগৰি আৰু চাহ আদি বাণিজ্যিক ভাবে গুৰুত্ব পূৰ্ণ উদ্ভিদ উতপত্তিৰ মূল কেন্দ্ৰ। ইয়াত উপলব্ধ বিভিন্ন ফুলৰ সমৃদ্ধি আৰু বিন্যাসৰ বাবে পণ্ডিত সকলে অসমক উত্তৰ পূৰ্বৰ “জৈৱ গেটৱে” বুলি বৰ্ণনা কৰে। বিশিষ্ট উদ্ভিদ টেক্স’নমিষ্ট আৰু ভূগোলবিদ আৰ্মেন এল. টাক্ষতাজনৰে , “ক্রেদেল অফ ফ্লাৱাৰিং প্লেণ্ট লাইছ ইন বিটুইন আছাম এণ্ড ফিজি” বুলি নিৰীক্ষণ কৰে।