বিহু অসমৰ জাতীয় উৎসৱ। বিহুৰ হৈছে জাতি, বৰ্ণ নিৰ্বিশেষে সকলো লোকে একেলগে উদযাপন কৰিব পৰা এক উৎসৱ। বিহু মূলতঃ কৃষি ভিত্তিক উৎসৱ।অসমত পালন কৰা তিনি প্ৰকাৰৰ বিহু হ'ল: ব'হাগ বিহু বা ৰঙালী বিহু, (এপ্ৰিলৰ মাজভাগত অনুস্থিত হয়) কাতি বিহু বা কঙালী বিহু, আৰু মাঘ বিহু বা ভোগালী বিহু। এই বিহুৱে অসমীয়া জাতীয় জীৱনত সমন্বয়ৰ বাৰ্তাও বিলাই আহিছে। .
ব'হাগ বিহু: বসন্তৰ আগমণত উদযাপন কৰা ব'হাগ বিহু বা ৰঙালী বিহু, অসমৰ মূল বিহু উৎসৱ। বসন্তৰ আগমনীত যেতিয়া প্ৰকৃতি নতুন ৰূপৰে জিলিকি উঠে, তেতিয়া চহা ৰাইজে জীৱন উপভোগ কৰিবলে আগবাঢ়ি আহে। ৰঙালী বিহু যৌৱনৰ উৎসৱ। এই বিহু সাত দিন পালন কৰা হয় বাবে সাত বিহু বুলিও কোৱা হয়। ব'হাগ বিহুত সন্মানৰ প্ৰতীকস্বৰূপে সৰুৱে ডাঙৰক "বিহুৱান" দিয়ে।
পাৰম্পৰিক সাজ-পোছাক পৰিধান কৰি ডেকা-গাভৰুৱে কৰা পৰম্পৰাগত বিহু নৃত্যৰ এটি মুহূৰ্ত্ত
সোঁণগুটি চপোৱাৰ পিছত অৰ্থাৎ পুহ আৰু মাঘ মাহৰ দোমাহীত মাঘ বিহু বা ভোগালী বিহু পালন কৰা হয়। পুহত শালি ধান, মাহ, তিল, মগু, আদি শস্য চপাই মানুহে ভঁৰাল ভৰায়। এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান-চাউল খাবলৈ থাকে। খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় বাবে এই বিহুৰ আন এটা নাম ভোগালী বিহু। এই বিহুত সান্দহ, চিৰা, নানা তৰহৰ পিঠা-পনা, লাডু,আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে। মাঘ বিহুৰ মূল আকৰ্ষণ হ'ল মেজি জ্বলোৱা। গাঁৱৰ ডেকা- বুঢ়া, জীয়ৰী-বোৱাৰী সকলে নৰা-কাটি মেজি প্ৰস্তুত কৰে। উৰুকাৰ দিনা তেওঁলোকে লগ লাগি ভোজ ভাত খাই গীত গাই উজাগৰে থাকে। ৰাতি পুওৱাৰ লগে লগে গা-পা ধুই মেজিত জুই লগাই দিয়ে। জুই জ্বলি উঠিলে মন্ত্ৰ মাতি মাহ, মগু, পিঠা, চাউল, ঘিঁউ আদি দি অগ্নিক সেৱা কৰে। মেজি পোৰাৰ শেষত তাৰ ছাঁইৰে সকলোৱে ফোঁট লয়।
কাতি বিহু: আহিন আৰু কাতিৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। এইসময়ত মানুহৰ আহু ধান শেষ হয়, শালি ধানো চপাবৰ নহয়। মানুহৰ অভাব-অনাটন হয়। সে্যেহে এই বিহুক কঙালী বিহু বোলে। পথাৰত আকাশ বন্তি জলাই, ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তাৰ গুৰিত চাকি জ্বলাই নাম গায়, ঘৰৰ চোতালৰ চাৰিওফালে চাকি জ্বলায় কাতি বা কঙালী বিহু পালন কৰা হয়।.
প্ৰত্যেকটো বিহুই জাতীয় জীৱনত একোটা অৰ্থ বহন কৰি আহিছে। বীজ সিঁচাৰ সময়ত নতুন বছৰৰ আদৰণী জনাই বহাগ বিহু আৰম্ভ হয়, কাতি বিহুত ধানগুটি ৰোপণ আৰু সিঁচা কাৰ্যৰ অন্ত পৰে আৰু ভৰাল উদং হয় আৰু মাঘ বিহুই শস্য চপোৱাৰ ইংগিত বহন কৰে।
আহোম সম্প্ৰদায়ৰ আটাইতকৈ উল্লেখনীয় উৎসৱ হৈছে মে-ডাম-মে-ফি অৰ্থাৎ আহোম সম্প্ৰদায়ৰ সকলোৱে পালন কৰা ‘পূৰ্ব্ব পুৰুষক’ পূজা কৰা উৎসৱ ।এই উৎসৱ প্ৰতিবছৰে ৩১ জনুৱাৰী তাৰিখে পালন কৰা হয় আৰু এই উৎসৱতে সকলো আহোম মানুহৰ মজত সামাজিক ভাৱে যোগা্যোগ হৈ একতাৰ ডোলেৰে বান্ধ খাই থাকে।
মে-ডাম-মেফীৰ দিনা টাই-আহোমসকলে তেওঁলোকৰ পূৰ্বপুৰুষ সকলক প্ৰাৰ্থনা কৰাৰ দৃশ্য
এই উপলক্ষে ভক্ত বৃন্দই জাক জমকীয়া জাতীয় পোচাক পৰিধান কৰি শোভা্যাত্ৰা উলিয়াই। এটা বিশ্বাস জনসাধাৰণৰ মাজত আছে যে যদিহে পদ্ধতি মতে মে-ডাম-মে-ফি উৎসৱ পালন কৰা নহয় , তেন্তে দেৱতা সকল অসন্তষ্ট হয় আৰু তাৰ ফলস্বৰূপে দেশত সঙ্কটৰ সৃষ্টি , যেনে ৰাজনৈতিক বিদ্ৰোহ আৰু গৃহযুদ্ধ , বিদ্ৰোহ , বানপানী আৰু ভূমিকম্প আদি ধন- জনৰ হানি হ’ব পাৰে, গতিকে মানুঽ আৰু সমাজৰ মঙ্গলৰ বাবে মে-ডাম-মে-ফি পালন কৰাটো নিশ্চিত।
পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপটোৱেই হ'ল মাজুলী। লুইতৰ পাৰত উদযাপন কৰা মাজুলী উৎসৱ প্ৰতি বছৰে শীত কালত অৰ্থাৎ নৱেম্বৰ মাহত অনুষ্ঠিত হয়। চাৰিদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হোৱা এই উৎসৱত জাতিগত দলসকলে তেওঁলোকৰ সাংস্কৃতিক নৃত্য - কলা পৰিবেশন কৰি দৰ্শকক আকৰ্ষিত কৰে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিল্পী আৰু কলাকাৰসকলে নিজে প্ৰস্তুত কৰা পৰম্পৰাগত হস্তশিল্প, অলংকাৰকে সামৰি থলুৱাভাবে তৈয়াৰ কৰা বেত আৰু বাঁহৰ সামগ্ৰী প্ৰদৰ্শনীৰ বাবে লৈ আহে। এই উৎসৱত খাদ্য উৎসৱৰো আয়োজন কৰা হয় আৰু বিশেষ ভাবে ৰাজ্যৰ থলুৱা খাদ্য সম্ভাৰৰ লগতে মাজুলী স্থিত জনজাতিসকলৰ এক সমৃদ্ধ প্ৰদৰ্শন আয়োজিত হয়।
মাজুলী ৰাসলীলাৰ এক অৱলোকন
পৰ্যটকৰ বাবে মাজুলী মহোৎসৱ হৈছে অন্য এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু তথা নদীদ্বীপ মাজুলীৰ সংস্কৃতি আৰু পৰম্পৰাৰ এক নিদৰ্শন পৰ্যটকৰ সমুখত দাঙি ধৰে। সত্ৰনগৰী বুলি পৰিচিত মাজুলী প্ৰকৃতিক ভাবেও অত্যন্ত মনমোহা লগতে উৎসৱৰ বাবে আদৰ্শনীয় ঠাই।
দিহিং পাটকাই উৎসৱ হৈছে অসমৰ তিনিচুকীয়া জিলাৰ লেখাপানীত অনুষ্ঠিত হোৱা বাৰ্ষিক উৎসৱ। পাটকাই পৰ্বত আৰু দিহিং নদীৰ নাম অনুসৰি এই উৎসৱৰ নাম দিহিং পাটকাই উৎসৱ ৰখা হৈছে। ২০০২ চনৰ পৰা এই উৎসৱ নিয়মীয়াকৈ উদ্যাপন কৰি অহা হৈছে। .
২০০২ বৰ্ষৰ উৎসৱত মুখ্য অতিথি আছিল সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ড. এ.পি.জে. আব্দুল কালাম। পৰ্যটক সকলক আনন্দ-উল্লাস কৰাৰ সুবিধা কৰি দিয়া লক্ষ্যৰে এই উৎসৱ অসম চৰকাৰে আয়োজন কৰে। দিহিং পাটকাই উৎসৱত বিশেষকৈ চাহ উদ্যোগৰ লগত জড়িত ঠাই ভ্ৰমণ, জনগোষ্ঠীসমূহৰ দ্বাৰা ব্যৱহৃত সামগ্ৰী সমূহৰ মেলা, প্ৰাকৃতিক পৰিৱেশৰ মাজত আমেজ লোৱা আদি অন্তৰ্ভুক্ত কৰা হৈছে। এই উৎসৱৰ এটা উল্লেখযোগ্য আকৰ্ষণ হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ সৈন্যসকলৰ সমাধিস্থল পৰিভ্ৰমণ কৰাৰ সুবিধা দিয়া হয়। ইয়াৰ উপৰিও অসমক ম্যানমাৰৰ লগত সংযোজিত কৰা ষ্টিলৱেল পথটো চোৱাৰো সুবিধা দিয়া হয়।
এই উৎসৱৰ সময়ত খাদ্য সামগ্ৰীৰ মেলা, বাণিজ্য মেলা, সাংস্কৃতিক অনুষ্ঠান আদিৰো আয়োজন কৰা হয়। পৰ্যটকসকলে হাতী ছাফাৰীৰ জৰিয়তে বনাঞ্চলসমূহ চোৱাৰো সুবিধা কৰি দিয়া হয়। এই উৎসৱৰ সময়ত চাহ বাগান আৰু ডিগবৈৰ তৈলক্ষেত্ৰ সমূহ পৰিভ্ৰমণ কৰিবলৈ ইয়াৰ পৰা সুবিধা কৰি দিয়া হয়।
কাজিৰঙা হস্তী মহোৎসৱ হৈছে অসমৰ কাজিৰঙাত উদযাপন কৰা বাৰ্ষিক হস্তী মহোৎসৱ। হাতীৰ সংৰক্ষণ আৰু সুৰক্ষা বিষয়ে সাধাৰণ ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাই হৈছে এই উৎসৱৰ মূল উদ্দেশ্য। ২০০৩ চনৰে পৰা এই উৎসৱ নিয়মীয়াকৈ পাতি অহা হৈছে।.
কাজিৰঙা হস্তী মহোৎসৱৰ সময়ত পেৰেডৰ বাবে শাৰী পাতি থকা হাঁতীৰ দল
হৈছে।অসম চৰকাৰৰ পৰ্যটন আৰু বন বিভাগে যুটীয়াকৈ এই উৎসৱৰ আয়োজন কৰে। শতাধিক ঘৰচীয়া হাতীয়ে এই উৎসৱত অংশগ্ৰহণ কৰে। হাতীবিলাকে ইয়াত আয়োজন কৰা বিভিন্ন দৌৰ, পেৰেড, ফুটবল আদি খেলত ভাগ লয়।
আলি আঃয়ে লৃগাং অসমৰ মিচিং বা মিৰি জনজাতিৰ এক বসন্ত উৎসৱ। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱ পালন কৰা হয়। এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়। প্ৰথম অৱস্থাত ফাগুন, চ'ত বা ব'হাগ মাহৰ কোনো এটা দিনত এই উৎসৱ পালন কৰিছিল যদিও ১৯৫৬ চনত মিচিং সকলৰ বৃহত্তম আৰ্থ-সামাজিক অনুষ্ঠান বানে কেবাঙে(তেতিয়াৰ নাম আছিল নানে কেবাং)আলি-আয়ে-লৃগাং উৎসৱ ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰিবৰ বাবে প্ৰস্তাৱ আগবঢ়াই আৰু তেতিয়াৰ পৰাই ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ পালন কৰা হয়।
আলি আঃয়ে লৃগাংত অংশগ্ৰহণ কৰা নৃত্যৰ দল
আলি আঃয়ে লৃগাং মুখ্যতঃ বসন্তকালীন উৎসৱ। পূৰ্বতে আলি-আয়ে-লৃগাং উৎসৱ পাঁচদিনীয়াকৈ পালন কৰা হৈছিল।
মিচিং ভাষাত "আলি" মানে শস্যৰ বীজ, "আঃয়ে" মানে ফল আৰু "লৃগাং" মানে সিঁচাবলৈ আৰম্ভ কৰা; অৰ্থাৎ আলি-আয়ে-লৃগাং মানে হৈছে শস্য সিঁচাৰ প্ৰথম দিন। সাধাৰণতে এই উৎসৱত মিচিংসকলে শস্য সিঁচাৰ লগতে ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে সমূহীয়া ভোজভাত খাই নানান নৃত্য-গীত কৰে। পুৱাতে গাঁৱৰ জীয়াৰী-বোৱাৰীহঁতে তিয়াই ৰখা বৰা চাউল তৰাপাতেৰে টোপোলা বান্ধি 'পুৰাং' আপিন সিজায়। খোৱা-বোৱাৰ অন্তত নৃত্য-গীত কৰা হয়। ল'ৰা-বুঢ়া,ডেকা-গাভৰু সকলোৱে উলহ-মালহেৰে অংশ লোৱা এই নৃত্যক 'পাক্ছ-মনাম্' বোলা হয়। .
অসমৰ এটা অতি আকৰ্ষণীয় উৎসৱ হ'ল জোনবিল মেলা । মৰিগাঁৱৰ মধ্যৱৰ্তী অঞ্চলৰ জাগীৰোডৰ পৰা উত্তৰে তিনি কিলোমিটাৰ দূৰত্বত (গুৱাহাটীৰ পৰা ৩২ কিমি) অৱস্থিত এখন বিলৰ নাম হৈছে জোনবিল। এই বিলৰ পাৰত অনুষ্ঠিত হোৱা মেলাৰ নামেই জোনবিল মেলা। মাঘ বিহুৰ পিছৰ সপ্তাহত এই মেলা অনুষ্ঠিত হয়।
জোনবিল মেলাৰ সময়ত ৰাজহুৱাভাবে মাছ মৰা মুহূৰ্ত্ত
এই মেলাৰ বিশেষ তাৎপৰ্য হৈছে পাহাৰত বসবাস কৰা জনজাতীয় তিৱা লোকসকলে তাত উৎপাদিত বিভিন্ন দ্ৰব্য ভৈয়ামত বাস কৰা তিৱা তথা অন্য জনগোষ্ঠীয় লোকসকলে তৈয়াৰ কৰা পিঠা, সান্দহ, শুকান মাছ আদিৰ সৈতে বিনিময় কৰে। ইয়াত জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোৱে দ্ৰব্য বিনিময় কৰে। সেয়ে এই মেলা হৈছে সম্প্ৰীতিৰ মেলা। জোনবিল মেলাৰ আৰম্ভণি কোনে, কেতিয়া কৰিছিল তাৰ সঠিক তথ্য পোৱা নাযায় যদিও তাহানিৰ গোভাৰাজ্য প্ৰতিষ্ঠাৰ দিনৰে পৰা এই মেলাৰ আৰম্ভণি হোৱা বুলি পণ্ডিত-গৱেষকসকলে মত পোষণ কৰিছে। গোভাৰজা হৈছে ইয়াৰ জন্মদাতা। জোনবিল মেলা মাঘ বিহুৰ পিছৰ সপ্তাহত আৰম্ভ হয়। সপ্তাহটোৰ মঙ্গল-বুধবাৰৰ পৰা মানুহৰ সমাগম হয় যদিও শুক্ৰবাৰ আৰু শনিবাৰেহে প্ৰধান মেলা হয়। মেলা আৰম্ভ হোৱাৰ পূৰ্বে জোনবিলত ৰজাৰ পাৰিষদবৰ্গ তথা বিভিন্ন গাঁৱৰ নিৰ্দিষ্ট ব্যক্তিবোৰে মাছ মাৰে, ইয়াক 'ৰজা মাছ' মৰা বুলি কয়। সেই মাছেৰে জোনবিলৰ পাৰত ৰজাৰ সহিতে সকলোৱে মিলিজুলি ভোজভাত খায়।
মেলাৰ মূল বিষয় হৈছে বিনিময় প্ৰথা। বৰ্তমান যুগত টকা-পইচাৰে ক্ৰয় বিক্ৰয় কৰাৰ সময়তে এই মেলাত থলুৱা খাদ্য দ্ৰব্যৰে আদান-প্ৰদান কৰি থকা প্ৰথা দেখা যায়। পাহাৰত বসবাস কৰা তিৱাসকলে তেওঁলোকৰ উৎপাদিত খাদ্য শস্য, কৃষি সামগ্ৰী যেনে-কচু, হালধি, বাঁহগোজ, জলকীয়া, ঠেকেৰা, লা, শালধূনা আদি ভৈয়ামৰ লোকসকলৰ সান্দহ, পিঠা, মাছ ইত্যাদিৰ সৈতে বিনিময় কৰে। এই মেলাত খাচিয়া, জয়ন্তীয়া, গাৰো,কাৰ্বি পাহাৰৰ লোকসকলেও অংশগ্ৰহণ কৰে। এই উৎসৱটো অসমত বৰ জাকজমকীয়া আৰু আগ্ৰহেৰে পালন কৰা হয় ।এই উৎসৱটো সাধৰণতে অসমৰ ‘ বড়ো-কছাৰী’জনগোষ্টীয়ে পালন কৰে আৰু বড়ো জনগোষ্ঠীৰ বাবে এইটো এটা ডাঙৰ উৎসৱ । সহস্ৰ ৰং আৰু তামাচাৰ বাবে বিখ্যাত এই উৎসৱটো বড়ো-কছাৰী সকলে এপ্ৰিলৰ মাজভাগত পালন কৰে । বড়ো জনগোষ্ঠীৰ বাবে এইটো এটা ম ন ত ৰাখিবলগা উৎসৱ । নতুন বছৰৰ আগমনৰ লগে লগে ও বসন্ত কালত বড়োসকলে এই উৎসৱ পালন কৰে। এই বৈশাগু উৎসৱত বহুবিলাক পৰম্পৰাগত বাদ্যযন্ত্ৰ বিলাক হ’ল ,- বাং , জোঠা , গগনা , চিফুং , খাম ইত্যাদি । এই বৈশাগু উৎসৱ এডোখৰ বিশেষ ঠাইত প্ৰাৰ্থনা কৰাৰ বাবে সমজুৱা ভাৱে লগ হয় আৰু অসমীয়াত ইয়া ‘ গৰজাশালী ’ বুলি কয়।
আসমৰ কাৰ্বি আংলংত বসবাস কৰা খিলঞ্জীয়া কাৰ্বি জনগোষ্ঠীসকলৰ বাবে ৰংকাৰ আৰু চমাংকান উৎসৱদ্বয় হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ উৎসৱ। ৰংকাৰ হৈছে বিশেষকৈ নতুন বছৰৰ আৰম্ভনিতে পৰিবেশন কৰা বসন্তকালীন মহোৎসৱ। বয়সীয়া লোকৰ দ্বাৰা গাওঁখনৰ সকলোৰে মংগলৰ বাবে আৰু বছৰটো বেমাৰ-আজাৰৰ তথা প্ৰাকৃতিক দুৰ্যোগ মুক্ত হৈ থাকিবলৈ বিভিন্ন দেৱ-দেৱীক পূজা-অৰ্চনা অৰ্পণ কৰে। সু ফচল সংগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখিও তেওঁলোকে প্ৰাৰ্থনা কৰে। উল্লেখযোগ্য যে এনেধৰণৰ প্ৰাৰ্থনাসভাত মহিলাৰ প্ৰবেশ নিষিদ্ধ ।
চমাংকান হৈছে কাৰ্বি জনগোষ্ঠীৰ অন এক উল্লেখনীয় পৰম্পৰাগত উৎসৱ। ভূত-প্ৰেত আদি দেৱতাৰূপী শিৱ বা বূঢ়াগোসাঁইৰ ভক্তিত মজি থকা কাৰ্বি সকলৰ চমাংকান হ'ল মৃতকৰ উৎসৱ। মৃতকৰ আত্মাৰ শান্তি কামনা কৰি এই উৎসৱ পতা হয়। কাৰ্বি বিশ্বাস অনুসৰি চমাংকান অবিহনে মৃতকৰ আত্মাই সম্পূৰ্ণ ৰূ’পে পাপ-তাপ, দুখ-ক্লেশ আদিৰপৰা পৰিত্ৰাণ নাপায়। সাধাৰণতে তিনিদিনীয়াকৈ এই অনুষ্ঠান পতা হয়। চমাংকান এটা খৰচী অনুষ্ঠান, সেয়ে সকলো গৃহস্থই চমাংকান পাতিব নোৱাৰে। সেয়ে বহুকেইজন মৃতকৰ বাবে একেলগেও চমাংকান পতা হয়।
প্ৰতিবছৰে অসমৰ যোৰহাট জিলাত চাহ উৎসৱ অনুষ্ঠিত হয়। সৰ্বাত্মক চাহ বাগান, বিশ্ব বিখ্যাত টোকলাই চাহ গৱেষণা কেন্দ্ৰ আৰু চাহ উদ্যোগৰ মুখ্য কেন্দ্ৰ হিচাপে যোৰহাট প্ৰসিদ্ধ।
অসমৰ ৰুচিকৰ সেউজীয়া চাহ বাগিছা
উৎসৱৰ সময়ত অনুষ্ঠিত সামৰি লোৱা অনুষ্ঠানসমূহ যেনে, বাগিচাৰ চৌপাশে থকা চাহ বাগান ভ্ৰমণ, এতিয়াও ব্যৱহাৰোপযোগী তথা জাংগল চাফাৰীৰ সাজু পৃথিৱীৰ ভিতৰত তৃতীয় বৃহৎ প্ৰাচীন গোল্ফ ক্লাব "যোৰহাট জিমখানা"ত খেলা গোল্ফ, বজাৰ-সমাৰ আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠান যেনে, জনজাতীয় নৃত্য, লোক নৃত্য, স্থানীয় লোকসকলৰ দ্বাৰা প্ৰস্তুত কৰা থলুৱা খাদ্যসম্ভাৰৰ আমেজ লোৱা আদি কাৰ্যসম্ভাৰো এই মহোৎসৱৰ অন্তৰ্ভুক্ত। প্ৰতি বছৰে এই উৎসৱ শীতকালত অৰ্থাৎ নৱেম্বৰৰ পৰা জানুৱাৰীলৈ অনুষ্ঠিত কৰা হয়। চাহ বাগানৰ সমৃদ্ধিক সমগ্ৰ ৰাজ্যই এই উৎসৱেৰেই উদযাপন কৰে আৰু প্ৰতিবছৰে চাহ উৎপাদনৰ হাৰ বৃদ্ধি, সুৰক্ষাৰ লগতে শুধৰণিৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰে। বিভিন্ন প্ৰান্তৰ পৰা অহা অতিথিসকলক ভিন্ন সোৱাদৰ চাহ প্ৰদান কৰে। বাগানৰ যিকোনো সমস্যা সম্পৰ্কত আলোচনা কৰিবলৈ চাহ উদ্যোগৰ ভিতৰচৰাতেই সন্মিলনৰ আয়োজন কৰা হয়। পৃথিৱীৰ সৰ্ববৃহৎ চাহ নিলাম কেন্দ্ৰ ৰূপে প্ৰসিদ্ধ গুৱাহাটী চাহ নিলাম কেন্দ্ৰ অতিথিৰ বাবে কৰা দৰ্শনৰ ব্যৱস্থা হৈছে উৎসৱসমূহৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু।
ৰাসলীলা উৎসৱ মূলতঃ হৈছে এটি ধৰ্মীয় উৎসৱ। অসমৰ বিভিন্ন প্ৰান্তত এই উৎসৱ উদ্যাপিত হয়। মাজুলীৰ দক্ষিণপাট সত্ৰত পোন প্ৰথমবাৰৰ বাবেএই উৎসৱৰ আৰম্ভ হয়। ৰাস মহোৎসৱৰ সময়ত মাজুলী তীৰ্থস্থানলৈ ৰূপান্তৰিত হয়। শৰৎ কালৰ পূৰ্ণিমা তিথিত আয়োজন কৰা ৰাসলীলা মাজুলীবাসীৰ বাবে মুখ্য উৎসৱ।
মাজুলীৰ ৰাসলীলাত অনুষ্ঠান পৰিবেশন কৰাৰ মুহূৰ্ত্তত এটি দল
মূলত: আধ্যাত্মিক তত্ত্বসমৃদ্ধ ৰাসলীলা অসমৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় যদিও মাজুলীৰ ৰাসলীলাত হোৱা আড়ম্বৰপূৰ্ণ অনুষ্ঠানে সুকীয়া বৈশিষ্ট্য বহন কৰে। কাতি-আঘোণ মাহৰ পূৰ্ণিমা তিথিত আয়োজন কৰা ৰাসলীলা হৈছে বাৰ্ষিক মহোৎসৱ। ৰাসোৎসৱৰ সময়ত প্ৰতি বছৰে ভক্তপ্ৰাণ ৰাইজে বিভিন্ন মন্দিৰ দৰ্শন কৰে। ৰাস বুলি কলেই মাজুলী, নলবাৰী আৰু হাউলীৰ ৰাস বিশেষ ভাবে উল্লেখনীয়।
চাহ জনগোষ্ঠীসকলৰ মাজত কৰম পূজা এক সৰ্বজনীন, জনপ্ৰিয় আৰু তাৎপৰ্য্যপূৰ্ণ অনুষ্ঠান। মূলত: ই এক কৃষিভিত্তিক পূজা । অসমত কৰম পৰব বা কৰম পূজা বছৰৰ তিনিটা সময়ত আয়োজন কৰা হয়।
এই পূজাৰ সময়ছোৱাত চাহ জনগোষ্ঠীসকল একগোট হৈ ঢাক-ঢোল বজাই নাচি-বাগি গীত গাই আনন্দ কৰে। তাৰপিছত তেওঁলোক কৰম গছৰ এটা বা অধিক ডাল কাটে। .
কৰম গছৰ চৌপাশে ৰাইজে গীত গায়, নৃত্য কৰি থকা দৃশ্য
সাধাৰণতে দেৱতাৰ প্ৰশংসাৰ অৰ্থে গীত গোৱা অবিৱাহিত মহিলা বা গাভৰু ছোৱালী কটা ডালটো কঢ়িয়াই আনে। গাওঁলৈ কঢ়িয়াই অনা ডালটো পথাৰৰ সৌমাজত গোবৰ আৰু ফুলেৰে সোশোভিত কৰি ৰোপণ কৰে।
ভাদ, আহিন আৰু আঘোণ মাহত কৰম পূজা পালন কৰা হয়। ক'ৰবাত তিনি দিন, ক'ৰবাত পাঁচ দিন আৰু ক'ৰবাত সাত দিন ধৰি এই পূজা পালন কৰা হয়। ভাদ মাহৰ শুক্লা-একাদশী তিথিত উদযাপন কৰা কৰম পূজাক জীতিয়া কৰম বোলে।
এই উৎসৱটো অসমত বৰ জাকজমকীয়া আৰু আগ্ৰহেৰে পালন কৰা হয় । এই উৎসৱটো সাধৰণতে অসমৰ ‘ বড়ো-কছাৰী’ জনগোষ্টীয়ে পালন কৰে আৰু বড়ো জনগোষ্ঠীৰ বাবে এইটো এটা ডাঙৰ উৎসৱ । সহস্ৰ ৰং আৰু তামাচাৰ বাবে বিখ্যাত এই উৎসৱটো বড়ো-কছাৰী সকলে এপ্ৰিলৰ মাজভাগত পালন কৰে।
বড়ো জনগোষ্ঠীৰ বাবে এইটো এটা ম ন ত ৰাখিবলগা উৎসৱ । নতুন বছৰৰ আগমনৰ লগে লগে ও বসন্ত কালত বড়োসকলে এই উৎসৱ পালন কৰে। এই বৈশাগু উৎসৱত বহুবিলাক পৰম্পৰাগত বাদ্যযন্ত্ৰ বিলাক হ’ল ,- বাং , জোঠা , গগনা , চিফুং , খাম ইত্যাদি । এই বৈশাগু উৎসৱ এডোখৰ বিশেষ ঠাইত প্ৰাৰ্থনা কৰাৰ বাবে সমজুৱা ভাৱে লগ হয় আৰু অসমীয়াত ইয়া ‘ গৰজাশালী ’ বুলি কয়।
ফাকুৱাৰ লগত জড়িত অসমৰ অন্যতম উৎসৱ হ'ল দৌল উৎসৱ। বৰপেটাৰ স্থানীয় ভাষাত এই উৎসৱক দেউল বোলা হয়। এই উৎসৱ তিনিদিনীয়া, চাৰিদিনীয়া বা পাঁচদিনীয়াকৈ অনুষ্ঠিত কৰা হয়। সাধাৰণতে ফাগুন মাহৰ পূৰ্ণিমা তিথিত দৌল হ'লে চাৰিদিনীয়াকৈ বা পাঁচদিনীয়াকৈ আৰু চ'তৰ মাহৰ পূৰ্ণিমা তিথিত দৌল হ'লে তিনিদিনীয়াকৈ পালন কৰা হয়।
ভগৱান শ্রী কৃষ্ণ প্ৰতিমাৰ এবাৰ দৰ্শন পাবলৈ একত্রিত হোৱা ভক্তগণ
চাৰিদিনীয়া বা পাঁচদিনীয়া দৌলক ডেকাদৌল আৰু তিনিদিনীয়া দৌলক বুঢ়াদৌল বোলা হয়। হোলী গীত বা সংগীত বৰপেটা দৌল উৎসৱৰ সাংস্কৃতিক ঐতিহ্যৰ সাহিত্যিক তথা সংগীতময় অৱদান। হিন্দুসকলৰ আৰাধ্য দেৱতা শ্রীকৃষ্ণ বা বিষ্ণুৰ উদ্দেশ্য কৰি এই উৎসৱ পালন কৰা হয়। ধৰ্মীয় আৰু লৌকিক পৰম্পৰাৰে পালন কৰা হোলী উৎসৱৰ সৃষ্টিৰ সৈতে বহুতো পৌৰাণিক আখ্যান জড়িত হৈ আছে।
হোলী গীত বা গানবোৰ বৰপেটা দৌল উৎসৱৰ সাংস্কৃতিক ঐতিহ্যৰ এক অনন্য সাহিত্য আৰু সংগীতৰ অৱদান। দৌল উৎসৱৰ শেষ দিনা বাঁহ ভঙা এক অন্যতম আকর্ষণীয় অঙ্গ। দৌল উৎসৱৰ শেষৰ দিনটোত চহৰখন গোলাপী ৰঙেৰে ৰঙীণ হৈ যায় যিটো নিজেই এক শোভনীয় দৃশ্য হৈ পৰে। দেশৰ বিভিন্ন স্থানৰ লোক আৰু বিদেশী পর্যটকসকলে বৰপেটাৰ দৌল চোৱাৰ বাবে আৰু শ্রীকৃষ্ণৰ আশীর্বাদ পাবলৈ এই উৎসৱটো পর্যবেক্ষণ কৰে।
অম্বুবাচী মেলা হৈছে পূব ভাৰতৰ সৰ্ববৃহত সমাৰোহ। কামাখ্যা মন্দিৰৰ ই এক অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান আৰু প্ৰতিবছৰে জুন মাহত ইয়াক উদযাপন কৰা হয়। এই উত্সৱ হৈছে প্ৰধানকৈ কঠোৰ ধৰ্মীয় ৰীতি নীতি, শক্তিমূলক কাৰ্য্য-কলাপৰে উদযাপন কৰা এক উত্সৱ। কামাখ্যাই মাঁ প্ৰথা, শক্তিক সূচাই বুলি বিশ্বাস কৰা হয়। অম্বুবাচীৰ সময়ত হিন্দু মাহ আষাৰৰ ৭ম দিনটোৰ পৰা ১০ম দিনটোলৈ সকলো মন্দিৰৰ দুৱাৰ বন্ধ কৰি ৰখা হয় যিহেতু এই সময়ছোৱাক মাঁ-কামাখ্যাৰ ৰজস্বলাৰ সময় বুলি জ্ঞান কৰা হয়। ইয়াৰ দ্বদশ দিনটোত আনুষ্ঠানিক ভাৱে মন্দিৰৰ দুৱাৰ খুলি দিয়া আৰু মন্দিৰ চৌহদত সেইদিনাই এক বিশাল মেলাৰ আয়োজন কৰা হয়।
মা কামাখ্যা মন্দিৰত অনুষ্ঠিত হোৱা অম্বুবাচী মেলা
অম্বুবাচীৰ অৰ্থ হৈছে পানীৰ সৈতে উচ্চাৰণ কৰা আৰু এই মাহত বৰষুণ অহাৰ সম্ভাৱনাকো বুজুৱা হয় অম্বুবাচীৰ জৰিয়তে যি পৃথিৱীৰ উৰ্বৰতা বৃদ্ধি কৰে আৰু ইয়াক উত্পাদনক্ষম কৰি তুলে। সকলো কৃষিমূলক কাম-কাজ যেনে হাল বোৱা, খান্দা, শস্য ৰোৱা আৰু শস্যৰ পৰিবহন এই সময়ত বন্ধ ৰখা হয়। বিধৱা, ব্ৰহ্মচাৰী আৰু ব্ৰাহ্মিণ সকলেও ৰন্ধা-বঢ়া বন্ধ ৰাখে। চতুৰ্থ দিনা অৰ্থাৎ অম্বুবাচী সমাপ্ত হোৱাৰ দিনা ঘৰৰ সকলো বাচন-বৰ্তন, কাপোৰ আদি ধুই পেলোৱা হয় আৰু সেইবোৰত শান্তি পানী চটিওৱা হয়, এই সকলো শুদ্ধিৰ কাম কৰাৰ পাছত আৰু প্ৰয়োজনীয় ৰীতি নীতি সমূহ সম্পূৰ্ণ কৰাৰ পাছত কামাখ্যা দেৱীক প্ৰাৰ্থনা কৰা হয়। এই সকলোবোৰৰ পাছত মঠ-মন্দিৰত প্ৰৱেশ কৰাটো শুভ বুলি জ্ঞান কৰা হয়।
এইদৰেই অম্বুবাচীৰ এক স্বকীয়তা আছে, কৃষি-সমাজ আৰু ধৰ্মীয় আদৰ্শৰ গঠনমূলক প্ৰভাৱে এই পৰিঘটনা বাস্তৱ হোৱাৰ ক্ষেত্ৰত অৰিহনা যোগাইছে। এইদৰে ধৰ্মীয় পন্থীয়ে সহাৰি জনোৱা এই এক প্ৰতিকী স্বৰূপ।তান্ত্ৰীক সাধনাৰ ক্ষেত্ৰত কামাখ্যা এক অপ্ৰতিদণ্ডি কেন্দ্ৰ স্বৰূপো। ইয়াত এক তান্ত্ৰীক সমাজো আছে যি তেওঁলোকৰ গুৰুত্বপূৰ্ণ ৰাজেশ্বৰী পূজাও উদযাপন কৰে। তেওঁলোকৰ সকলো কাৰ্য্য গোপনীয় ভাৱে কৰা হয় কেৱল ইয়াৰ আৰম্ভণিৰ বাহিৰে। এই প্ৰথাৰ কোনো বাহ্যিক প্ৰদৰ্শন কৰা নহয়।
বাৰেচহৰীয়া ভাওনা প্ৰতি ৫ বছৰৰ অন্তৰত অনুষ্ঠিত হোৱা ভাওনা মহোৎসৱ।'বাৰে' মানে অনেক আৰু 'চহৰীয়া' মানে ৰাইজ। গতিকে অনেক গাঁৱৰ ৰাইজ একগোট হৈ যি ভাওনা উদযাপন কৰে সেয়াই বাৰেচহৰীয়া ভাওনা। এই ভাওনাই প্ৰায় ২১৩ বছৰ ধৰি এই অঞ্চলৰ ঐতিহ্য বহন কৰি আহিছে। আনুমানিক ১৭৯৭-৯৮ চনৰ পৰা বৰ্তমানলৈকে জামুগুৰিহাটত এই ভাওনা অনুস্থিত হৈ আহিছে। ডবা,কাহ, ভোৰতাল, খোলৰ শব্দ আৰু গায়ন বৰাৰ সৈতে ভাওনা আৰম্ভ হয়। ভাওনা হৈছে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ দ্বাৰা সৃষ্ট অসমৰ নৱ-ৱৈষ্ণৱ সংস্কৃতিৰ পৰম্পৰাগত নাট্য উৎসৱ। জনসাধাৰণৰ মাজত নৱ-ৱৈষ্ণৱ প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ মহাপুৰুষজনাই বিভিন্ন পথ যেনে নাটক, চিহ্নিযাত্ৰা আদি অৱলম্বন কৰিছিল।
জনসংখ্যাৰ ফালৰ পৰা সবাতোকৈ বৃহৎ আৰু ক্ষেত্ৰফলৰ ফালৰ পৰা দ্বিতীয় স্থানত অৱস্থান কৰা অসম উত্তৰ-পূব ভাৰতত অৱস্থিত| অসমে ৭৮৪৩৮ বৰ্গ কি.মি. (৩০২৮৫ বৰ্গমাইল) ক্ষেত্ৰফল জুৰি আছে| ৰাজ্যখনক উত্তৰে, ভূটান আৰু অৰুণাচল প্ৰদেশ; পূবে, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু মণিপুৰ; দক্ষিণে, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম আৰু বাংলাদেশ; আৰু পশ্চিমে পশ্চিমবঙ্গই আৱৰি আছে। অসমৰ এক উল্লেখযোগ্য ভৌগোলিক বিশেষত্ব হ'ল যে, ভাৰতৰ ছটা ভূ-বিভাগৰ ভিতৰত ইয়াত তিনিটা ভূ-বিভাগ অর্থাৎ উত্তৰ হিমালয় (পূব পৰ্বতমালা), উত্তৰ সমতলীয় ভূমি (ব্ৰহ্মপুত্ৰ সমতল)আৰু দক্ষিণ মালভূমি (কাৰ্বি আংলং) অৱস্থিত।