ৰাজ্যখনৰ কৃষি জলবায়ুই বিভিন্ন ধৰণৰ ফল-মূল যেনে, নাৰিকল, কল, আনাৰস, কমলা আদি, শাক-পাচলি, আদা, জলকীয়া, জালুক, হালধি আদি মচলা জাতীয় সমগ্ৰী আদি উৎপাদনৰ ক্ষেত্ৰত পক্ষপাতিত্ব কৰে।কিছুদিন আগলৈকে উদ্যান শষ্যক বহুলভাবে অবাণিজ্যিক কাৰ্য ৰূপে অনুশীলন কৰা হৈছিল। উন্নতমানৰ ৰোপণ সামগ্ৰী, জৈৱ পাম, পৰ্ষাপ্ত গৱেষণা সমৰ্থন আৰু অধিক জনাৰ লগতে ৰাজ্যই অতি সহজেই উদ্যান শষ্য তথা খাদ্য সংসাধন ক্ষেত্ৰত ব্যপক উৎকৰ্ষ সাধন কৰিব পাৰে।
উদ্যানপালন খণ্ডই উল্লেখিত শস্য আৰু কাৰ্যকলাপসমূহক সামৰি লয়
উন্নত খাদ্য প্ৰস্তুত কৰাৰ বাবে এই খণ্ডটোৱে অসমত যথেষ্ট প্ৰসাৰ লাভ কৰিছে৷ অব্যৱহৃত সামগ্ৰীৰ অনুপযোগিতাৰ বাবে পৰ্যাপ্ত সুবিধা নাই৷
যথেষ্ট পৰিমাণে কৃষিৰ জলবায়ু অৱস্থা এই খণ্ডত বহু সামগ্ৰী, সুবিধা তথা উৎপাদন, বিশেষ সূত্ৰ, কৃষিৰ সৰবৰাহ আৰু শীতলীকৰণ দেখিবলৈ পোৱা যায়৷ ২০১৩-১৪ বৰ্ষৰ উদ্যান কৃষিৰ বিকাশৰ হাৰ ৬.৬% হাৰক চেৰ পেলাই ২০১৪-১৫ বৰ্ষত ৭.৬% বৃদ্ধি হৈছিল।
গুৰুত্বপূৰ্ণ লিংক:
অসমত ব্যৱসায় কৰাটো সহজসাধ্য কৰাৰ উদ্দেশ্য হʼল ৰাজ্যখনত উপলব্ধ আৰু সাম্ভাব্য ব্যৱসায়ীক গোষ্ঠী সমূহৰ সৰ্বোত্তম সমৰ্থন কৰিবলৈ এখন মঞ্চ তৈয়াৰ কৰা আৰু সকলোৰে বাবে ৰাজ্যৰ সমৃদ্ধিৰ দৃষ্টিভংগী আগবঢ়োৱাৰ ক্ষেত্ৰত, নিয়োগ প্ৰযুক্তি, উদ্ভাৱন, অভিযোজন আৰু বহনক্ষম আদিয়েই হৈছে উন্নয়নৰ মুখ্য কাৰণ।
অসমত ব্যৱসায় কৰা সহজসাধ্যতাই অধিক ফলপ্ৰসূ নিয়মাৱলীৰ লগত অৰ্থনীতিক ফেৰ মাৰিবলৈ উৎসাহ যোগায়, ই ঘৰুৱা সৰু আৰু মধ্যমীয়া আকাৰৰ কোম্পানীসমূহ চোৱাচিতা কৰে আৰু এইবিলাকৰ বাবে প্ৰয়োগ হোৱা সম্পূৰ্ণ জীৱনকালৰ নিয়মাৱলীৰ ওপৰত ক্ৰিয়াকলাপ কৰে। ৰাজ্যখনত স্ব-উদ্যোগ বৃদ্ধি কৰিবলৈ বা পথ প্ৰদৰ্শন আৰু সহায় কৰিবলৈ অসম চৰকাৰৰ সহযোগিতা প্রতীয়মান।