ই উত্তৰ্ পূৱ ভাৰতৰ আটাইতকৈ ডাঙৰ অৰ্থনীতি আৰু ই অতি দ্ৰূতগতিত নিয়োগৰ ক্ষেত্ৰত আৰু উদ্যোগিক বিনিয়োগৰ ক্ষেত্ৰত স্থিৰতাৰে উন্নতি কৰি আছে।এনডিএছপি(নেট ষ্টেট ডমেষ্টিক প্ৰডাক্ট) ক্ষেত্ৰখণ্ডৰ অৰিহনাৰ পৰা প্ৰকট হৈছে যে অসমত ৩০শতাংশত কৈ অধিক অৰিহনা কৃষি আৰু ইয়াৰ লগত জড়িত কাৰ্য্যকলাপৰ পৰা হয়। ই ভাৰতৰ জিডিপিত ক্ষেত্ৰ্খণ্ডৰ পৰা হোৱা অৰিহনাতকৈ যথেষ্ট বেছি।
গুৰুত্বপূৰ্ণ লিংক:
অসমত ব্যৱসায় কৰাটো সহজসাধ্য কৰাৰ উদ্দেশ্য হʼল ৰাজ্যখনত উপলব্ধ আৰু সাম্ভাব্য ব্যৱসায়ীক গোষ্ঠী সমূহৰ সৰ্বোত্তম সমৰ্থন কৰিবলৈ এখন মঞ্চ তৈয়াৰ কৰা আৰু সকলোৰে বাবে ৰাজ্যৰ সমৃদ্ধিৰ দৃষ্টিভংগী আগবঢ়োৱাৰ ক্ষেত্ৰত, নিয়োগ প্ৰযুক্তি, উদ্ভাৱন, অভিযোজন আৰু বহনক্ষম আদিয়েই হৈছে উন্নয়নৰ মুখ্য কাৰণ।
অসমত ব্যৱসায় কৰা সহজসাধ্যতাই অধিক ফলপ্ৰসূ নিয়মাৱলীৰ লগত অৰ্থনীতিক ফেৰ মাৰিবলৈ উৎসাহ যোগায়, ই ঘৰুৱা সৰু আৰু মধ্যমীয়া আকাৰৰ কোম্পানীসমূহ চোৱাচিতা কৰে আৰু এইবিলাকৰ বাবে প্ৰয়োগ হোৱা সম্পূৰ্ণ জীৱনকালৰ নিয়মাৱলীৰ ওপৰত ক্ৰিয়াকলাপ কৰে। ৰাজ্যখনত স্ব-উদ্যোগ বৃদ্ধি কৰিবলৈ বা পথ প্ৰদৰ্শন আৰু সহায় কৰিবলৈ অসম চৰকাৰৰ সহযোগিতা প্রতীয়মান।