বিভিন্ন ধৰ্ম আৰু সাংস্কৃতিক উপাদানৰ সমাহাৰেৰে সমৃদ্ধ ঠাই হৈছে অসম। তীৰ্থস্থানৰ পৰা আৰম্ভ কৰি অভয়াৰণ্য যাত্ৰা, মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত নৌকা বিহাৰ, এচিয়া মহাদেশৰ প্ৰাচীন শোধানগৰ বা ভিন্ন প্ৰান্তত থকা বিশাল চাহ বাগিছাসমূহ পৰ্যটকৰ পৰ্যটনৰ বাবে আকৰ্ষণীয় ঠাই।
পৰ্যটকৰ ইচ্ছা অনুযায়ী গন্তব্যস্থানসমূহৰ তালিকাঃ
ওপৰত উল্লেখিত উৎসৱ আৰু সম্পৰ্কীয় গন্তব্যস্থানসমূহৰ বিষয়ে অধিক জানিবলৈ ওপৰোক্ত লিংকসমূহত ক্লিক কৰিব পাৰে।
আৱৰ্ত্ত ভৱন অনুযায়ী গন্তব্যস্থানসমূহৰ তালিকা :
পৰ্যটকৰ সুবিধাৰ বাবে তথা তেওঁলোকৰ যাত্ৰা মনোগ্ৰাহী কৰি তুলিবলৈ অসমক ছয়টা পৰিক্ৰমাত বিভক্ত কৰা হৈছে। প্ৰত্যেকটো পৰিক্ৰমা ভিন্ন প্ৰান্তৰ মাজেৰে পাৰ হৈ গন্তব্যস্থানলৈ আগবাঢ়ে বাবে যাত্ৰাসমূহ অধিক ৰোমাঞ্চকৰ হৈ উঠে।
ওপৰত উল্লেখিত পৰিক্ৰমা সম্পৰ্কীয় গন্তব্যস্থানসমূহৰ বিষয়ে অধিক জানিবলৈ ওপৰোক্ত লিংকসমূহত ক্লিক কৰিব পাৰে।
নতুন কৈ উৎপত্তি হোৱা ক'ৰোণা ভাইৰাছ বা ক'ভিড ১৯ হৈছে এবিধ সংক্ৰমিত ৰোগ। ক'ৰোণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত অধিকাংশ লোকে মৃদু বা মধ্যমীয়া ধৰণে স্বাস-প্ৰস্বাসজনিত অসুবিধাৰ সন্মুখীন হ'য় যদিও কোনোধৰণৰ বিশেষ চিকিৎসাৰ অবিহনেই সুস্থ হৈ উঠে। কিন্তু বয়সস্থ বা দীৰ্ঘদিন ধৰি ভূগি থকা হৃদ ৰোগ, মধুমেহ, পুৰণি স্বাস প্ৰস্বাসজনিত ৰোগ বা কৰ্কট আদি অন্তৰ্নিহিত বেমাৰ থকা লোকসকলৰ পক্ষে এই ভাইৰাছ বিধৰ সংক্ৰমণৰ আশংকা তুলনামূলকভাবে বেছি।
ক'ভিড-১৯ ভাইৰাছ বিধৰ বিষয়ে ভালদৰে জ্ঞাত হোৱাৰ লগতে ই কেনেধৰণৰ বেমাৰৰ কাৰক হ'ব পাৰে লগতে কেনেদৰে মানুহৰ দেহত বিয়পে এই সন্দৰ্ভত নিজৰ লগতে আনকো অৱগত আৰু সজাগ কৰি তোলাই হৈছে সংক্ৰমণ প্ৰতিৰোধ তথা লেহমীয়া কৰাৰ সৰ্বোত্তম উপায়। সঘনাই চাবোনেৰে হাত ধোৱা, এলক'হ'ল যুক্ত ছেণীটাইজাৰ ব্যৱহাৰ, চকু, নাক, মুখ স্পৰ্শ কৰাৰ পৰা বিৰত থকা, মাস্ক পৰিধান আৰু দূৰত্ব বজাই ৰখা ইত্যাদিবোৰ সতৰ্কতা অৱলম্বন কৰি নিজৰ লগতে আনকো ক'ৰোণো ভাইৰাছৰ সংক্ৰমণৰ পৰা দূৰত ৰাখিব পৰা যায়।