অসম এখন বৈচিত্ৰ পূৰ্ণ সংস্কৃতিৰ মিলনভূমি। এই মনোমোহা ৰাজ্যখনৰ মানুহবোৰ বিশেষকৈ আৰ্য্য, মংগোলীয়,অষ্ট্ৰিক আৰু ব্ৰহ্ম দেশীয় থুলৰ লোক। সকলো জাতি- উপজাতি সন্মিলিত হৈ গঢ় দিছে বৃহত্তৰ অসমীয়া সংস্কৃতিৰ। অসমৰ খিলঞ্জীয়া লোকসকলক অসমীয়া বুলি কোৱা হয় লগতে অসমৰ ৰাজ্যিক ভাষাও হৈছে অসমীয়া। অসমত বসবাস কৰা জাতি-জনগোষ্ঠীসমূহ আৰু তেওঁলোক প্ৰত্যেকৰে সংস্কৃতি, কলা কৃষ্টি, সাজপাৰ তথা সমাজ ব্যৱস্থাৰ এক সুকীয়া পৰিচয় আছে।
বড়ো কছাৰি, কাৰ্বি, মিৰি, ৰাভা আদি বিভিন্ন জাতিৰ মানুহে অসমত সহবাস কৰে। বেছিভাগ জনজাতিৰ নিজস্ব ভাষা আছে যদিও অসমীয়াই হৈছে অসমত প্ৰচলিত মুখ্য ভাষা।অধিকাংশ অসমীয়া মানুহেই বৈষ্ণৱ পন্থাত বিশ্বাসী(হিন্দুৰ এটা সম্প্ৰদায়)।বৈষ্ণৱ সকলে বিভিন্ন ধৰণৰ মূৰ্তি পূজা নকৰি নাম কীৰ্ত্তন কৰে, যʼত ভগৱান বিষ্ণুৰ গুণ গৰিমা বৰ্ণনা কৰা হয়। অসমৰ সাংস্কৃতিক বিন্যাস গঠনত প্ৰভাৱ বিস্তাৰ কৰা, দুই সাংস্কৃতিক আৰু ধৰ্মীয় সন্থাৰ প্ৰথমটো হৈছে ধৰ্মীয় মহিমাৰে মহিমাম্বিত তথা সাংস্কৃতিক চৰ্চাৰ কেন্দ্ৰস্থল ৪০০ বছৰ পুৰণি “সত্ৰ”সমূহ, আৰু দ্বিতীয়তে হʼল নামঘৰ, ঈশ্বৰক স্মৰণ-কীর্ত্তণ আৰু উপাসনা কৰা ধৰ্মীয় প্ৰতিষ্ঠান। গাওঁৰ লোকসকল সাধাৰণতে স্থানীয় ভক্তপ্ৰাণ ৰাইজে ইশ্বৰৰ গুণ-গৰিমা গাবলৈ নামঘৰৰ সদস্য হিচাপে জড়িত হৈ থাকে। গাওঁসমূহ প্ৰায়ে বিভিন্ন জাতিৰ পৰিয়ালৰে গঠিত।
অসমত, জাতিভেদ প্ৰথা, যদিওবা আছে, ই ভাৰতৰ আন ঠাইৰ দৰে চকুত লগা ধৰণৰ বা প্ৰমুখ নহয়। আন ধৰ্ম যেনে বৌদ্ধ, খৃষ্টীয়ান, হিন্দু, ইচলাম ইত্যাদি ধৰ্মও অসমত প্ৰচলিত।বছৰত তিনিবাৰকৈ বহু আনন্দ-উৎসাহেৰে জাতি-ধৰ্ম, বৰ্ণ নিৰ্বিশেষে পালন কৰা বিহু হʼল অসমৰ ৰাজ্যিক উৎসৱ। অসমীয়াৰ বিশ্বাস, অনুভৱ, গৌৰৱ, পৰিচয় ইত্যাদিৰ বাবে ব্যৱহৃত অসমীয়া সংস্কৃতিৰ বহুতো গুৰুত্বপূৰ্ণ প্ৰতীকাত্মক উপাদান আছে। এই সৰ্ব স্বীকৃত প্ৰতীক সমূহ হʼল, অসমীয়া “গামোচা”, “জাপি”, “তামোল-পান”, “শৰাই” আদি। অসমৰ মহিলাসকলে পৰিধান কৰা পাৰম্পৰিক সাজ-পোছাক হʼল “মেখেলা চাদৰ” আৰু অসমীয়া সংস্কৃতিৰ এক অভিন্ন অংগ হʼল “অসমীয়া গহনা”।
"তামোল পাণ" বা গুৱা পাণ অসমীয়া সমাজত ভক্তি, শ্ৰদ্ধা, মান-সন্মান, আদৰ আৰু বন্ধুত্ব ইত্যাদিৰ চিহ্ন হিচাপে প্ৰদান কৰা হয়।
পৰম্পৰাগত কাঁহৰ বটাত আগবঢ়োৱা "তামোল পাণ"
অতিথি আপ্যায়নৰ ক্ষেত্ৰত সন্মানৰ চিনস্বৰূপে কাঁহৰ বটাত"তামোল পাণ" যঁচা হয়। "তামোল পাণ" সেৱন কৰাৰ ফলত একপ্ৰকাৰৰ সুখ অনুভব হয়। সকলো ধাৰ্মিক, আধ্যাত্মিক আৰু মাঙ্গলিক উৎসৱ-পাৰ্বণত "তামোল পাণ " ৰ এক বিশেষ সুকীয়া স্থান অসমীয়া সমাজখনত আছে। তামোল পাণ হৈছে অসমীয়া সংস্কৃতিৰ এক অভিন্ন অংগ তামোল পাণ হৈছে অসমীয়া সংস্কৃতিৰ এক অভিন্ন অংগ।
"জাপি" হৈছে পৰম্পৰাগত শঙ্কু আকৃতিৰ এটা অসমীয়া টুপী, যিটো বাঁহ বা বেত অন্যথা "টকৌপাতৰ", সংমিশ্ৰণেৰে নিৰ্মাণ কৰা হয়। "জাপি "শব্দটিৰ উৎপত্তি 'জাপʼ শব্দৰ পৰা হৈছে। যাৰ অৰ্থ টকৌ পাতৰে ভৰ্ত্তি হৈ থকা দম।
অসমৰ পৰম্পৰাগত প্ৰতীক, জাপি
"জাপিৰ" ব্যৱহাৰ বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। খেতিয়ক সকলে পৰিধান কৰে কৃষি কাৰ্য্যত বৰ্তি থকাৰ সময়ত ৰʼদ বৰষুণৰ পৰা ৰক্ষা পাবলৈ। বিহু নচাৰ সময়ত ইয়াৰ শোভা বঢ়াবৰ কাৰণে কৰে। অতিথিক আদৰণি জনোৱাৰ চিহ্ন স্বৰূপে তথা সজোৱা বস্তু হিচাপে ইয়াক চʼৰা ঘৰত ৰখা হয়। সাধাৰণ বা অনালংকৃত "জাপি" খেতিয়ক সকলৰ সুৰক্ষাৰ বাবে নিৰমিত হয়। আনহাতে, অলংকৃত "জাপি" অসমীয়া ৰাজ পৰিয়ালৰ লোকসকলে নিজৰ স্থিতাৱস্থাৰ প্ৰতীক চিহ্ন হিচাপে প্ৰয়োগ কৰিছিল।
পৰাম্পৰাগত কাঁহৰ ধাতুৰে নিৰ্মিত "শৰাই"
পিতলেৰে নিৰ্মিত "শৰাই" হৈছে অসমৰ অন্য এটা সংস্কৃতিৰ পৰম্পৰাগত চিহ্ন স্বৰূপ। শৰাইক মান আৰু সন্মানৰ উচ্চ প্ৰতীক বুলি অসমীয়া মানুহে গণ্য কৰে। কাঁহ আৰু পিতলৰ শিল্পৰ বাবে সু প্ৰসিদ্ধ হাজো আৰু সৰ্থেবাৰীয়ে অতীজৰে পৰা সমাদৰ লাভ কৰি আহিছে।
শৰাইৰ ব্যৱহাৰ তামোল পাণ যাঁচিবলৈ, নামঘৰত প্ৰসাদ দিবলৈ আৰু বহুতো কামত ব্যৱহাৰ কৰা হয়। উপহাৰ হিচাপে প্রদান কৰাৰ লগতে সম্বৰ্ধনা জনাবৰ বাবেও শৰাই ব্যৱহাৰ কৰা হয়।
"অসমত বিভিন্ন ধৰণৰ চিল্ক বা ৰেচম পোৱা যায়, ইয়াৰে আটাইতকৈ প্ৰসিদ্ধ আৰু গৌৰৱপূর্ণ ৰেচম হʼল মুগা, অসমৰ অনন্য প্ৰকৃতিৰ সোণালী ৰেচম। “মুগাৰ” উপৰিও আন দুই প্ৰকাৰৰ ৰেচম হʼল “পাত”, একধৰণৰ ক্ৰীম সদৃশ উজ্জ্বল ৰূপালী ৰঙৰ ৰেচম আৰু “এৰি”, যি জাৰকালি গৰম কাপোৰ তৈয়াৰ কৰিবলৈ ব্যৱহৃত হয়।
অসমৰ পাৰস্পৰিক ৰেচম উদ্দ্যোগৰ কেন্দ্ৰ শুৱালকুছিৰ উপৰিও, ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো অংশত, গাওঁৰ ঘৰবোৰত ৰেচম আৰু উৎকৃষ্ট মানৰ বোৱা ৰেচমৰ বস্ত্ৰ উৎপাদন কৰা হয়। তদুপৰি অসমৰ বিভিন্ন জাতীয় সাংস্কৃতিক সম্প্ৰদায় সমূহে অদ্বিতীয় ৰূপাঙ্কণ আৰু অদ্ভুত ৰঙৰ মিশ্ৰণেৰে বোৱা বিভিন্ন ধৰণৰ সুতাৰ বস্ত্ৰ বনায়।
পৰম্পৰাগত মেখেলা চাদৰ সুতা(কটন), মুগা, পাট ৰেচম বা এৰি ৰেচমেৰে তৈয়াৰ কৰা হয়। যদিও আজিকালি কটন(সুতা)আৰু মুগা বা পাট ৰেচমৰ সৈতে কিছুমান কৃত্ৰিম সামগ্ৰীৰ মিশ্ৰণেৰে সুলভ মূল্যত মেখেলা চাদৰ তৈয়াৰ কৰা দেখা য়ায়।
মুগাৰে নিৰ্মিত পৰম্পৰাগত চাদৰ মেখেলা
মেখেলা চাদৰ হʼল অসমীয়া মহিলা সকলে পৰিধান কৰা এক পৰম্পৰাগত স্বদেশী বস্ত্ৰ। এই পোছাক মুখ্যতঃ দুখন কাপোৰৰ সমাহাৰ, যাক শৰীৰত সকলো ফালে পকাই পিন্ধা হয়। তলৰ অংশক, কঁকালৰ তলৰ পৰা পকাই পিন্ধা অংশক মেখেলা বোলে। ই এটা ডাঙৰ চিলিণ্ডাৰ সদৃশ আকাৰৰ যাক কঁকালৰ চাৰিওফালে মেৰাই পিন্ধিবলৈ কিছুমান ভাজ কৰি সুমুৱাই লোৱা হয়। চাদৰ হʼল এখন দীঘল কাপোৰৰ টুকুৰা, যাৰ এটা অংশ মেখেলাৰ ওপৰৰ অংশত সুমুৱাই লোৱা হয় আৰু বাকীখিনি শৰীৰৰ বাকী অংশত পকাই লৈ ব্লাউজত পিন কৰা হয়। মেখেলা চাদৰৰ লগত সদায় ভিতৰত থকাকৈ ব্লাউজ পিন্ধা হয় যি শৰীৰৰ আধা অংশ ঢাকি ৰাখে আৰু তলত ৰচী লগোৱা আন্তঃপৰিধান ব্যৱহাৰ কৰা হয়। অসমীয়া বিয়াৰ কইনাই বা আন পৰম্পৰাগত উৎসৱ যেনে বিহু আদিত আজিও ৰিহা পৰিধান কৰা হয়।
অসমীয়া সংস্কৃতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদসমূহৰ ভিতৰত এটা উল্লেখনীয় সম্পদ হʼল, অসমীয়া গহনা। ই সাধাৰণতে কেঁচা সোন নামৰ সামগ্ৰীৰে তৈয়াৰ কৰা হয়। এই গহনাসমূহ দেখিবলৈ বৰ ধুনীয়া আৰু অসমীয়া সংস্কৃতিৰ এটা অতি গৌৰৱৰ অংশ। অসমীয়া গহনাৰ অন্তৰ্ভুক্ত জনপ্ৰিয় কেই বিধ মানৰ ভিতৰত আছে অতি সুন্দৰ কানফুলি লোকাপাৰʼ, কেৰু, থুৰীয়া, জাংফাই, দীঘল কেৰু, চনা বা মাকৰী, বিভিন্ন ধৰণৰ হাৰসমূহৰ ভিতৰত আছে গʼলপতা, সাতসৰী, জোনবিৰি, বেনা, গেজেৰা, ধোলবিৰি, ডুগডুগী, বিৰি মণি, মুকুতা মণি, পোৱাল মণি, শিলিখা মণি আৰু মগৰদানা আৰু বিভিন্ন ধৰণৰ আঙঠিৰ ভিতৰত আছে সেন পটা, হৰিণ চকুৱা, জেঠী নেজীয়া, বাখাৰপটা আৰু অন্যান্য।
নগাওঁৰ, ৰণথলীত নিৰ্মিত পৰম্পৰাগত অসমীয়া অলংকাৰ
সাধাৰণতে এই গহনাসমূহ হাতেৰে বনোৱা হয় আৰু ইয়াৰ ডিজাইন বা ৰূপাঙ্কণ সমূহ এই অঞ্চলটোৰ মহা মূল্যবান গছ-গছনি আৰু জীৱ-জন্তুৰ ৰূপ দৰ্শায়। পৰম্পৰাগত অসমীয়া গহণাসমূহ উকা কিন্তু ইয়াক সজোৱা হয় জিৱাল ৰঙা পাথৰ, ৰুবী বা মিনাৰে। সোনৰ অলংকাৰত কʼলা, ৰঙা আৰু সেউজীয়া ৰং বৰ উজ্জ্বল দেখায় আৰু এই ৰংবোৰ উত্তৰ পূৱ ভাৰতৰ জনজাতিৰ পৰম্পৰাগত সাজ-পোছাকত জিলিকি থাকে।
বিহু অসমৰ আতাইতকৈ জনপ্ৰিয় লোকনৃত্য। বিহুৰ সময়ত ডেকা গাভৰুৱে বিহু নৃত্য পৰিবেশন কৰে, যি ডেকাকালৰ আৱেগ, প্ৰজনন আগ্ৰহ আৰু সুখক সূচায়। বিহু নৃত্যৰ বৈশিষ্ট হʼল তীব্ৰ ভৰিৰ খোজ আৰু খৰতকীয়া হাতৰ গতি। নাচনীসকলে পাৰস্পৰিক ৰঙীন অসমীয়া সাজপাৰ পিন্ধে।
বিহুৱাসকলে বজাই থকা "লাহৰি গগণা"
এই নাচসমূহৰ লগত থাকে বাদ্যযন্ত্ৰ যেনে ঢোল, পেঁপা, গগনা, বাঁহী ইত্যাদি। বিহুৰ উৎপত্তি সম্পৰ্কে জনা নাযায়, যদিও পোনপ্ৰথমে ১৬৯৪ চনৰ ওচৰে পাজৰে ৰঙালী বিহুৰ সময়ত আহোম ৰজা ৰুদ্ৰ সিংহই ৰংঘৰৰ পথাৰত নাচনীসকলক বিহু নাচিবলৈ আমন্ত্ৰণ জনাইছিল বুলি লিপিবদ্ধ তথ্য অনুসৰি পোৱা যায় । >
অসমৰ সত্ৰীয়া সংস্কৃতি, ধাৰ্মিক আৰু সংস্কৃতিক গাথঁনিৰ মূল বুলি গণ্য কৰা সত্ৰীয়া নৃত্য হʼল অসমৰ ধ্ৰুপদী নৃত্য কলা। এই নৃত্য ভাৰতৰ আঁঠটা মূখ্য ধ্ৰুপদী নৃত্য পৰম্পৰাৰ ভিতৰৰ এটা অন্যতম নৃত্য কলা। যদিও কিছুমান অন্য পৰম্পৰা অলপতে পুনৰুজ্জীৱিত কৰা হৈছে, তথাপিও সত্ৰীয়া সংস্কৃতি কিন্তু ১৫শ শতিকাত, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰাৰে পৰা এক জীৱিত পৰম্পৰা ৰূপত সক্ৰিয় হৈ আছে।
সত্ৰীয়া নৃত্য পৰিবেশন কৰি থকা দলৰ আলোকচিত্ৰ
সত্ৰীয়া নৃত্যৰ মূল সাধাৰণতে উপাখ্যানৰ কাহিনী। কলাত্মক ধৰণেৰে ৰাইজক উপাখ্যানৰ শিক্ষা সম্পৰ্কে জ্ঞান প্ৰদান কৰিবলৈ অতি সহজ, ক্ষীপ্ৰ আৰু মনোৰঞ্জনৰ মাধ্যমেৰে আগবঢ়োৱা নৃত্য ব্যৱস্থা।
বৰপেটাত বিস্তাৰ হোৱা শংকৰী সংস্কৃতিৰ এক সম্প্ৰসাৰণৰ নিদৰ্শন হʼল ভোৰতাল নৃত্য। বৰপেটা জিলাৰ পৰম্পৰাগত নৃত্য ভংগিমাৰ অংশ ভোৰতাল নৃত্যক জনপ্ৰিয় সত্ৰীয়া শিল্পী নৰ হৰি বুঢ়া ভকতে বিকশিত কৰিছিল।
ছয় জনৰ পৰা দহজন নৰ্তকে এই নৃত্য পৰিবেশন কৰে আৰু ভাল সংখ্যক গঠন ভংগিমাৰ দ্বাৰা তালৰ সৈতে ইয়াক পৰিবেশন কৰা হয়। এই নৃত্য এক বা ততোধিক নৰ্তকৰ দলৰ দ্বাৰাও পৰিবেশন কৰিব পাৰি। এই নৃত্য অতি খৰতকীয়াকৈ বজোৱা তালৰ সৈতে পৰিবেশন কৰা হয়। এই তালক “৭হিয়া নʼম” বুলিও জনা যায়। এই নৃত্য উৎসৱৰ সময়ত বৰপেটা আৰু গুৱাহাটীত পৰিবেশন কৰা দেখা যায়।
ভোৰতাল নৃত্য পৰিবেশন কৰি থকাৰ এটি মূহুৰ্ত্ত
অসমত ১০০ বছৰত কৈ বেছি সময় বসতি কৰাৰ পাছত চাহ জনগোষ্ঠী লোকসকলে এটা সংশ্লেষন কৰা নৃত্যৰ ধৰণ বিকাশ কৰিলে যাক “চাহ বাগিচাৰ ঝুমুৰ নৃত্য” বুলি কোৱা হয়। এই নৃত্য চাবলৈ বৰ মনোমোহা। চাহ বাগিচালৈ যোৱা পৰ্য্টকে এই নৃত্য সহজে চাব পাৰে।
দলসমূহৰ দ্বাৰা ঝুমুৰ নৃত্য পৰিবশনৰ এটি মূহুৰ্ত্ত
অসমত ১০০ বছৰত কৈ বেছি সময় বসতি কৰাৰ পাছত চাহ জনগোষ্ঠী লোকসকলে এটা সংশ্লেষন কৰা নৃত্যৰ ধৰণ বিকাশ কৰিলে যাক “চাহ বাগিচাৰ ঝুমুৰ নৃত্য” বুলি কোৱা হয়। এই নৃত্য চাবলৈ বৰ মনোমোহা। চাহ বাগিচালৈ যোৱা পৰ্য্টকে এই নৃত্য সহজে চাব পাৰে।ডেকা-গাভৰু একেলগে বা কেতিয়াবা আকল ছোৱালীবোৰে এজনে আনজনৰ কঁকালত খামোচ মাৰি ধৰি নিখুঁত পৰিচালনাৰে ইয়াক পৰিচালনা কৰে।
বড়ো জনগোষ্ঠীয়ে গৌৰৱ অনুভব কৰিব পৰাকৈ ভালেমান লোকনৃত্য আছে। এইবোৰৰ ভিতৰত আটাইতকৈ আকৰ্ষণীয় আৰু মনোমহা নৃত্য হʼল বাগৰুম্বা। এইটো মূলতঃ এটা ধীৰ পৰিচালনা আৰু প্ৰসাৰিত হাতেৰে নিৰ্দিষ্ট ধৰণৰ বিন্যাস তৈয়াৰ কৰা নৃত্য। কেইবাগৰাকী ছোৱালীয়ে ৰঙীন সাজ-পোছাক পৰিধান কৰি পাৰম্পৰিক বড়ো সংগীত বাদ্যযন্ত্ৰৰ লগত এই নৃত্য পৰিবেশন কৰে।
পৰম্পৰাগত সাজপাৰত বাগৰুম্বা নৃত্যৰত এদল গাভৰু
অসমলৈ অহা এজন পৰ্য্যটকে এই নৃত্য বড়োসকলে বসবাস কৰা ঠাই যেনে কোকৰাঝাৰ, বঙাইগাঁও, নলবাৰী, দৰং আৰু শোণিতপুৰ জিলাত চাব পাৰে। ইয়াক সাধাৰণতে বিশুবা সংক্ৰান্তি বা মধ্য এপ্ৰিলৰ সময় চোৱাত হোৱা বড়োসকলৰ উৎসৱ বৈশাগুত অনুশীলন কৰা হয়। বাগৰুম্বা নৃত্যক “পখিলা নৃত্য” বুলিও কোৱা হয়। কাৰণ অসমৰ বড়ো জনগোষ্ঠীৰ এই আকৰ্ষণীয় লোকনৃত্য চৰাই আৰু পখিলাৰ গতি সদৃশ।
দেওধনী নৃত্য সৰ্প দেৱী মনসা পূজাৰ লগত জড়িত। দেওধনী কন্যা, উৎসাহিত অৱস্থাত খাম (ঢোল) আৰু চিফুং(বাঁহী)ৰ লগত মহাদেৱৰ পৰা আৰম্ভ কৰি লক্ষ্মী দেৱীলৈ কেইবাগৰাকীও দেৱ-দেৱীক প্ৰসন্ন কৰিবলৈ নাচে। দেওধনী নৃত্য আচলতে দুই ধৰণৰ। এটা হʼল অৰ্ধ ধ্ৰুপদী নৃত্য আৰু আনটো অৱচেতন অৱস্থাত কৰা সমৰ্পন(নৃত্য নহয়)। মঙলদৈ আৰু দক্ষিণ পশ্চিম কামৰূপ এলেকাত দেখা পোৱা দেওধনী নৃত্য শুকননি ওজাপালিৰ লগত জড়িত। ২০০৭ চনৰ পৰা মা কামাখ্যা মন্দিৰত দেওধনী নৃত্য উৎসৱ আকাৰে দেখা যায়। এইটো বিশ্বাস কৰা যায় যে এই নৃত্যত অংশ গ্ৰহণ কৰোতাজনে কামাখ্যা দেৱীৰ পৰা বিশেষ শক্তি অৰ্জন কৰে।
অসম কেইবাটাও থলুৱা গোট আৰু বিভিন্ন সংস্কৃতিৰ মিলনভূমি হোৱা হেতুকে, ই লোকসংগীতৰ ক্ষেত্ৰত চহকী। পৰম্পৰাগত বাদ্যযন্ত্ৰ সমূহৰ ভিতৰত আছে “পেঁপা”, এই বাদ্যযন্ত্ৰ মʼহৰ শিঁঙৰ পৰা বনোৱা হয় আৰু “ভোলুকা বাঁহৰ টকা”, এই সাংগীতিক বাদ্যযন্ত্ৰ ফলা বাঁহৰ পৰা বনোৱা হয়। “ঢোল” আন এটা গুৰুত্বপূৰ্ণ আৰু নিখুঁত বাদ্যযন্ত্ৰ যি বিহুত ব্যৱহৃত হয়।
বিহুৱাসকলে ঢোল বজাই থকা মূহুর্ত্ততl
"ঢোলl" হৈছে ছাগলী, গৰু আৰু মʼহৰ চামৰাৰে ঢাকি ৰখা, দুয়োফালে বজাব পৰা কাঠৰ ফোঁপোলা বাদ্যযন্ত্ৰ। ঢোল এফালে এডাল মাৰিৰে আৰু আনফালে হাতেৰে বজোৱা হয়। ঢোল সদৃশ বাদ্যযন্ত্ৰ পৃথিৱীৰ প্ৰায় সকলোবোৰ সংস্কৃতিতে দেখা যায়, কিন্তু, ইয়াৰ আকাৰত সৰু আৰু আপেক্ষিকভাৱে উৎপন্ন কৰা হুলস্থুলীয়া শব্দই হʼল অসমীয়া “ঢোল” বা পাটি “ঢোল” ৰ বৈশিষ্ট। এইবোৰ বিস্তৃত পৰিসৰত ব্যৱহৃত হয় বিহুগীত, নৃত্য আদিত আৰু লগতে আধুনিক সংগীতৰ অংগ হৈ পৰিছে।
বিহুৱা এজনে পাৰম্পৰিক "পেপা" বজাই থকা আলোকচিত্র
"গগণা" i হৈছে মুখেৰে ফুঁৱাই কম্পন তুলি বজোৱা এবিধ বাদ্যযন্ত্ৰ যি মুখ্যতঃ অসমৰ পাৰম্পৰিক বিহু সংগীতত নাচনীয়ে ব্যৱহাৰ কৰে। ই এটুকুৰা বাঁহ/শিং ৰে তৈয়াৰী, যাৰ এটা মূৰ দুটা শাখাত বিভক্ত।
জনপ্ৰিয় শিল্পীসকল যেনে- জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, পাৰ্বতিপ্ৰসাদ বৰুৱা, ভূপেন হাজৰিকা, নিৰ্মলেন্দু চৌধুৰী আৰু উৎপলেন্দু চৌধুৰী, প্ৰতিমা বৰুৱা পাণ্ডে, লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা, পাৰ্বতিপ্ৰসাদ বৰুৱা, জয়ন্ত হাজৰিকা, খগেন মহন্ত আৰু বিউটি শৰ্মা বৰুৱা আদিয়ে অসমীয়া সংগীত জগতৰ ভেটি পাৰম্পৰিক লোকসংগীতৰ যোগেদি স্থাপন কৰিছিল। নতুন প্ৰজন্মৰ গায়কসকলৰ ভিতৰত জুবিন গাৰ্গ, অংগৰাগ মহন্ত, কল্পনা পাটোৱাৰী, জয় বৰুৱা, জিতুল সোণোৱাল আৰু মনোজ বৰা আদি পৰিচিত।
"চাহ" হৈছে অসমীয়া খাদ্যৰ এটা অপৰিহাৰ্য্য অংশ। ইয়াক ৰঙা চাহ, গাখীৰ চাহ, মচলা যুক্ত চাহ, গ্ৰীণ টি আৰু নেমু যুক্ত চাহ হিচাপে পৰিবেশন কৰা হয়।
বিভিন্ন ধৰণৰ পৰম্পৰাগত পিঠা আৰু লাৰু
পৰম্পৰাগত অসমীয়াৰ পুৱাৰ খাদ্যত অন্তৰ্ভুক্ত আহাৰ হৈছে “জলপান” আৰু “পিঠা”। আন কিছুমান আহাৰ যেনে- বৰা চাউল (এবিধ এঠাজাতীয় ভাত), কোমল চাউল, সান্দহ, চিৰা, মুৰী, আখৈ, চুঙা চাউল ইত্যাদি যিবোৰ গৰম গাখীৰ, দৈ, গুৰ বা বতৰৰ পকা ফলৰ লগত খোৱা হয়।
পিঠা আৰু লাৰু বিশেষভাৱে তৈয়াৰ কৰা হয় বিহুৰ সময়ত আৰু ইয়াক চাউলৰ গুৰি, ৰোকা নাৰিকল, চেনি, গুৰ ইত্যাদিৰে তৈয়াৰ কৰা হয়। কিছুমান পিঠাৰ ধৰণ হʼল- তিল পিঠা, ঘিলা পিঠা,সুতুলি পিঠা, চুঙা পিঠা, ভাপত দিয়া পিঠা, লখিমি পিঠা, তৰা পিঠা, টেকেলি পিঠা,দেশী পিঠা, মুঠিয়া পিঠা, খোলা চাপৰি পিঠা ইত্যাদি। লাৰুৰ ভিতৰত পৰে- নাৰিকলৰ পৰা বনোৱা মিঠা বল সদৃশ মিঠাই যাক “লস্কৰা” বোলে বা তিলৰ পৰা বনোৱা তিলৰ লাৰু।
অসমীয়া থালত অন্তৰ্ভুক্ত সিজোৱা ভাত, মচুৰ দালিৰ পৰ বনোৱা “দাইল” বিভিন্ন পাচলিৰে মিহলি যাক “লাবৰা” বোলে, বিভিন্ন ধৰণৰ পিটিকা বা আলু বেঙেনা, বিলাহী ইত্যাদিৰ পিটিকা, এবিধ শুকান ভাজি যাক সৰু আলু, লাউ, তিতা কেৰেলা, কলডিলৰ পৰা বনোৱা হয়, শাক পাতেৰে বনোৱা শাকৰ ভাজি যাক লাই শাক, ঢেঁকীয়া শাক, কচু শাকৰ পৰা বনোৱা হয়।
ইয়াৰ লগত থাকে বাঁহ গাজৰ পৰা বনোৱা আচাৰ বা খৰিচা, সৰিয়হৰ পৰা তৈয়াৰ কৰা কাহুডি/ পানী-টেঙা আৰু খাৰলি, বুট বা কলা মাহৰ গুৰিৰে বনোৱা চাটনি, তিলৰ চাটনি, দালি বটা ইত্যাদি। অসমীয়া ভোজনৰ বৈশিষ্ট হʼল খুব কম মচলাৰ ব্যৱহাৰ, কম জুইত ৰন্ধা আৰু শক্তিশালী সোৱাদ যাৰ মূখ্য কাৰণ হʼল ইয়াত ব্যৱহাৰ হোৱা স্থানীয়ভাৱে উপলব্ধ আচহুৱা ফল আৰু পাচলি যি হয়তো সতেজ, শুকান বা পুৰা হ’ব পাৰে। মাছ খুব বহুল ভাৱে ব্যৱহৃত হয় যি তৰকাৰি, ভাজি বা জুইত পোৰা পিটিকা বা মাছ পুৰা হব পাৰে। মাংসৰ ভিতৰত অন্তৰ্ভুক্ত ছাগলী মাংস, মুৰ্গীৰ মাংস, হাঁহ, পাৰ আৰু কিছুমান সম্প্ৰদায়ৰ মাজত গাহৰিৰ মাংসৰ প্ৰচলনো আছে।
কাঁহৰ থালত পৰিবেশন কৰা অসমীয়া খাদ্যৰ সর্বোৎকৃষ্ট নিদর্শন
এসাঁজ পাৰম্পৰিক অসমীয়া খাদ্য আৰম্ভ হয় “খাৰৰে”, মূখ্য উপাদানেৰে নামাংকিত এক ধৰণৰ খাদ্য আৰু শেষ হয় টেঙাৰে, এক ধৰণৰ টেঙা খাদ্য। এই খাদ্যসমূহ সাধাৰণতে কাঁহৰ বাচনত পৰিবেশন কৰা হয় যাক স্বাস্থ্যৰ কাৰণে ভাল আৰু প্ৰতিৰোধ ক্ষমতা বঢ়ায় বুলি বিশ্বাস কৰা হয়। আটাইতকৈ বেছিকৈ প্ৰচলিত আহাৰ সম্পূৰ্ণ হোৱাৰ পিছত খোৱা মিঠা খাদ্য (ডেজাৰ্ট) “পায়স”। জহকালীত পৈতা ভাত অসমৰ প্ৰিয় খাদ্য। এটা ৰাতি পানীত তিয়াই থৈ শুকান হোৱাৰ পাছত পিছদিনা মিঠা-তেল, পিঁয়াজ, জলকীয়া, আচাৰ আৰু পিটিকাৰে পৰিবেশন কৰা হয়।
আচলতে তামোলৰ টুকুৰাৰ লগত পান, খোৱা চুণ আৰু ধপাত পাতেৰে সংমিশ্রিত তামোল-পাণে সেৱনেৰেহে অসমীয়া আহাৰ সম্পূৰ্ণ হয় ।
জনসংখ্যাৰ ফালৰ পৰা সবাতোকৈ বৃহৎ আৰু ক্ষেত্ৰফলৰ ফালৰ পৰা দ্বিতীয় স্থানত অৱস্থান কৰা অসম উত্তৰ-পূব ভাৰতত অৱস্থিত| অসমে ৭৮৪৩৮ বৰ্গ কি.মি. (৩০২৮৫ বৰ্গমাইল) ক্ষেত্ৰফল জুৰি আছে| ৰাজ্যখনক উত্তৰে, ভূটান আৰু অৰুণাচল প্ৰদেশ; পূবে, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু মণিপুৰ; দক্ষিণে, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম আৰু বাংলাদেশ; আৰু পশ্চিমে পশ্চিমবঙ্গই আৱৰি আছে। অসমৰ এক উল্লেখযোগ্য ভৌগোলিক বিশেষত্ব হ'ল যে, ভাৰতৰ ছটা ভূ-বিভাগৰ ভিতৰত ইয়াত তিনিটা ভূ-বিভাগ অর্থাৎ উত্তৰ হিমালয় (পূব পৰ্বতমালা), উত্তৰ সমতলীয় ভূমি (ব্ৰহ্মপুত্ৰ সমতল)আৰু দক্ষিণ মালভূমি (কাৰ্বি আংলং) অৱস্থিত।
গামোচা
প্ৰতিজন অসমীয়াৰ বাবে গামোচা হৈছে অতি সমাদৃত, সহজে পৰিচিত আৰু বহু গুৰুত্বপূৰ্ণ সাংস্কৃতিক প্ৰতীকস্বৰূপ। সকলো ধৰ্মীয়, সামাজিক, ৰাজনৈতিক আয়োজনত সম্বৰ্ধনা জনাবৰ বাবেও গামোচা ব্যৱহাৰ কৰা হয়।
গামোচা এখনি কপাহেৰে নিৰ্মিত দীঘল বস্ত্ৰ যাৰ তিনিওফালে ৰঙা পাৰি থাকে আৰু ৰঙা ফুল বচা থাকে। "বিহুৱান ", হিচাপে বা এজনে আনজনক প্ৰেমৰ চিন স্বৰূপেও গামোচা উপহাৰ দিয়ে। নামঘৰৰ গুৰু আসন আৰু লাই খুটিত গামোচাৰ এক বিশেষ স্থান আছে। অসমত বসবাস কৰা জাতি-ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৱে গামোচা ব্যৱহাৰ কৰে।