জনসংখ্যাৰ ফালৰ পৰা সবাতোকৈ বৃহৎ আৰু ক্ষেত্ৰফলৰ ফালৰ পৰা দ্বিতীয় স্থানত অৱস্থান কৰা অসম উত্তৰ-পূব ভাৰতত অৱস্থিত| অসমে ৭৮৪৩৮ বৰ্গ কি.মি. (৩০২৮৫ বৰ্গমাইল) ক্ষেত্ৰফল জুৰি আছে| ৰাজ্যখনক উত্তৰে, ভূটান আৰু অৰুণাচল প্ৰদেশ; পূবে, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু মণিপুৰ; দক্ষিণে, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম আৰু বাংলাদেশ; আৰু পশ্চিমে পশ্চিমবঙ্গই আৱৰি আছে। অসমৰ এক উল্লেখযোগ্য ভৌগোলিক বিশেষত্ব হ'ল যে, ভাৰতৰ ছটা ভূ-বিভাগৰ ভিতৰত ইয়াত তিনিটা ভূ-বিভাগ অর্থাৎ উত্তৰ হিমালয় (পূব পৰ্বতমালা), উত্তৰ সমতলীয় ভূমি (ব্ৰহ্মপুত্ৰ সমতল)আৰু দক্ষিণ মালভূমি (কাৰ্বি আংলং) অৱস্থিত।
অসমীয়া হৈছে অসমৰ মুখ্য আৰু চৰকাৰীভাৱে ব্যৱহৃত ভাষা,আনহাতে, বঙালী ভাষা হৈছে বৰাক উপত্যকাৰ তিনিখন জিলাত ব্যৱহাৰ হোৱা চৰকাৰী ভাষা |অসমত যথেষ্ট সংখ্যক ইংৰাজী মাধ্যমৰ বিদ্যালয় আছে | ২০১১ চনৰ ভাষাপিয়ল মতে, মুঠ ১,৫৩,১১,৩৫১ জন লোকে অসমীয়া তেওঁলোকৰ মাতৃভাষা হিচাপে ব্যৱহাৰ কৰিছিল আৰু ভাৰতত ব্যৱহাৰ হোৱা ২২টা ভাষাৰ ভিতৰত অসমীয়া ভাষাই ১২ নং স্থান অধিকাৰ কৰিছে | ২০১১ চনৰ ভাষাপিয়ল অনুসৰি অসমৰ মুঠ স্বাক্ষৰতাৰ হাৰ ৭২.১৯% | অসমত পুৰুষৰ স্বাক্ষৰতাৰ হাৰ ৭৭.৮৫% আৰু মহিলাৰ ৬৬.২৭% |
বিগত দহ বছৰত ১৬.৯৩% বৃদ্ধিৰ হাৰত ৰাজ্যৰ মুঠ জনসংখ্যা ২৬,৬৩৮,৪০৭ৰ পৰা ৩১,১৬৯,২৭২ জনলৈ বৃদ্ধি হয় | ২০২১ চনলৈ অসমৰ ৩৪.১৮ মিলিয়ন আৰু ২০২৬লৈ ৩৫.৬০ মিলিয়নলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে |অতি ঘন বসতিপূৰ্ণ জিলাসমূহ হৈছে কামৰূপ, নগাওঁ, শোণিতপুৰ, বৰপেটা, ধুবুৰী, দৰং আৰু কাছাৰ | অসম প্ৰাকৃতিক সম্পদ উৎপাদনত চহকী | অসমৰ প্ৰাকৃতিক সম্পদসমূহ নিম্নলিখিত বিভাগসমূহত বিভক্ত কৰিব পাৰি- খনিজ, বনজ, জলজ আৰু কৃষিজাত | ৰাজ্যখন জীব বৈচিত্র্যৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে চহকী, য'ত গ্রীষ্মপ্রধান বৰ্ষাৰণ্য, ক্ষণস্থায়ী অৰণ্য, নদীতীৰস্থ তৃণভূমি বাঁহৰ বাগিছা আৰু অসংখ্য জলভূমি পোৱা যায় |
অসমত কেইবাখনো বন্যপ্ৰাণী অভয়াৰণ্য আছে যিবোৰৰ ভিতৰত ইউনেস্ক'ৰ দ্বাৰা স্বীকৃত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানস বন্যপ্ৰাণী অভয়াৰণ্য উল্লেখযোগ্য | অসমত থকা আন তিনিখন ৰাষ্ট্ৰীয় উদ্যান হৈছে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান | কাজিৰঙা হৈছে অতি ক্ষিপ্ৰতাৰে বিলুপ্ত হ'বলৈ ধৰা ভাৰতীয় এশিঙীয়া গঁড়ৰ বাসস্থান আৰু এই গঁড়ক অসমৰ ৰাজ্যিক প্ৰাণীৰূপে চিহ্নিত কৰা হৈছে | অসমৰ ৰাজ্যিক চৰাই হৈছে বগা পাখিযুক্ত বনহংস |
অসম ইয়াত পোৱা প্ৰচুৰ পৰিমাণৰ বনজ সম্পদৰ বাবে বিখ্যাত | অসমৰ এক বৃহৎ অংশ পৰ্বত-পাহাৰ আৰু অৰণ্যৰে পৰিবেষ্টিত | এই পৰ্বত-পাহাৰ আৰু অৰণ্যসমূহত যথেষ্ট সংখ্যক অতি মূল্যবান গছ পোৱা যায় |ডিপ্টেৰ'কাৰপাছ মেক্ৰ'কাৰপাছ অথবা স্থানীয় ভাষাত হলং নামেৰে জনা গছজোপাক অসমৰ ৰাজ্যিক গছ বুলি কোৱা হয় |অৰ্কিডৰ প্ৰজাতিৰ ক্ষেত্ৰত অসম বিশেষভাৱে চহকী আৰু ফক্সটেইল অৰ্কিড (ৰাইনকষ্টিলিছ ৰেটুছা)অৰ্থাৎ কপৌফুল হৈছে অসমৰ ৰাজ্যিক ফুল|নতুনকৈ স্থাপিত হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় অৰ্কিড আৰু জীব বৈচিত্র্য উদ্যানত ভাৰতত পোৱা ১৩১৪ বিধ অৰ্কিডৰ ভিতৰত ৫০০ৰো অধিক অৰ্কিডৰ প্ৰজাতি সংৰক্ষন কৰা হৈছে | অসম, ইয়াৰ বৃহৎ অংশ পৰ্বত-পাহাৰ আৰু অৰণ্যৰে পৰিবেষ্টিত হোৱাৰ বাবে বিভিন্ন ধৰণৰ ঔষধি গুণযুক্ত বন আৰু উদ্ভিদৰ ভাণ্ডাৰ | এই ৰাজ্যত প্ৰায় ৩০০ বিধ ঔষধি গুণযুক্ত বন আৰু উদ্ভিদ পোৱা যায় য'ৰ ১৫০ বিধ উচ্চ ব্যৱসায়িক মূল্যৰ ঔষধি গুণযুক্ত বন আৰু উদ্ভিদ কেৱল ব্ৰহ্মপুত্ৰ উপত্যকাতেই পোৱা যায় |
অসমত প্ৰচুৰ পৰিমাণৰ খনিজ সম্পদ পোৱা যায় আৰু এইবোৰৰ ভিতৰত কয়লা, পেট্ৰোলিয়াম, চূণ আৰু প্ৰাকৃতিক গেছ হৈছে প্ৰধান খনিজ সম্পদ |খাৰুৱা তেল উৎপাদনৰ ক্ষেত্ৰতো অসম ভাৰতৰ ভিতৰতে প্ৰথম| অন্যান্য খনিজ সম্পদসমূহ হ'ল চুম্বকীয় কোয়ার্টজাইট, কাউলিন, চিলিমেনাইট, লো আকৰিক, ক'লা মাটি আৰু এলুমিনিয়াম পটাছিয়াম ইত্যাদি। পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত অসমৰ দুলীয়াজানত থকা ভাৰতীয় চৰকাৰী খণ্ডৰ অইল ইণ্ডিয়া লিমিটেড হৈছে ভাৰতৰ দ্বিতীয় বৃহত্তম হাইড্ৰ'কাৰ্বন অনুসন্ধান আৰু উৎপাদন কোম্পানী ।
বৰাক আৰু ব্ৰহ্মপুত্ৰ নদী ইয়াৰ অসংখ্য উপনদীসমূহৰ সৈতে অসমৰ প্ৰধান পানীৰ উৎস| এই নদীসমূহে বিভিন্ন কৃষি-কৰ্মৰ বাবে পানী যোগান ধৰাৰ লগতে মৎস্য উৎপাদনৰ ক্ষেত্ৰতো সহায়ক হয়। অসমত জল সম্পদৰ সদ ব্যৱহাৰৰ দ্বাৰা হাইড্ৰ'ইলেক্ট্ৰনিক বিদ্যুৎ উৎপাদন কৰাৰ প্ৰচুৰ ক্ষমতা আছে।অসমত কৃষিয়ে ঘৰুৱা ক্ষেত্ৰত সৰ্বোচ্চ অৱদান আগবঢ়াই, যি অসমৰ মুঠ আয়ৰ তিনি ভাগত কৈ বেছি পৰিমাণৰ হয় আৰু ৬৯% ত কৈ অধিক কৰ্মদক্ষতাক নিয়োগ কৰে |
অসমত একক ভাৱে বিশ্বৰ সৰ্বাধিক চাহ উৎপাদন ক্ষেত্ৰ আছে, যি সমগ্ৰ বিশ্বৰ মুঠ চাহ উৎপাদনৰ সাত ভাগৰ এভাগ |অসমত ইয়াৰ নিজস্ব কেমেলিকয়া আচামিকা প্ৰজাতিৰ চাহ গছ আছে | সমগ্ৰ দেশৰ চাহ উৎপাদনৰ পঞ্চাশ শতাংশ চাহপাত কেৱল অসমতেই উৎপাদিত হয় | এই ৰাজ্যত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ অৱস্থিত, যি বিশ্বৰ সৰ্ববৃহৎ চিটিচি চাহ নিলাম কেন্দ্ৰসমূহৰ ভিতৰত অন্যতম। তদুপৰি, অসমত যথেষ্ট পৰিমাণৰ চাউল, ৰেপচিড, সৰিয়হ, মৰাপাট, আলু, মিঠাআালু, কল, অমিতা, তামোল আৰু হালধি আদিৰ উৎপাদন হয়|
অসম বিভিন্ন প্ৰকাৰৰ টেঙাজাতীয় ফল, শাক-পাচলি, পাচলি, উপযোগী বন, বনৌষধি, মছলা আদিৰ উৎপাদন স্থল, যিবোৰৰ সৰহভাগেই জীৱন ধাৰণৰ বাবে অপৰিহাৰ্য|
অসম ৰেচমৰ দ্বাৰা অসমত উৎপাদিত তিনি প্ৰকাৰৰ স্বদেশজাত বন্য ৰেশমক বুজোৱা হয়- সোণোৱালী মুগা, বগা পাট আৰু এৰী | অসমৰ ৰেচম শিল্প, যি বৰ্তমান শুৱালকু্ছিত প্ৰধানত: উৎপাদিত হয়, এক শ্ৰম নিবিড় শিল্প | মুগা ৰেচম উৎপাদনৰ ক্ষেত্ৰত অসমে বিশ্বব্যাপী একাধিপত্য লাভ কৰি আহিছে | সমগ্ৰ বিশ্বৰ মুগাৰ প্ৰায় ৯৫ শতাংশ মুগা অসমে উৎপাদন কৰি আহিছে |তদুপৰি, অসম হৈছে দেশৰ ভিতৰতে প্ৰধান এৰী ৰেচম উৎপাদনকাৰী ৰাজ্য (যি হৈছে দেশৰ মুঠ এৰী সূতা উৎপাদনৰ ৬৫ শতাংশ)| ২০১৭-১৮ চনত অসম আৰু বড়োলেণ্ডৰ কেঁচা সূতা উৎপাদন ২৭২৩ মিলিয়ন টন হয়গৈ (নৱেম্বৰ ২০১৭ পৰ্যন্ত) |
অসম ভাৰতৰ মূখ্য খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ উৎপাদনকাৰী ৰাজ্য | ই আছিল বিশ্বৰ ভিতৰতে দ্বিতীয় পেট্ৰোলিয়াম আৱিস্কাৰ হোৱা ঠাই (আমেৰিকা যুক্তৰাষ্ট্ৰৰ টাইটাচ-ভিলৰ পিছত) | এছিয়াৰ প্ৰথম সফল যান্ত্ৰিকভাৱে ড্ৰিল কৰা তেল মাকুমত (অসম) ১৮৬৭ চনত উলিওৱা হৈছিল। বিশ্বৰ ভিতৰতে দ্বিতীয় এই তেল উৎপাদনকাৰী ক্ষেত্ৰত আজিও খাৰুৱা তেল উৎপাদন কৰা হয় | দেশৰ সবাতোকৈ ডাঙৰ চৰকাৰী খণ্ডৰ তেল কোম্পানীসমূহৰ ভিতৰত অন্যতম, অইল ইণ্ডিয়া লিমিটেডৰ প্লান্ট আৰু মূখ্য কাৰ্যালয় অসমৰ দুলীয়াজানত অৱস্থিত গুৱাহাটী, ডিগবৈ, নুমলীগড় আৰু বঙাইগাঁওত অসমৰ চাৰিটা তেল শোধানাগাৰ আছে আৰু এই শোধানাগাৰসমূহৰ মুঠ ক্ষমতা ৭ মিলিয়ন মেট্ৰিক টন প্ৰতি বছৰ | বঙাইগাঁও শোধনাগাৰ আৰু পেট্ৰ'কেমিকেলচ লিমিটেড হৈছে অসমৰ একমাত্ৰ কৰ্পোৰেট অফিচসহ এচ.এণ্ড পি চি.এন.এক্স ৫০০ বহু-সমন্বিত প্ৰতিষ্ঠান।
বৰ্তমানৰ মূল্যত, ২০১৬-১৭ চনত অসমৰ গ্ৰচ ষ্টেট ডমেষ্টিক প্ৰডাক্ট আছিল ২.৫০ ট্ৰিলিয়ন টকা (৩৭.২৩ বিলিয়ন ডলাৰ) | ৰাজ্যখনৰ গ্ৰচ ষ্টেট ডমেষ্টিক প্ৰডাক্ট ২০১১-১২ ৰ পৰা ২০১৬-১৭ লৈ ১১.৭৮ শতাংশ যৌগিক বাৰ্ষিক বিকাশ হাৰত বৃদ্ধি হয় |এই গ্ৰচ ষ্টেট ডমেষ্টিক প্ৰডাক্ট ২০১৭-১৮ ত ২.৪৮ ট্ৰিলিয়ন (৪০.১ বিলিয়ন ডলাৰ) হোৱাৰ অনুমান কৰা হৈছে |
অসম হৈছে ভাৰতৰ বাবে উত্তৰ-পূবৰ দুৱাৰডলি আৰু দক্ষিণ-পূব এচীয় দেশমূহৰ সৈতে ব্য়ৱসায়-বাণিজ্যৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে | এই ৰাজ্য ৰেল, পথ, জাহাজঘাট আৰু বিমানবন্দৰেৰে অতি সুগম | ৰাজ্যখনে যথেষ্ট সংখ্যক বিনিয়োগ সুলভ আঁচনি গ্ৰহণ কৰিছে যাতে বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰি উদ্যোগজাত বিকাশ নিশ্চিত কৰিব পাৰে | উত্তৰ-পূব উদ্যোগীক বিনিয়োগ উন্নয়ন আঁচনি আৰু উদ্যোগীক আঁচনি, অসমৰ জৰিয়তে বিনিয়োগকাৰীক ৰাজকোষৰ বিশেষ সহায় আৰু বহু-বাৰ্ষিক ৰেহাই আদি সুবিধা প্ৰদান কৰা হয় | তথ্য প্ৰযুক্তি আঁচনি আৰু অসমৰ ভ্রমণ ব্যবস্থা আঁচনি আদিয়ে নিৰ্দিষ্ট বিভাগৰ বিকাশৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰিছে |
জনসংখ্যাৰ ফালৰ পৰা সবাতোকৈ বৃহৎ আৰু ক্ষেত্ৰফলৰ ফালৰ পৰা দ্বিতীয় স্থানত অৱস্থান কৰা অসম উত্তৰ-পূব ভাৰতত অৱস্থিত| অসমে ৭৮৪৩৮ বৰ্গ কি.মি. (৩০২৮৫ বৰ্গমাইল) ক্ষেত্ৰফল জুৰি আছে| ৰাজ্যখনক উত্তৰে, ভূটান আৰু অৰুণাচল প্ৰদেশ; পূবে, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু মণিপুৰ; দক্ষিণে, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম আৰু বাংলাদেশ; আৰু পশ্চিমে পশ্চিমবঙ্গই আৱৰি আছে। অসমৰ এক উল্লেখযোগ্য ভৌগোলিক বিশেষত্ব হ'ল যে, ভাৰতৰ ছটা ভূ-বিভাগৰ ভিতৰত ইয়াত তিনিটা ভূ-বিভাগ অর্থাৎ উত্তৰ হিমালয় (পূব পৰ্বতমালা), উত্তৰ সমতলীয় ভূমি (ব্ৰহ্মপুত্ৰ সমতল)আৰু দক্ষিণ মালভূমি (কাৰ্বি আংলং) অৱস্থিত।