অসম হৈছে ২০ খন বন্যপ্ৰাণী অভয়াৰণ্যৰ আশ্রয়স্থল স্বৰূপ। এই বন্যপ্ৰাণী অভয়াৰণ্য সমূহে বিভিন্ন ধৰণৰ প্ৰজাতিক সুৰক্ষা প্ৰদান কৰে, উদাহৰণস্বৰূপে, এশিঙীয়া গঁড়, সোণালী বান্দৰ আদিৰ দৰে দূৰ্লভ জন্তুৰ কথা উল্লেখ কৰিব পাৰি।
আপোনাৰ যাত্ৰা স্মৰণীয় আৰু সুবিধাজনক কৰি তুলিবলৈ, চৰকাৰী আৱাস বা ব্যক্তিগত হোটেল বা ৰিজ'ৰ্ট আগতীয়াকৈ সংৰক্ষণ কৰাৰ ব্যবস্থা কৰক।
গুৰুত্বপূৰ্ণ লিংক:
বন্যপ্ৰাণী অভয়াৰন্যৰ ভিতৰত আৰু চৌপাশে পৰ্যটকৰ বাবে উপলব্ধ আৱাসীয় ঠাইসূহৰ বিশদ বিৱৰণ
নতুন কৈ উৎপত্তি হোৱা ক'ৰোণা ভাইৰাছ বা ক'ভিড ১৯ হৈছে এবিধ সংক্ৰমিত ৰোগ। ক'ৰোণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত অধিকাংশ লোকে মৃদু বা মধ্যমীয়া ধৰণে স্বাস-প্ৰস্বাসজনিত অসুবিধাৰ সন্মুখীন হ'য় যদিও কোনোধৰণৰ বিশেষ চিকিৎসাৰ অবিহনেই সুস্থ হৈ উঠে। কিন্তু বয়সস্থ বা দীৰ্ঘদিন ধৰি ভূগি থকা হৃদ ৰোগ, মধুমেহ, পুৰণি স্বাস প্ৰস্বাসজনিত ৰোগ বা কৰ্কট আদি অন্তৰ্নিহিত বেমাৰ থকা লোকসকলৰ পক্ষে এই ভাইৰাছ বিধৰ সংক্ৰমণৰ আশংকা তুলনামূলকভাবে বেছি।
ক'ভিড-১৯ ভাইৰাছ বিধৰ বিষয়ে ভালদৰে জ্ঞাত হোৱাৰ লগতে ই কেনেধৰণৰ বেমাৰৰ কাৰক হ'ব পাৰে লগতে কেনেদৰে মানুহৰ দেহত বিয়পে এই সন্দৰ্ভত নিজৰ লগতে আনকো অৱগত আৰু সজাগ কৰি তোলাই হৈছে সংক্ৰমণ প্ৰতিৰোধ তথা লেহমীয়া কৰাৰ সৰ্বোত্তম উপায়। সঘনাই চাবোনেৰে হাত ধোৱা, এলক'হ'ল যুক্ত ছেণীটাইজাৰ ব্যৱহাৰ, চকু, নাক, মুখ স্পৰ্শ কৰাৰ পৰা বিৰত থকা, মাস্ক পৰিধান আৰু দূৰত্ব বজাই ৰখা ইত্যাদিবোৰ সতৰ্কতা অৱলম্বন কৰি নিজৰ লগতে আনকো ক'ৰোণো ভাইৰাছৰ সংক্ৰমণৰ পৰা দূৰত ৰাখিব পৰা যায়।