• Document Search

Speaker of Assam

hitendra-nath-goswami-speaker-of-assam

শ্ৰী হিতেন্দ্র নাথ গোস্বামী

অধ্যক্ষ: অসম বিধানসভা

হিতেন্দ্র নাথ গোস্বামী বৰ্ত্তমানৰ অসম বিধানসভাৰ অধ্যক্ষ। তেওঁ ২০১৭ চনৰ ৩০ জানুৱাৰী তাৰিখে পদভাৰ গ্ৰহণ কৰিছিল। হিতেন্দ্র নাথ গোস্বামীয়ে ২০১৪ চনৰ ১০ মাৰ্চ তাৰিখে, নতুন দিল্লীত ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সদস্য হিচাপে যোগদান কৰে।

যোগাযোগ ঠিকনা

০৩৬১-২২৬১৩৭১/২২৩০০৬৪

legislative-asm@nic.in

সবিশেষ

প্ৰফুল্ল মহন্ত নেতৃত্বাধীন অসম গণ পৰিষদ চৰকাৰৰ প্ৰক্তন মন্ত্ৰী হিতেন্দ্ৰ নাথ গেস্বামীৰ ১৯৫৯ চনৰ ১ জানুৱাৰী তাৰিখে জন্ম হৈছিল। ২০১৩ চনৰ ১৬ তাৰিখে, তেওঁ অসম গণ পৰিষদ দলৰ সদস্য পদৰ পৰা ইস্তফা দিয়ে। হিতেন্দ্ৰ নাথ গেস্বামী এগৰাকী বাকপটূ আৰু প্ৰশাসনিক অভিজ্ঞতালব্ধ বিধায়ক।

স্বৰ্গীয় শ্ৰীনাথ দেৱ গোস্বামী আৰু ৰম্ভা গোস্বামীৰ আঠোটা সন্তানৰ ভিতৰত হিতেন্দ্ৰ নাথ গেস্বামী হ’ল ষষ্ঠতম সন্তান। মধু মিশ্ৰ সত্ৰৰ সত্ৰাধিকাৰ স্বৰ্গীয় শ্ৰীনাথ দেৱ গোস্বামী আছিল যোৰহাট চহৰৰ এগৰাকী প্ৰসিদ্ধ নাগৰিক। তেওঁ শ্ৰীমতী মালৱিকা গেস্বামীৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় আৰু এজনী ছোৱালীৰ পিতৃ। হিতেন্দ্ৰ নাথ গেস্বামীৰ অভিৰুচিৰ ভিতৰত কিতাপ পঁঢ়া আৰু ভ্ৰমণ এই বিষয় দুটা অন্তৰ্ভূক্ত। ভাৰতবৰ্ষৰ বিভিম্ম ঠাই ভ্ৰমণ কৰাৰ লগতে তেওঁ, কানাডা আৰু বাংলাদেশো ভ্ৰমণ কৰিছে। তাৰোপৰি তেওঁ বিভিন্ন তাৰকাৰ দ্বাৰা প্ৰদৰ্শিত ক্ৰিকেট, ফুটবল আৰু টেনিছ খেল উপভোগ কৰি আনন্দ লাভ কৰে। হিতেন্দ্ৰ নাথ গেস্বামী উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক। সাধুতা, নিষ্ঠা আৰু মানৱীয়তাৰ লগতে সমাজৰ প্ৰতি তেওঁৰ যি দায়বদ্ধতা তাক, দুখীয়া বঞ্চিত শ্ৰেণীৰ উত্থান আৰু শিশু উন্নয়নৰ প্ৰতি থকা তেওঁৰ সদিচ্ছাৰ পৰা অনুভৱ কৰিব পাৰি।

Vani

VANI - Virtual Assistant of NIC

Vani