অসম ৰাজ্যিক পৰিবহন নিগমে প্ৰদান কৰা বাছ সেৱা সমূহৰ বিষয়ে অধিক তথ্য লাভ কৰিবলৈ নিম্নোক্ত লিংকসমূহত ক্লিক কৰিব পাৰে।
গুৰুত্বপূৰ্ণ লিংক :
অসম ৰাজ্যিক পৰিবহন নিগমে প্ৰদান কৰা বাছ সেৱাৰ সময় সূচী সম্পৰ্কে কোনোধৰণৰ প্ৰশ্ন থাকিলে ইয়াত ক্লিক কৰিব পাৰে
নতুন কৈ উৎপত্তি হোৱা ক'ৰোণা ভাইৰাছ বা ক'ভিড ১৯ হৈছে এবিধ সংক্ৰমিত ৰোগ। ক'ৰোণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত অধিকাংশ লোকে মৃদু বা মধ্যমীয়া ধৰণে স্বাস-প্ৰস্বাসজনিত অসুবিধাৰ সন্মুখীন হ'য় যদিও কোনোধৰণৰ বিশেষ চিকিৎসাৰ অবিহনেই সুস্থ হৈ উঠে। কিন্তু বয়সস্থ বা দীৰ্ঘদিন ধৰি ভূগি থকা হৃদ ৰোগ, মধুমেহ, পুৰণি স্বাস প্ৰস্বাসজনিত ৰোগ বা কৰ্কট আদি অন্তৰ্নিহিত বেমাৰ থকা লোকসকলৰ পক্ষে এই ভাইৰাছ বিধৰ সংক্ৰমণৰ আশংকা তুলনামূলকভাবে বেছি।
ক'ভিড-১৯ ভাইৰাছ বিধৰ বিষয়ে ভালদৰে জ্ঞাত হোৱাৰ লগতে ই কেনেধৰণৰ বেমাৰৰ কাৰক হ'ব পাৰে লগতে কেনেদৰে মানুহৰ দেহত বিয়পে এই সন্দৰ্ভত নিজৰ লগতে আনকো অৱগত আৰু সজাগ কৰি তোলাই হৈছে সংক্ৰমণ প্ৰতিৰোধ তথা লেহমীয়া কৰাৰ সৰ্বোত্তম উপায়। সঘনাই চাবোনেৰে হাত ধোৱা, এলক'হ'ল যুক্ত ছেণীটাইজাৰ ব্যৱহাৰ, চকু, নাক, মুখ স্পৰ্শ কৰাৰ পৰা বিৰত থকা, মাস্ক পৰিধান আৰু দূৰত্ব বজাই ৰখা ইত্যাদিবোৰ সতৰ্কতা অৱলম্বন কৰি নিজৰ লগতে আনকো ক'ৰোণো ভাইৰাছৰ সংক্ৰমণৰ পৰা দূৰত ৰাখিব পৰা যায়।