• Document Search

অসমৰ মাননীয় মুখ্যমন্ত্ৰী

শ্রীযুত সৰ্বানন্দ সোণোৱাল

শ্রীযুত সর্বানন্দ সোণোৱাল

মাননীয় মুখ্যমন্ত্রী, অসম

২০১৬ চনৰ ২৭ মে তাৰিখে অসমৰ ১৪ তম মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালে পদভাৰ গ্ৰহণ কৰে৷ ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ১২৬ খন আসনৰ ভিতৰত ৮৬ আসনেই লাভ কৰি, ভাৰতীয় জনতা পাৰ্টিৰ পৰা প্ৰথমজন মুখ্যমন্ত্ৰী হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বহু কেইজন উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত তেওঁ শপত গ্ৰহণ কৰে ৷

যোগাযোগৰ ঠিকনা

চি.এম ব্লক, জনতা ভবন, অসম সচিবালয়, দিছপুৰ-৭৮১০০৬

+৯১-৩৬১-২২৬২২২২/২২৩৭০৪৩

cm@assam.gov.in

cm.assam.gov.in

ছ'চিয়েল মিডিয়াত অনুসৰণ কৰিবলৈ

সবিশেষ

নিজস্ব দৃঢ়তা আৰু বিবেচনাপূৰ্ণ সিদ্ধান্তৰ বাবে ৰাজ্যৰ নিখুঁত আৰু সঠিক সিদ্ধান্ত গ্ৰহণকাৰী যুৱক সকলক সন্মান প্ৰদৰ্শন কৰা সৰ্বানন্দ সোণোৱাল এগৰাকী যথেষ্ট নিষ্ঠাবান নেতা তথা প্ৰতিশ্ৰুতিসম্পন্ন, শক্তিশালী আৰু কৰ্ম নিপুণ ব্যক্তি । ভাৰতীয় জনতা পাৰ্টীৰ এজন অত্যুৎসাহী সদস্য হিচাপে তেওঁ, অসম ৰাজ্যিক বিধানসভাত মাজুলী সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল।

ডিব্ৰুগড় জিলাৰ মুলুক গাঁওত ১৯৬২ চনৰ ৩১ অক্টোবৰত জন্ম গ্ৰহণ কৰা সৰ্বানন্দ সোণোৱালৰ পিতৃৰ নাম শ্ৰী জিবেশ্বৰ সোণোৱাল আৰু মাতৃৰ নাম শ্ৰীমতী দিনেশ্বৰী সোণোৱাল ৷ তেওঁ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত হনুমানবক্ষ কানৈ মহাবিদ্যালয়ৰ পৰা গুৰু বিষয় হিচাপে ইংৰাজী বিভাগত স্নাতক ডিগ্ৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী গ্ৰহণ কৰে৷

এজন সুদক্ষ খেলুৱৈ হিচাপে ফুটবল, ক্ৰিকেট আৰু বেডমিন্টনৰ প্রতি সৰ্বানন্দ সোণোৱাল অতি উৎসাহী।

Vani

VANI - Virtual Assistant of NIC

Vani