• Document Search

অসমৰ মাননীয় অধ্যক্ষ

Prof. Jagadish Mukhi

অধ্যাপক জগদীশ মুখী

মাননীয় ৰাজ্যপাল, অসম

অধ্যাপক জগদীশ মুখীয়ে ২০১৭ চনৰ ১০ অক্টোবৰ তাৰিখে অসমৰ ত্ৰিংশতম ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে৷ অসমৰ ৰাজ্যপাল ৰূপে পদভাৰ গ্ৰহণ কৰাৰ আগতে তেওঁ আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷

যোগাযোগৰ ঠিকনা

ৰাজভৱন, গুৱাহাটী

০৯৩৫০০ ৫৩০৩১

jagdishmukhi@nic.in

www.jagdishmukhi.com

ছ'চিয়েল মিডিয়াত অনুসৰণ কৰিবলৈ

সবিশেষ

অধ্যাপক জগদীশ মুখীয়ে দিল্লী চৰকাৰৰ বিত্তীয়, পৰিকল্পনা, আবকাৰী আৰু কৰ বিভাগৰ মন্ত্ৰী পদো শুৱনি কৰিছিল। দিল্লীবাসী ৰাইজৰ উন্নতি আৰু কল্যাণৰ হকে সৰ্বাঙ্গীণ ৰূপত কাম কৰা বাবে তেওঁ সকলোৰে শ্ৰদ্ধাভাজন হৈ পৰিছিল। ১৯৯৮ ৰ পৰা ২০০৮ চনলৈকে এই দহ বছৰ বিৰোধী দলৰ নেতা আছিল।

১৯৯৪ চনত দিল্লী চৰকাৰৰ অধীনত বিত্ত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ত অধ্যাপক জগদীশ মুখীয়ে গ্ৰহণ কৰা ভালেমান গুৰুত্বপূৰ্ণ পদক্ষেপৰ ভিতৰত ল’টাৰী ট্ৰেডৰ দৰা ব্যৱসায় নিষিদ্ধ ঘোষিত কৰাটো আছিল উল্লেখযোগ্য। উচ্চ শিক্ষাৰ মন্ত্ৰী হিচাপে অধ্যাপক জগদীশ মুখীয়ে নিজস্ব ধনেৰে দিল্লীত গুৰু গোবিন্দ সিং ইন্দ্ৰপ্ৰস্থ নামেৰে এখন মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিছিল৷ দেশৰ শ্ৰেষ্ঠ বিত্ত মন্ত্ৰী হিচাপে মৰ্যদা লাভ কৰাৰ লগতে দুবাৰ কৈ দিল্লী বিধানসভাত শ্ৰেষ্ঠ বিধায়কৰ বঁটা পাবলৈ সক্ষম হৈছিল। ১৯৮০ চনৰ পৰা একেৰাহে জনক পুৰী সমষ্টিক প্ৰতিনিধিত্ব কৰাৰ উপৰিও একেটা সমষ্টিৰ পৰাই তেওঁ সাতবাৰ কৈ বিজয়ী হৈছিল। ১৯৪২ চনৰ ১ ডিচেম্বৰ তাৰিখে জগদীশ মুখীৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল স্বৰ্গীয় জে আৰ মুখী আৰু মাতৃৰ নাম স্বৰ্গীয় লক্ষী দেৱী মুখী৷

Vani

VANI - Virtual Assistant of NIC

Vani