অসম বিধানসভা ভৱন, বিধায়ক আবাস আৰু ৰাজ্যিক আপাতকালীন সঞ্চালন কেন্দ্ৰৰে সৈতে অসম সচিবালয় ভৱন ৰাজধানী চহৰ দিছপুৰত অৱস্থিত। ২৫ জানুৱাৰী ২০১৭ তাৰিখে ৰাজ্য চৰকাৰে প্ৰদান কৰা অধিসূচনা অনুসৰি অসম সচিবালয় চৌহদৰ নাম জনতা ভৱনলৈ ৰূপান্তৰিত হয়। অসম চৰকাৰৰ অন্তৰ্গত সকলো বিভাগ, অসম সচিবালয় চৌহদৰ ভিতৰত অছে।