র্বিশ্বৰ ভিতৰতে আটকধুনীয়া ৰাজ্য হিচাপে পৰিচিত অসমে, এই ৰাজ্যৰ সমৃদ্ধিশালী হস্তশিল্প আৰু হস্ততাঁতক লৈও গর্ব কৰিব পাৰে। হস্তশিল্পই, অসমীয়া কাৰিকৰ, শিপিনীসকলৰ শিল্প-নৈপূণ্য, তেওঁলোকৰ আবেগে, সৰলতা আৰু কমনীয়তাৰ সৈতে গভীৰ জ্ঞানক উদ্ভাসিত কৰে। অসমৰ প্ৰসিদ্ধ ৰঙীণ অসমীয়া জাপি (হেডগাৰ্ড), গৌৰীপুৰৰ পোৰামাটিৰ শিল্প, বেতৰ আচবাব, বাঁহৰ মগ, টেবুল লাইট, বাঁহৰ ট্রে আৰু বিভিন্ন দেশীয় সামগ্ৰীয়ে অসমৰ কাৰুকাৰ্য্যৰ সাক্ষী বহন কৰে।
আনহাতে, অসংখ্য ৰং আৰু আকৃতি, ইয়াৰ ৰূপাংকণ আৰু ডিজাইনে, অসমৰ হস্ততাঁত শিল্পক সদায়েই আকৰ্ষণীয় আৰু প্রশংসনীয় কৰি ৰাখে। জটিল ডিজাইন মনযোগ এৰি, মুগা (অসমীয়া চিল্ক ড্রেছ) ৰ বাবে যোগ্য হব পাৰে আৰু কেৱল তাৰ উষ্ণ ৰং আৰু জটিলতৰ ডিজাইনৰ বিশিষ্ট পোছাকৰ বাবে উপযুক্ত। এই মোহনীয় মাটিৰ শিপিনীসকলে তেওঁলোকৰ তাঁতত স্বপ্ন বোৱে। পোছাক হওঁক বা অলংকাৰ উভয় শিল্পই সমৃদ্ধ আৰু বৈচিত্রময় সংস্কৃতি ঐতিহ্যৰ প্রতিচ্ছবি। ইয়াৰ উপৰিও,অসম নিগম আৰু সমগ্র উত্তৰ-পূর্ব অঞ্চলত বসবাসকাৰী বিভিন্ন সম্প্রদায়ৰ বর্ণিল পোছাক প্রদর্শন কৰাৰ চেষ্টা কৰিছে। বিখ্যাত বড়োৰ দখনা আৰু আৰনাই, বর্ণিল কার্বি পোছাক, ৰাভা পোছাক, ৰাভা ৰেপাৰ আৰু মাফলাৰ বিশেষ ডিজাইন আৰু নাগা শ্বল (বিভিন্ন জনজাতিৰ) ইত্যাদিহস্ততাঁত সামগ্ৰীৰ দেশী-বিদেশী গ্রাহকসকলৰ বাবেও সকলতকৈ বেছি চাহিদা আছে।
অসম চৰকাৰ মাৰ্কেটিং কর্পোৰেচন লিমিটেড (এজিএমচি), অসম চৰকাৰৰ এই উদ্যোগটো ১৯৫৯ বৰ্ষত প্রতিষ্ঠিত হোৱাৰ পিছৰ পৰাই এই যশস্বী উদ্যোগক গতিশীল কৰাৰ বাবে বিপণন প্রকল্পৰ মাধ্যমেৰে হস্ততাঁত আৰু হস্তশিল্পৰ এই নিৰবচ্ছিন্ন ঐতিহ্য সংৰক্ষণ আৰু প্রচাৰৰ বাবে ভাল কাম কৰিছে।
অসম চৰকাৰ মাৰ্কেটিং কর্পোৰেচন লিমিটেড (এজিএমচি),১৯৫৯ বৰ্ষৰ স্থাপনৰ দিন ধৰি উচ্চমানৰ আৰু বিভিন্ন ধৰণৰ পাৰম্পৰিক অসমৰ তাঁতৰসামগ্ৰী যেনে- অসম চিল্ক, এন্ডি চিল্ক, কটন মেখেলা চাদৰ, গামোচা, পাটৰ গামোচা, চিল্ক আৰু কপাহী ৰিহা, লাইচেম্ফি ইত্যাদিৰ উচ্চ গুণৱত্তা আৰু বিবিধ প্ৰকাৰৰক্রয়, প্রচাৰ আৰু বিপণনৰসৈতে লেন-দেনৰ কাম কৰি আছে।
এই কর্পোৰেচনেবিখ্যাত অসমৰ চাহ, পাৰম্পৰিক শৰাই(কাঁহ ধাতুৰে তৈয়াৰ কৰা), জাপী, গড় (অসমৰ প্রতীক), কামাখ্য মন্দিৰৰ মিমেন্টো, ৰংঘৰ, ঢোল-পেপা গগণা আৰু অন্যান্য বিভিন্ন কাঠৰ পৰা তৈয়াৰী ঐতিহ্যবাহী সামগ্ৰীবোৰকেন্দ্ৰীয় ক্ৰয় সমিতিৰ মাধ্যমেৰে সম্বোধিত লেনদেন কৰে।
কর্পোৰেচনৰশ্ব'ৰুম (এম্পোৰিয়া)'প্ৰাগজ্যতিকা' অসম এম্পোৰিয়াম নাম আৰু ষ্টাইলযুক্তঅসমৰ কিছুমান জিলা সদৰ আৰু অসমৰ বাহিৰতআছে। বর্তমান, ইয়াৰ নিম্নলিখিত ৭টা স্থানত শাখা(আউটলেট) আছে-
এই বিক্রয় কেন্দ্রবোৰৰৰ মাধ্যমেৰে, কর্পোৰেচনে একচেটিয়াভাবে ৰাজ্যৰ বিভিন্ন তাঁত আৰু হস্তশিল্পৰ পণ্য বিপণন আৰু প্রচাৰ কৰি আহিছে আৰু অসমৰ দৰিদ্র তাঁতি আৰু কাৰিগৰসকলৰ জীৱিকা নির্বাহৰ আৰু উন্নয়নৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে, যাৰ ফলতঅসমৰ এই বিভাগৰ মানুহৰ অর্থনৈতিক অৱস্থাৰ আর্থ-সামাজিক উন্নতি ঘটিছে।
ক'ৰপৰা হস্ততাঁত আৰু হস্তশিল্পৰ সামগ্ৰী কিনিব?
আপুনি যদি অসমত ঘুৰে, তেনেহলে সুন্দৰ ৰাজ্যৰ স্মৃতিবোৰআপোনাৰ নিজৰ বা আপোনাৰ বন্ধুসকলৰ আৰু পৰিয়ালৰ মনত সতেজ কৰি ৰাখিবলৈ অৱশ্যেই এই আচৰ্যকৰ স্মৃতিচিহ্নবোৰ কিনাৰ দৰকাৰ। যদিও ৰাজ্য আৰু অসমৰ বাহিৰত প্রচুৰ পাৰম্পৰিক তাঁত আৰু হস্তশিল্পৰ অফাৰ আছে, ৰাজধানী গুৱাহাটীৰ যি ঠাইবোৰত আপুনি পাৰম্পৰিক ঐতিহ্যবাহী সামগ্ৰী কিনিব পাৰিব সেইবোৰৰ তলৰ তালিকাত সন্ধান কৰক:
১) প্রাগজ্যোতিকা অসম এম্পোৰিয়াম
ঠিকনা: জিএনবি ৰোড, আমবাৰী, গুৱাহাটী, অসম৭৮১০০১
২) জাগৰণ - আর্টফেডৰ এটা শ্ব’ৰুম
ঠিকনা: জি.এন.বি, আমবাৰী ৰোড,গুৱাহাটী, অসম ৭৮১০০১
৩) আর্টফেড জাগৰণ
ঠিকনা: বিমানবন্দৰ ৰোড,ভিআইপি, কাঁহিকুছি, গুৱাহাটী, অসম ৭৮১০১৫
৪) ব্ৰৱফেড
ঠিকনা: একে আজাদ ৰোড,বিষ্ণু ৰাভানগৰ, ৰিহাবাৰা, গুৱাহাটী, অসম ৭৮১০০৮
৫) আৰ্টফেড, জাগৰণ
ঠিকনা: একে আজাদ ৰোড, বিষ্ণু ৰাভানগৰ, ৰিহাবাৰা, গুৱাহাটী, অসম ৭৮১০০৮
নতুন কৈ উৎপত্তি হোৱা ক'ৰোণা ভাইৰাছ বা ক'ভিড ১৯ হৈছে এবিধ সংক্ৰমিত ৰোগ। ক'ৰোণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত অধিকাংশ লোকে মৃদু বা মধ্যমীয়া ধৰণে স্বাস-প্ৰস্বাসজনিত অসুবিধাৰ সন্মুখীন হ'য় যদিও কোনোধৰণৰ বিশেষ চিকিৎসাৰ অবিহনেই সুস্থ হৈ উঠে। কিন্তু বয়সস্থ বা দীৰ্ঘদিন ধৰি ভূগি থকা হৃদ ৰোগ, মধুমেহ, পুৰণি স্বাস প্ৰস্বাসজনিত ৰোগ বা কৰ্কট আদি অন্তৰ্নিহিত বেমাৰ থকা লোকসকলৰ পক্ষে এই ভাইৰাছ বিধৰ সংক্ৰমণৰ আশংকা তুলনামূলকভাবে বেছি।
ক'ভিড-১৯ ভাইৰাছ বিধৰ বিষয়ে ভালদৰে জ্ঞাত হোৱাৰ লগতে ই কেনেধৰণৰ বেমাৰৰ কাৰক হ'ব পাৰে লগতে কেনেদৰে মানুহৰ দেহত বিয়পে এই সন্দৰ্ভত নিজৰ লগতে আনকো অৱগত আৰু সজাগ কৰি তোলাই হৈছে সংক্ৰমণ প্ৰতিৰোধ তথা লেহমীয়া কৰাৰ সৰ্বোত্তম উপায়। সঘনাই চাবোনেৰে হাত ধোৱা, এলক'হ'ল যুক্ত ছেণীটাইজাৰ ব্যৱহাৰ, চকু, নাক, মুখ স্পৰ্শ কৰাৰ পৰা বিৰত থকা, মাস্ক পৰিধান আৰু দূৰত্ব বজাই ৰখা ইত্যাদিবোৰ সতৰ্কতা অৱলম্বন কৰি নিজৰ লগতে আনকো ক'ৰোণো ভাইৰাছৰ সংক্ৰমণৰ পৰা দূৰত ৰাখিব পৰা যায়।