মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত অসম ট্ৰেক্টৰ আঁচনি

  • শেহতীয়া উন্নীতকৰণ: June 16, 2023

মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন যোজনাৰ অধীনত খেতিয়কৰ বাবে অসম ৰাজ্য চৰকাৰে ট্রেক্টৰ বিতৰণ আঁচনি আৰম্ভ কৰিছে। কৃষিক্ষেত্র পুনৰুজ্জীৱিত কৰা আৰু ২০২২ চনলৈকে খেতিয়কৰ আয় দুগুন বৃদ্ধি কৰাই হৈছে এই আঁচনিখনৰ মূল উদ্দেশ্য।

নতুন সংশোধিত ট্রেক্টৰ বিতৰণ আঁচনিৰ অধীনত চৰকাৰে প্রতিখন ৰাজস্ব গাঁওত ৰাজসাহায্য দৰত কিছুসংখ্যক প্রয়োজনীয় সামগ্রীৰ সৈতে একোখলকৈ ট্রেক্টৰ যোগান ধৰিব। প্রথম পর্যায়ত চৰকাৰে প্রায় ১০,১০৯ খন ট্রেক্টৰ প্রদান কৰিব। এই আঁচনি খনে সমগ্র ৰাজ্যর ২৬০০০ গাঁও পর্যায় অনুসৰি সামৰি ল’ব।

৮ ৰ পৰা ১০ জনীয়া প্রকৃতার্থত প্রাপ্তবয়স্ক খেতিয়কৰ দল এটাই ট্রেক্টৰ বিতৰণ আঁচনিৰ বাবে আবেদন কৰিব পারে। যদিহে কৃষক সকলে এই ট্রেক্টৰ সমূহৰ সৎ ব্যবহাৰ কৰে তেন্তে কৃষিক্ষেত্র অধিক টনকিয়াল হোবা পৰিলক্ষিত হ’ব। খেতিয়ক সকলে কৃষিজাত কার্যকলাপত এইদরে ট্রেক্টৰ সমূহ ব্যবহাৰ কৰি অসমৰ অগ্রগতিত সহায় আগবঢ়াব পাৰে। ট্রেক্টৰ বিতৰণ আঁচনিখন সফলভাবে ৰূপায়ণ কৰাৰ ক্ষেত্রত ৰাজ্য চৰকাৰে ১০০০ কোটি টকাৰ অনুদান আগবঢ়াইছে।

কৃষিজাত উৎপাদন বৃদ্ধিৰ লগতে কৃষিৰ সৈতে জড়িত বা গাঁওৰ অন্যান্য বিকাশৰ বাবে উক্ত আঁচনিখন ফলপ্রসূ হ’ব। দল সমূহে নির্মাণ আৰু ম’ডেলৰ ওপৰত ভিত্তি কৰি ট্রেক্টৰ বাচনি কৰিব পাৰিব লগতে ট্রেক্টৰ সমূহ ভাৰা হিচাপে প্রদান কৰিব। দল সমূহ জিলা উপায়ুক্তৰ অধ্যক্ষতাত জিলা পর্য্যায়ৰ সমিতিয়ে নির্বাচন কৰিব।

অসম ট্রেক্টৰ বিতৰণ আঁচনিৰ বাবে আবেদনকাৰীৰ যোগ্যতাৰ মানদণ্ড

একেখন গাঁৱৰে ৮-১০ জন বয়স্ক কৃষকৰ গোট হোৱাটো বাঞ্চনীয়। গোট টোৰ এটা যুটীয়া বেংক একাউণ্ট থাকিব লাগিব।

প্ৰত্যেক সংস্থাত অন্ততঃ এখনকৈ ট্ৰেক্টৰ প্ৰয়োজনীয় সকলোধৰণৰ সা-সৰঞ্জামেৰে সৈতে সজ্জিত থাকিব লাগিব আৰু সা-সৰঞ্জাম সমূহ তলত উল্লেখ কৰা ধৰণৰ হোৱাটো বাঞ্চনীয়

গ্ৰামাঞ্চলৰ কৃষকসকলক এই গোটসমূহৰ দ্বাৰা ভাড়া হিচাপত ট্ৰেক্টৰ (সম্পূৰ্ণ বা আংশিকভাৱে) কমেও ৬ বছৰৰ বাবে প্ৰদান কৰা হয় আৰু অতি কম ভাড়াত এই ট্ৰেক্টৰ সমূহ উপলব্ধ হয় যাতে কৃষকসকলে কোনো ধৰণৰ চিন্তা নোহোৱাকৈ ল’ব পাৰে। সচৰাচৰ এই ভাড়াসমূহ ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়।

আবেদন পত্রত প্রত্যকজন সদস্যৰ সুকীয়াকৈ স্বাক্ষৰ থকাটো অনিবার্য।

আবেদনকাৰী দলৰ কোনো দুজন সদস্য এটা পৰিয়ালৰ পৰা হ’ব নোৱাৰিব।

ট্ৰেক্টৰৰ ক্ৰয় মূল্যৰ ওপৰত ভিত্তি কৰি নিৰ্বাচিত দলসমূহক ৭০% লৈকে অনুদান প্ৰদান কৰা হয়। আৰু অনুদানৰ পৰিমাণ সৰ্বাধিক ৫.৫ লাখলৈকে দিয়াৰ ব্যৱস্থা আছে।মুঠ মূল্যৰ ২০% বেংকৰ পৰা লোন হিচাপে পোৱা যায়। মুঠ মূল্যৰ ১০% অংশীদাৰসকলৰ পৰা লোৱা হয়।

ট্রেক্টৰ বিতৰণ আঁচনিৰ ক্ষেত্রত নিৰীক্ষণ

ৰাইজৰ ধনেৰে চৰকাৰে এই ট্রেক্টৰসমূহ বিতৰণ কৰে বাবে কৃষকসকলে ট্রেক্টৰৰ সঠিক ব্যবহাৰ সুনিশ্চিত কৰা আৱশ্যক। পৰৱর্ত্তী সময়ত স্থানীয় ৰাইজে এই বিষয়ত বিযেষ নজৰ ৰাখিব