• Photo Gallery Page

প্রবেশধিকাৰ নীতি

আমি এই কথা অতি দৃঢ়তাৰে দোহাৰিছোঁ যে অসম চৰকাৰৰ এই চৰকাৰী ৱেবছাইটটো যিকোনো ধৰণৰ যন্ত্ৰ, প্ৰযুক্তি বা যোগ্যতা নিৰ্বিশেষে সকলোধৰণৰ ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ| এই ৱেবছাইট নিৰ্মাণ কৰাৰ উদ্দেশ্য হৈছে পৰিদৰ্শক বা ব্যৱহাৰকাৰীক সৰ্বাধিক উপলব্ধতা আৰু ব্যৱহাৰযোগ্যতা প্ৰদান কৰা | ফলস্বৰূপে, এই ৱেবছাইট যিকোনো ধৰণৰ যন্ত্ৰ যেনে ডেস্কটপ কম্পিউটাৰ/লেপটপ, ইন্টাৰনেটযুক্ত মোবাইল ফোন ইত্যাদিত উপলব্ধ হয় | আমি যৎপৰোনাস্তি চেষ্টা কৰি এইকথা সুনিশ্চিত কৰিছোঁ যে এই ৱেবছাইটত থকা সকলো তথ্য শাৰীৰিকভাৱে অক্ষম লোকেও লাভ কৰিব পাৰে | উদাহৰণস্বৰূপে, দৃষ্টিশক্তি নথকা এজন ব্যক্তিয়ে এই ৱেবছাইট সহকাৰী প্ৰযুক্তি যেনে স্ক্ৰীণ ৰিডাৰ আৰু স্ক্ৰীন মেগনিফায়াৰৰ সহায়ত উপলব্ধ কৰিব পাৰে |

আমি এই কথাও লক্ষ্য কৰোঁ যে, আমাৰ ৱেবছাইট যাতে ভাল মানদণ্ডৰ হয় আৰু ব্যৱহাৰযোগ্যতা আৰু সাৰ্বজনীন ৰূপাঙ্কণ নীতিসমূহ মানি চলে যাৰ দ্বাৰা পৰিদৰ্শকসকল উপকৃত হ'ব পাৰে | এই ৱেবছাইট XHTML 1.0 ট্ৰানজিশ্যনেল ব্যৱহাৰ কৰি ডিজাইন কৰা হৈছে যাতে ভাৰত চৰকাৰৰ ৱেবছাইটৰ নিৰ্দেশনাসমূহ পালন কৰা হয় আৰু ই ৱৰ্ল্ড ৱাইড ৱেব কনচৰ্টিয়াম (W3C) ৰ দ্বাৰা আধাৰিত ৱেব কন্টেন্ট এক্সেচিবিলিটি গাইডলাইন (WCAG) ২.০ ৰ এ লেভেল নীতিসমূহ মানি চলে |ৱেবছাইটৰ তথ্যসমূহৰ কিছু অংশ অন্যান্য লিংকৰ দ্বাৰা ব্যাহ্যিক ৱেবছাইটতো উপলব্ধ কৰা হৈছে |এই বৰ্হিস্থিত ৱেবছাইটতসমূহ ৱেবছাইট নিৰ্মাণ কৰাৰ বাবে দায়বদ্ধ বিভাগসমূহৰ দ্বাৰা পৰিচালিত কৰা হয় | এই বিভাগে ৱেবছাইটটো শাৰীৰিকভাৱে অক্ষম লোকৰ বাবে উপলব্ধ কৰিবলৈও চেষ্টা কৰি আছে, কিন্তু বৰ্তমান চলমান দলিল বিন্যাস অৰ্থাৎ পৰ্টেবল ডকুমেন্ট ফৰমেটত (PDF) থকা ফাইলহমূহ উপলব্ধ কৰিব পৰা হোৱা নাই|ইয়াৰ উপৰিও, হিন্দী ভাষাত থকা তথ্যসমূহো উপলব্ধ নাই হোৱা |

এই ৱেবছাইটৰ উপলব্ধতাৰ ওপৰত আপোনাৰ কোনো পৰামৰ্শ থাকিলে আমাক জনাব যাতে আমি সহাঞক প্ৰতিক্ৰিয়া আগবঢ়াব পাৰোঁ | অনুগ্ৰহ কৰি আপুনি অনুভৱ কৰা সমস্যাৰ বিষয়ে আপোনাৰ যোগাযোগৰ ঠিকনাৰ সৈতে আমাক জনায় যেন |

উপলব্ধতাৰ বৈশিষ্ট্যসমূহৰ বিষয়ে শিকোঁ আহক:

তথ্য প্ৰযুক্তি সঞ্চালকালয়ৰ ৱেবছাইট উপলব্ধ কৰিবলৈ ইয়াত থকা বৈশিষ্ট্যসমূহ হ'ল: মূল সমললৈ যোৱা: পুনৰাবৃত্তিমূলক নেভিগেচনৰ অবিহনে কীবোৰ্ডৰ ব্যৱহাৰ কৰি এই পেজত থকা মূল সমলৰ দ্ৰুত উপলব্ধতা প্ৰদান কৰা হৈছে |

চিহ্ন: পঢ়া-শুনাত অসুবিধা পোৱা লোকৰ বাবে তথ্যসমূহ সহজে বুজি পাবৰ বাবে শব্দৰ সলনি চিহ্নৰ ব্যৱহাৰ কৰা হৈছে | শব্দৰ লেবেলৰ সৈতে চিহ্নসমূহৰ প্ৰদান কৰা হৈছে যাতে কীসমূহৰ নেভিগেচনৰ লগতে অন্যান্য উপাদান যেনে প্ৰিন্ট, ই-মেইল আদি সহজে পোৱা যায় |

প্রবেশধিকাৰৰ বিকল্পসমূহ : বিভিন্ন বিকল্প যেনে শব্দৰ আকাৰ সলনি, বৰণ সলনি আৰু শব্দসমূহৰ মাজৰ ব্যৱধান বঢ়োৱা আদি দিয়া হৈছে | ফাইলৰ ধৰণ আৰু আকাৰ চিনাক্তকৰণ, বিকল্প ফাইলৰ বিষয়ে তথ্য যেনে পিডিএফ, ৱৰ্ড, এক্সেলৰ লগতে ফাইলৰ আকাৰৰ তথ্য আদি লিংকত দিয়া হৈছে যাতে ব্যৱহাৰকাৰীয়ে সহজে চিনাক্ত কৰিব পাৰে | ই ব্যৱহাৰকাৰীক এই সিদ্ধান্ত লোৱাত সহায় কৰে যে তেওঁ এই লিংকটো খুলিব বিচাৰে নে নিবিচাৰে |উদাহৰণস্বৰূপে, যদি কোনো এটা ফাইল পিডিএফ হয়, লিংকটোত ফাইলৰ আকাৰ আৰু ধৰণ উল্লেখ থাকিব |

শিৰোনামা: ৱেব পেজৰ সমলসমূহ যথাযোগ্য শিৰোনামা আৰু উপ-শিৰোনামা ব্যৱহাৰ কৰি পঠনীয় ৰূপত সজাই তোলা হয় |H1 ৰ দ্বাৰা মূখ্য শিৰোনামা আৰু H2 ৰ দ্বাৰা উপ-শিৰোনামা বুজোৱা হয় |

নাম/খিতাপ: প্ৰতিখন ৱেবপেজৰ বাবে একোটা উপযুক্ত নাম ঠিৰাং কৰা হয় যাতে পেজৰ থকা সমলৰ বিষয়ে ইয়াৰ নামৰ পৰাই জানিব পৰা যায় |

বিকল্প শব্দ: দৃষ্টিশক্তি নথকা ব্যক্তি ৰ বাবে চিত্ৰৰ দ্বাৰা এক সংক্ষিপ্ত বিৱৰণ দিয়া হয় |যদি আপুনি এনে কোনো ব্ৰাউজাৰ ব্যৱহাৰ কৰি আছে য'ত কেৱল শব্দহে দেখা পোৱা যায় আৰু চিত্ৰৰ প্ৰতিফলন বন্ধ কৰি থোৱা আছে, তেনে ক্ষেত্ৰতো আপুনি বিকল্প শব্দ পঢ়ি ইয়াৰ বিষয়ে জানিব পাৰে | ইয়াৰ উপৰিও, কিছুমান ব্ৰাউজাৰে, যেতিয়া ব্যৱহাৰকাৰীয়ে মাউচৰ পইন্টাৰডাল চিত্ৰৰ ওপৰেৰে লৰচৰ কৰে, তেতিয়া বিকল্প শব্দসমূহ টুল-টিপৰ ৰূপত প্ৰদৰ্শন কৰে |

কনচিষ্টেন্ট নেভিগেচন মেকানিজম : ইয়াৰ অৰ্থ হৈছে সমগ্ৰ ৱেবছাইটটোত অবিৰত নেভিগেচন আৰু প্ৰদৰ্শনৰ শৈলী অন্তৰ্ভূক্ত কৰা হৈছে |

কীবোৰ্ডৰ সহায়: এই ৱেবছাইটটো এখন মাথোঁ কীবোৰ্ডত টেব (Tab) আৰু সিফ্ট+টেব (Shift + Tab)কী টিপি ব্ৰাউজ কৰিব পাৰি |

কাষ্টমাইজ্দ শব্দৰ আকাৰ: ব্ৰাউজাৰ অথবা উপলব্ধতা বিকল্প পেজ বা প্ৰতিটো পেজৰ ওপৰত থকা শব্দ আকাৰ সলনি চিহ্নত ক্লিক কৰি ৱেবপেজৰ শব্দৰ আকাৰ সলনি কৰিব পাৰি |

এডজাষ্ট কনট্ৰাষ্ট স্কীম: এই ৱেবছাইটে দৃষ্টিহীন ব্যৱহাৰকাৰীসকলৰ বাবে বিভিন্ন স্কীম আগবঢ়াইছে যেনে নিম্ন দৃষ্টি আৰু বৰ্ণান্ধতা যাতে ৱেবপেজৰ তথ্যসমূহ সহজে চাব পৰা যায় |ৱেবপেজৰ কনট্ৰাষ্ট সলনি কৰা সুবিধা উপলব্ধ যাৰ ফলত শব্দৰ মাজৰ ব্যৱধান বঢ়াব পাৰি: উপলব্ধতাৰ বিকল্প পেজে শব্দসমূহৰ মাজৰ বগা ঠাইৰ ব্যৱধান বঢ়োৱাৰ সুবিধা প্ৰদান কৰে | এই বগা ঠাইৰ ব্যৱধান দুটা স্তৰলৈকে বঢ়াব পাৰি | এই বিকল্প পঢ়িবলৈ অসুবিধা পোৱা আৰু দৃষ্টিশক্তি নথকা ব্যক্তিৰ বাবে সুবিধাজনক হয় যাৰ বাবে এই তথ্যসমূহ কমকৈ থকা বগা ঠাইৰ ব্যৱধানৰ বাবে অসুবিধা হয় |

উপলব্ধতাৰ বিকল্পসমূহৰ বিষয়ে শিকোঁ আহক: এই ৱেবছাইটত থকা স্ক্ৰীণ প্ৰদৰ্শন নিয়ন্ত্ৰণ কৰিবৰ বাবে ইয়াত থকা উপলব্ধতাৰ বিকল্পসমূহ ব্যৱহাৰ কৰক |স্পষ্ট দৰ্শন আৰু উন্নত পঠনৰ বাবে এই বিকল্পসমূহৰ সহায়ত শব্দৰ মাজৰ ব্যৱধান বঢ়াব পাৰি, শব্দৰ আকাৰ সলনি কৰিব পাৰি আৰু ৰংৰ আঁচনি সলনি কৰিব পাৰি |

শব্দৰ আকাৰ সলনি কৰা: শব্দৰ আকাৰ সলনি কৰা মানে নিয়মীয়া আকাৰতকৈ শব্দসমূহ ডাঙৰ বা সৰু কৰা|শব্দবোৰ ভালদৰে পঢ়িবৰ বাবে ইয়াত পাঁচটাকৈ বিকল্প প্ৰদান কৰা হৈছে | সেইকেইটা হৈছে:

সৰ্বাধিক: সৰ্বাধিক বা সৰ্বোচ্চ আকাৰত শব্দসমূহ প্ৰদৰ্শন কৰে |

বৃহত্তৰ: নিয়মীয়া শব্দৰ আকাৰতকৈ ডাঙৰ আকাৰত শব্দসমূহ প্ৰদৰ্শন কৰে |

মধ্যমীয়া: শব্দসমূহ নিয়মীয়া আকাৰত প্ৰদৰ্শন কৰে, যি ডিফল্ট আকাৰো হয় |

সৰু: নিয়মীয়া শব্দৰ আকাৰতকৈ সৰু আকাৰত শব্দসমূহ প্ৰদৰ্শন কৰে|

ক্ষুদ্ৰ: অতি ক্ষুদ্ৰ আকাৰত শব্দসমূহ প্ৰদৰ্শন কৰে|

শব্দৰ আকাৰ সলনি কৰিবৰ বাবে :

উপলব্ধতাৰ বিকল্পসমূহ ক্লিক কৰক | উপলব্ধতাৰ বিকল্পসমূহৰ পেজখন প্ৰদৰ্শন হ'ব | শব্দৰ আকাৰ শাখাৰ পৰা উপযুক্ত শব্দৰ আকাৰ বাচি লওঁক | 'এপ্লাই' কী ক্লিক কৰক |

ৰং সলনি কৰা:

ৰং সলনি কৰা বিকল্পৰ দ্বাৰা এটি উপযুক্ত পটভূমি আৰু শব্দৰ ৰং বাছনি কৰা বুজাই যাৰ দ্বাৰা শব্দবোৰ পঢ়িবলৈ অধিক সুবিধা হয়| আপোনাক ৰং সলনি কৰিবৰ বাবে দুটা বিকল্প দিয়া হৈছে | সেইকেইটা হৈছে ::

হাই কনট্ৰাষ্ট: ক'লা ৰং পশ্চাৎপটৰ ৰং হিচাপে প্ৰয়োগ কৰে আৰু শব্দসমূহত আন উপযুক্ত ৰং প্ৰয়োগ কৰে যাতে শব্দসমূহ দৃশ্যমান হয় |

ষ্টেণ্ডাৰ্ড কনট্ৰাষ্ট: স্ক্ৰীনখনৰ ৰংটো পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনে |

ৰং সলনি কৰা:

উপলব্ধতাৰ বিকল্পসমূহ টিপক | উপলব্ধতাৰ বিকল্পসমূহৰ পেজখন প্ৰদৰ্শন হ'ব | কনট্ৰাষ্ট স্কীম শাখাৰ পৰা উপযুক্ত কনট্ৰাষ্ট বাচি লওঁক | 'এপ্লাই' কী ক্লিক কৰক |

বিশেষ দ্ৰষ্টব্য: ৰং সলনি কৰাৰ ফলত পেজত থকা চিত্ৰসমূহৰ ওপৰত কোনোধৰণৰ প্ৰভাৱ নপৰে|