• Document Search

মুখ্য সচিব

Shri Jishnu Barua

শ্রীযুত জিষ্ণু বৰুৱা

আই.এ.এছ., মুখ্য সচিব

৩১-১০-২০২০ তাৰিখে পদভাৰ গ্ৰহণ কৰা শ্রীযুত জিষ্ণু বৰুৱা অসমৰ নৱ নিযুক্ত মুখ্য সচিব। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ চেইন্ট যোচেফ মহাবিদ্যালয়ৰ পৰা বুৰঞ্জী বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। "পাকিস্তান এক্সপেৰিমেন্টছ উইথ ডেমোক্ৰেচী এণ্ড এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ" নামৰ গৱেষণা গ্ৰন্থৰ বাবে মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ পৰা এম.ফিল ডিগ্ৰীৰে বিভূষিত হৈছিল।

যোগাযোগ ঠিকনা

দূৰভাষ:০৩৬১-২২৬১১২০/২২৬১৪০৩

বঙলাৰ দূৰভাষ: ০৩৬১-২৩৬০১১৫

মোবাইল: ৯৫৬০৬ ০৩৩৬১

সবিশেষ

অভয়াপুৰীৰ মহকুমাধিপতি হিচাপে কর্মজীৱন আৰম্ভ কৰা বৰুৱাই ১৯৯৪-৯৫ চনত উত্তৰ কাছাৰ পার্বত্য জিলাৰ (ডিমা হাছাও), ১৯৯৬-৯৭ চনত যোৰহাট জিলাৰ উপায়ুক্ত, অসম ঔদ্যোগিক বিকাশ নিগমৰ অধীনত পৰিচালন সঞ্চালক, গৃহ আৰু ৰাজনৈতিক বিভাগৰ অধীনত আযুক্ত আৰু সচিব, অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব আদি বিভিন্ন গুৰুত্বপূৰ্ণ সক্ষমতাৰে কৰ্মজীৱন আৰম্ভ কৰে। ২০০১ চনৰ পৰা ২০০৬ চনলৈ কেন্দ্ৰীয় প্ৰতিনিধি আৰু বাণিজ্য, পৰিসংখ্যা আৰু কৰ্মসূচী ৰূপায়ন দপ্তৰৰ ৰাজ্যিক কেন্দ্ৰীয় মন্ত্ৰীৰ মুখ্য সচিব হিচাপে আৰু পিছলৈ ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ সঞ্চালক ৰূপে কার্যনির্বাহ কৰিছিল৷

সেনাবাহিনী প্ৰধান জেনেৰেল দলবীৰ সিং, বায়ু সেনা প্ৰধান আৰু মুখ্য বায় সেনাপতি অৰূপ ৰাভাৰ সৈতে ২০০৬ চনৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা ৪৬ সংখ্যক পাঠ্যক্ৰমত ভাগ লৈছিল।.

Vani

VANI - Virtual Assistant of NIC

Vani