ডিফু চিকিৎসা মহাবিদ্যালয় শৈক্ষিক বৰ্ষৰ শুভাৰাম্ভ

অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালে, মঙলবাৰে কাৰ্বি আংলং জিলাৰ ডিফু চহৰত ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতালৰ এম.বি.বি.এছ পাঠ্যক্ৰমৰ প্ৰথম শৈক্ষিক বৰ্ষ শুভাৰাম্ভ কৰি, ৰাজ্যৰ পাৰ্বত্য এলেকাৰ জিলাসমূহৰ সমগ্ৰ স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰত অভূতপূৰ্ব পৰিৱৰ্ত্তন পৰিলক্ষিত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য আগবঢ়াই।

অসম ভাষা গৌৰৱ আঁচনিৰ অধীনত বিত্তীয় অনুদান বিতৰণ

অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালে সোমবাৰে ৰাজ্যৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আৰু সাহিত্যিক সংস্থাসমুহৰ সহায়ৰ অৰ্থে আৰ্থিক সাহায্য প্ৰদানৰ বাবে দুখন আঁচনিৰ শুভাৰাম্ভ কৰে।

উক্ত আঁচনি দুখন প্ৰজ্ঞান ভাৰতী আৰু ভাষা গৌৰৱ নামেৰে অভিহিত কৰা হয়। প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ৩,২৬,০৪৬ গৰাকী শিক্ষাৰ্থীক প্ৰত্যেককে পাঠ্যপুথি ক্ৰয় কৰা বাবদ ১৫০০ কৈ টকা প্ৰদান কৰা হয়। ৪ লাখ যোগ্য শিক্ষাৰ্থীৰ বিনামূলীয়া নামভৰ্ত্তিৰ বাবে প্ৰায় ১৬১ কৌটি টকাৰ ওভতাই দিয়া হৈছে। 

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ শৈক্ষিক সমাৰোহৰ শুভাৰাম্ভ

অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালে বুধবাৰে মাজুলীৰ বনগাঁৱত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ শৈক্ষিক কাৰ্যক্ৰমনিকাৰ শুভ উদ্বোধন কৰে।

সংসদ প্ৰধান বৰুৱা, শ্ৰী মাধৱ দেউৰী ডি.ও.চি. চি.ই.চি, পদ্মশ্ৰী বঁটা প্ৰাপ্ত গোপীৰাম বৰগায়ন বুঢ়াভকত, সত্ৰাধিকাৰ শ্ৰী জনাৰ্দন দেৱ গোস্বামীকে আদি কৰি অন্যান্য বিশিষ্ট ব্যক্তি সকলো শৈক্ষিক সমাৰোহত উপস্থিত থাকে।