অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালে বুধবাৰে মাজুলীৰ বনগাঁৱত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ শৈক্ষিক কাৰ্যক্ৰমনিকাৰ শুভ উদ্বোধন কৰে।
সংসদ প্ৰধান বৰুৱা, শ্ৰী মাধৱ দেউৰী ডি.ও.চি. চি.ই.চি, পদ্মশ্ৰী বঁটা প্ৰাপ্ত গোপীৰাম বৰগায়ন বুঢ়াভকত, সত্ৰাধিকাৰ শ্ৰী জনাৰ্দন দেৱ গোস্বামীকে আদি কৰি অন্যান্য বিশিষ্ট ব্যক্তি সকলো শৈক্ষিক সমাৰোহত উপস্থিত থাকে।
উক্ত অনুষ্ঠানত, মাননীয় মুখ্যমন্ত্ৰীয়ে বিশ্ববিদ্যালয়ৰ ১০৬ গৰাকী শিক্ষাৰ্থীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ভাৰতৰ প্ৰথমখন নদীদ্বীপ জিলা হিচাপে প্ৰসিদ্ধ মাজুলীৰ সমৃদ্ধশালী সাংস্কৃতিক-আধ্যাত্মিক ঐতিহ্য বিস্তাৰিত কৰাৰ ক্ষেত্ৰত তেওঁলোকক পৰিশ্ৰম আৰু কঠোৰ অধ্যয়ন কৰিবলৈ আহ্বান জনায়।
বিশ্ব দৰৱবাৰত ৰাজ্যৰ বিখ্যাত সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ দায়বদ্ধ বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য আগবঢ়াই। তাৰোপৰি মুখ্যমন্ত্ৰী সোণোৱালে পূব মাজুলী মহাবিদ্যালয়ৰ আন্ত:গাঁথনিৰ উন্নয়নৰ বাবে ১০ লাখ টকা বিত্তীয় অনুদান ঘোষণা কৰে। বিশ্ববিদ্যালয়ৰ স্থায়ী চৌহদ সম্পূৰ্ণ নোহোৱালৈ পাঠদান কাৰ্য এই মহাবিদ্যালয়তে অনুষ্ঠিত হ’ব।
বিশ্ববিদ্যালয় অনুদান আয়োগে ইতিমধ্যে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ক স্বীকৃতি প্ৰদান কৰিছে লগতে বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা ডিগ্ৰী পুৰস্কৃত অধিকাৰ লাভ কৰিছে। ২০২০-২১ শিক্ষাবৰ্ষৰ বাবে বিশ্ববিদ্যালয়খনে অসমীয়া, বুৰঞ্জী আৰু উত্তৰ-পূব ভাৰতৰ অন্যান্য স্থানীয় ভাষা বিষয়ত কলা শাখাত স্নাতকোত্তৰ শ্ৰেনীৰ পাঠদান আৰম্ভ কৰিবলৈ লোৱাৰ লগতে ঐতিহ্য অধ্যয়ন, যোগা আৰু শৰীৰিক স্বাস্থ্য, মূখা নিৰ্মাণ আৰু ভাস্কৰ্য বিষয়ত, শিল্প আৰু সাঁচিপাত সংৰক্ষণ বিষয়ত স্নাতকোত্তৰ ডিপ্লমাৰ পাঠদান আৰম্ভ কৰিব তথা মিচিং ভাষা শিক্ষাৰ ৬ মহীয়া পাঠ্যক্ৰমো প্ৰৱৰ্তনৰ কৰি নামভৰ্তি কাৰ্য সম্পূৰ্ন কৰিছে।
