অভিনন্দন শৈক্ষিক ঋণ ৰাজসাহায্য আঁচনি

  • শেহতীয়া উন্নীতকৰণ: June 16, 2023
  • বিত্ত বিভাগ

বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য তথা ৰাজ্যিক বিত্ত বিভাগ আৰু বেংকৰ বহুতো জেষ্ঠ বিষয়ববীয়াৰ উপস্হিতিত ২৬ ডিচেম্বৰ ২০১৯ তাৰিখে শ্রীমন্ত শংকৰদেৱ আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত মাননীয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সণোৱালে অসম অভিনন্দন শৈক্ষিক ঋণ ৰাজসাহায্য আঁচনি উন্মোচন কৰে।

সু প্ৰতিষ্ঠানৰ পৰা উচ্চ শিক্ষা লাভ কৰা শিক্ষাৰ্থীক শৈক্ষিক ঋণত ৫০০০০ টকাৰ ৰাজসাহায্য প্ৰদান কৰাই হ'ল এই আঁচনিৰ মুখ্য উদ্দেশ্য। অভিনন্দন শৈক্ষিক ঋণ ৰাজসাহায্য আঁচনি হাউছিং লোনৰ সৈতে আৰম্ভ কৰা হৈছিল। এই আঁচনিৰ অধীনত, অসম চৰকাৰে শৈক্ষিক ঋণত উচ্চ শিক্ষা লাভ কৰা সকলো শিক্ষাৰ্থীক এককালীন ৰাজসাহায্য প্ৰদান কৰিব। সকলো মুখ্য বেংক, বাণিজ্যিক বেংক যেনে, ফেডাৰেল বেংক আৰু এইচ.ডি.এফ.চি. বেংক আদি অন্তৰ্ভুক্ত ।

যিসকল শিক্ষাৰ্থীৰ পৰিয়ালে ১ লাখ টকাতকৈ অধিক শৈক্ষিক ঋণ গ্ৰহণ কৰে, ৰাজ্য চৰকাৰে তেওঁলোকক ৰাজসাহায্য প্ৰদান কৰে। শৈক্ষিক ঋণৰ আধাৰত যিসকল ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব বিচাৰে তেওঁলোকে অনলাইন বা অফলাইনযোগে এই আঁচনিৰ বাবে আবেদন জনাব পাৰে।

অসম অভিনন্দন শৈক্ষিক ঋণ ৰাজসাহায্য আঁচনিৰ লাভালাভ

  • ১.১ লাখ টকাৰ শৈক্ষিক ঋণত অসম চৰকাৰে ৫০০০০ টকাৰ ৰাজসাহায্য আগবঢ়াব
  • ২.আবেদনকাৰী শিক্ষাৰ্থীয়ে তেওঁলোকে লাভ কৰা ঋণৰ ২৫% প্ৰদান কৰিয়েই ৰাজসাহায্যৰ বাবে আবেদন কৰিব পাৰে
  • ৩.ফেডাৰেল বেংক, এইচ.ডি.এফ.চি. বেংক আদিৰ দৰে বাণিজ্যিক বেংক বা আঞ্চলিক গ্ৰামীণ বেংক যেনে অসম গ্ৰামীণ আঞ্চলিক বেংক আদিৰ পৰা গ্ৰহণ কৰা ঋণৰ ভিত্তিত হে হিতাধিকাৰীয়ে ৰাজসাহায্য লাভ কৰিব
  • ৪.এই আঁচনিখনে শিক্ষাৰ্থীষকলক উচ্চ শিক্ষা লাভৰ বাবে উৎসাহিত কৰিবলৈ বিত্তীয় সহায়তা প্ৰদান কৰে

যোগ্যতাৰ মাপকাঠী

  • ১.অসমৰ স্থায়ী বাসিন্দা হোৱাটো প্ৰয়োজনীয়
  • ২.শিক্ষাৰ্থীয়ে বাণিজ্যিক বেংক বা গ্ৰামীণ বেংকৰ পৰা ঋণ গ্ৰহণ কৰিলেহে আঁচনিৰ দ্বাৰা লাভাবাম্বিত হ'ব
  • ৩.ঋণ গ্ৰহণ কৰা বেংকটো ৰিজাৰ্ভ বেংকৰ দ্বাৰা স্বীকৃত হ'ব লাগিব
  • ৪.উক্ত আঁচনিখনৰ লাভ কেৱল শৈক্ষিক ঋনৰ ওপৰত ৰাজসাহায্যৰ ৰূপত হে গ্ৰহণ কৰিব পাৰিব
  • ৫.শিক্ষাৰ্থীৰ অভিভাৱকৰ বাবে ১ লাখ টকাতকৈ অধিক শৈক্ষিক ঋণ থকাটো অনিবাৰ্য্য
  • আৱশ্যকীয় নথিপত্ৰ

  • ১.শিক্ষাৰ্থীৰ আধাৰ কাৰ্ড
  • ২.অভিভাৱকৰ পৰিচয় পত্ৰ
  • ৩.বেংক ঋণৰ নথি
  • ৪.আৱাসিক প্ৰমাণ পত্ৰ