অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালে, মঙলবাৰে কাৰ্বি আংলং জিলাৰ ডিফু চহৰত ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতালৰ এম.বি.বি.এছ পাঠ্যক্ৰমৰ প্ৰথম শৈক্ষিক বৰ্ষ শুভাৰাম্ভ কৰি, ৰাজ্যৰ পাৰ্বত্য এলেকাৰ জিলাসমূহৰ সমগ্ৰ স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰত অভূতপূৰ্ব পৰিৱৰ্ত্তন পৰিলক্ষিত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য আগবঢ়াই।
মুখ্যমন্ত্ৰী সোণোৱালৰ ভাষ্য অনুসৰি “ডিফুস্থিত চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতালখনে পাৰ্বত্য জিলাসমূহত সহজলভ্য, বহনযোগ্য আৰু উন্নত স্বাস্থ্যসেৱাৰ সুবিধাৰ প্ৰতিপাদনৰ ক্ষেত্ৰত গুণগত পৰিৱৰ্ত্তন কঢ়িয়াই আনিব। কাৰ্বি আংলংৰ সংস্কৃতি বহু প্ৰাচীন আৰু একক। কেৱল সংস্কৃতিৰ ফালৰ পৰাই লহয় ভাষ আৰু সাহিত্যৰ ক্ষেত্ৰতো কাৰ্বি আংলং জিলা প্ৰসিদ্ধ। এই জিলাখনৰ জলবায়ু অধিক স্বাস্থ্যকৰ, ফলস্বৰূপে ইয়াত প্ৰচুৰ পৰিমানে আদা, জলকীয়া, চাহ আদিৰ উৎপাদন বৃদ্ধি হয়।"
