অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালে সোমবাৰে ৰাজ্যৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আৰু সাহিত্যিক সংস্থাসমুহৰ সহায়ৰ অৰ্থে আৰ্থিক সাহায্য প্ৰদানৰ বাবে দুখন আঁচনিৰ শুভাৰাম্ভ কৰে।
উক্ত আঁচনি দুখন প্ৰজ্ঞান ভাৰতী আৰু ভাষা গৌৰৱ নামেৰে অভিহিত কৰা হয়। প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ৩,২৬,০৪৬ গৰাকী শিক্ষাৰ্থীক প্ৰত্যেককে পাঠ্যপুথি ক্ৰয় কৰা বাবদ ১৫০০ কৈ টকা প্ৰদান কৰা হয়। ৪ লাখ যোগ্য শিক্ষাৰ্থীৰ বিনামূলীয়া নামভৰ্ত্তিৰ বাবে প্ৰায় ১৬১ কৌটি টকাৰ ওভতাই দিয়া হৈছে।
আনহাতে, ভাষা গৌৰৱ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে, তেওঁলোকৰ স্থায়ী বিত্তীয় নিধিৰ বাবে অৱদান স্বৰূপে আৰু অভিধান প্ৰণয়নৰ বাবে বাবে ২১ খন সাহিত্য সভাক মুঠ ৪৩ কৌটি টকা প্ৰদান কৰে।
অসম ভাষা গৌৰৱ আঁচনিৰ অধীনত, বিভিন্ন ভাষা জনগোষ্ঠীৰ উত্তৰণৰ বাবে ভাষা গৌৰৱ আঁচনিৰ অধীনত ৬০০ গৰাকী লেখক ৫০ হাজাৰ টকাকৈ অনুদান আগবঢ়োৱা হয়।
