এছডিআৰএফৰ অধীনত এক্স-গ্ৰেচিয়া সহায় আঁচনি

গুৰুত্বপূৰ্ণ জাননী: এই আঁচনিখন এতিয়া বন্ধ কৰা হৈছে

ভাৰতৰ মাননীয় উচ্চতম ন্যায়ালয়ৰ ২০২১ চনৰ ডব্লিউ পি(চি) নং ৫৩৯ আৰু ২০২১ চনৰ ডব্লিউ পি নং ৫৫৪ অনুসৰি ভাৰতৰ মাননীয় উচ্চতম ন্যায়ালয়ে এন ডি এম এ জাৰি কৰা পৰামৰ্শ অনুযায়ী, সাহায্য অভিযানৰ সৈতে জড়িত বা প্ৰস্তুতিমূলক কাৰ্যকলাপৰ সৈতে জড়িত ব্যক্তি সকলকে ধৰি, ক’ভিড-১৯ ত মৃত্যুবৰণ কৰা ব্যক্তি হিচাপে প্ৰমাণিত হ’লে, এছডিআৰএফৰ পুঁজিৰ পৰা ডিডিএমএৰ জৰিয়তে ৫০,০০০/- টকা (পঞ্চাশ হাজাৰ টকা) এক্স-গ্ৰেটিয়া ৰাশি হিচাপে আদায় দিয়াৰ সিদ্ধান্ত লৈছে ।

অটল অমৃত অভিযান স্বাস্থ্য বীমা

অটল অমৃত অভিযান স্বাস্থ্য বীমা হৈছে অসম ৰাজ্য চৰকাৰৰ দ্বাৰা ঘোষিত এক নতুন স্বাস্থ্য বীমা আঁচনি। এই আঁচনিৰ অধীনত চৰকাৰে প্রতি বছৰে ৰাজ্যৰ প্রত্যেক পৰিয়ালক ২ লাখ টকা পর্যন্ত্য বীমাৰ সুবিধা প্রদান কৰে। দৰাচলতে অটল অমৃত অভিযান নামৰ এই আঁচনিখন ২০১৬ চনৰ ২৫ ডিচেম্বৰ তারিখে উদ্ভাবন করা হৈছিল যদিও বর্ত্তমানেও আঁচনিখন চালুকীয়া হৈ আছে। পুৰণি, হঠাৎ বা প্রবল স্বাস্থ্যজনিত সমস্যাৰে জর্জৰিত দৰিদ্র সীমাৰেখাৰ তলৰ আৰু দৰিদ্র সীমাৰেখাৰ ওপৰৰ পৰিয়ালৰ সহায়ৰ সুবিধার্থে উক্ত আঁচনিখন আৰম্ভ কৰা হৈছিল।