ৰাজ্যখনৰ উদ্যোগীসকলে, বিশেষকৈ নৱ প্ৰজন্মৰ উদ্যোগীসকলে লোন বা ইকোইটি আকাৰত, উপযুক্ত সম্পদৰ অভাৱত, তেওঁলোকৰ চিন্তাধাৰাক বাস্তৱত পৰিণত কৰিবলৈ অসুবিধাৰ সন্মুখীন হৈ আছে। যিহেতুকে বেংক বা বিত্তীয় সংস্থাসমূহে তেওঁলোকৰ নিজৰ বাবে সংশয়ৰ কাৰণ বুলি গণ্য কৰি লোন প্ৰদান কৰিবলৈ অনিচ্ছুক, সেয়েহে যিকোনো নতুন কাৰ্যৰ বাবে বেংক বা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ কেন্দ্ৰীক সহায়তা লাভ কৰাটো ৰাজ্য চৰকাৰৰ বাবে গুৰুত্বপূৰ্ণ সমস্যা।

এই ইকোইটি/পুঁজি সমস্যাটো নিবাৰনৰ কাৰণে ২০১৬-১৭ বিত্তীয় বৰ্ষত প্ৰাৰম্ভিক ১০ কোটি ধনৰাশিৰে ৰাজ্য চৰকাৰে প্ৰস্তুত কৰি উলিওৱা আচঁনিখন হ'ল, মূখ্যমন্ত্ৰীৰ ষ্টাৰ্ট আপ ফাণ্ড “সাৰথি”। এই পুঁজি উদ্যোগ আৰু বাণিজ্য বিভাগৰ জৰিয়তে ব্যৱহাৰ উপযোগী নিয়মাৱলীৰে সৈতে পৰিচালনা কৰা হʼব । এই আচঁনিখন ২০১৬-১৭ চনৰ পৰা ব্যৱহাৰৰ উপযোগী হৈছে আৰু পাঁচ বছৰ কাল বাহাল থকিব।

আচঁনিখনৰ উদ্দেশ্যঃ

এই আচঁনিখনৰ মূল উদ্দেশ্য হʼল সমগ্ৰ অসম জুৰি কিছুমা্ন প্ৰস্তাৱিত নিৰ্দিষ্ট বেংকৰ যোগেদি লোন আকাৰত বিত্তীয় সহায় আৰু সুদৰ ৰেহাই আগবঢ়োৱা। হিতাধিকাৰীয়ে এইদৰে পোৱা লোন ৰাজ্য চৰকাৰে ৫% প্ৰতি বছৰ সুতৰ ৰেহাই দি সমৰ্থন আগবঢ়াব।

প্ৰস্তাৱিত বেংক:

বিত্তীয় সহায় লোনৰ ওপৰত সুতৰ ৰেহাই(টাৰ্ম লোন+কেচ ক্ৰেডিট)@৫% প্ৰতি বছৰ হাৰত প্ৰথম অৱস্থাত অসম গ্ৰামীন বিকাশ বেংকৰ (এজিভিবি) যোগেদি আবেদন কৰা উদ্যোগক আগবঢ়োৱা হʼব বুলি প্ৰস্তাৱ দিয়া হৈছে। পাছলৈ চৰকাৰে আৰু বহু বেংক এই আচঁনিখনৰ অধীনত আনিব পাৰে।

যিহেতু অসম গ্ৰামীন বিকাশ বেংক অসমৰ পাহাৰীয়া জিলাত নাই যেনে কাৰ্বি আংলং আৰু ডিমা হাচাও, অসম চৰকাৰৰ ডি আই চি য়ে এই জিলা কেইখনত আন বেংকক সাঙুৰি আচঁনিখন কাৰ্য্যকৰী কৰিব।/p>

এই আচঁনিখনে সামৰি লোৱা লক্ষ্য আৰু বিষয়সমূহ:

  • (১) সকলো নতুনকৈ আৰম্ভ কৰা উন্নত ব্যৱসায়ীক গতিবিধি আৰু নতুন ব্যক্তিগত আবেদনকাৰীয়ে এই আচঁনিখনৰ অধীনত উপকাৰ লাভ কৰিব।
  • (২) নতুন এম এচ এম ই গোট বা প্ৰতিষ্ঠান
  • (৩) স্কীল ডেভেলʼপমেন্ট ট্ৰেইনিং আগবঢ়োৱা আবেদনকাৰীক অগ্ৰাধিকাৰ দিয়া হʼব।
  • (৪) আবেদনকাৰী কোনো বেংক/বিত্তীয় অনুষ্ঠানৰ ঋণ পৰিশোধ নকৰা হʼব নোৱাৰিব।. 

ৰাজ্য চৰকাৰৰ ভূমিকা:

  • (১) সকলো নতুন উন্নীত আৰু নতু্নকৈ আৰম্ভ কৰা উদ্যোগীক গতিবিধি আৰু ব্যক্তিগত আবেদনকাৰী নতুন গোট বা প্ৰতিষ্ঠানৰ বাবে ১০ লাখ পৰ্য্যন্ত ধাৰত সুতৰ ৰেহাইৰ বাবে যোগ্য।
  • (২) এই সুতৰ ৰেহাইৰ পূঁজি অসম গ্ৰমীণ বিকাশ বেংকৰ এছক্ৰ একাউন্টত নিৰ্দিষ্টকৈ ৰখা অসম গ্ৰামীণ বিকাশ বেংক, চানমাৰী, গুৱাহাটী ব্ৰাঞ্চত থোৱা পূঁজিৰ পৰা পুৰ কৰা হʼব।
  • (৩) ডিআইচিচি য়ে এজিভিবি ৰ শাখা/ জিলা ভিত্তিক লক্ষ্য প্ৰতিটো বিত্তীয় বৰ্ষত ধাৰ্য্য কৰিব আৰু এজিভিবি ৰ মূখ্য কাৰ্য্যালয়ক অৱগত কৰিব আৰু বেংকৰ পৰা সন্মতি লʼব আৰু এই কাৰ্য্য আচঁনিখনৰ অধীনত হিতাধিকাৰী বাচনি কৰাৰ আগতে কৰা হʼব।
  • (৪) ডিআইচিচি য়ে আবেদনকাৰীৰ পৰা আবেদনপত্ৰ লাভ কৰাৰ পাচত, ইয়াক ডিাআইচিচি ৰ বিষয়াই নি্ৰীক্ষন কৰিব আৰু ইয়াৰ বাবে গঠন কৰা ৰাজ্যিক পৰ্য্যায়ৰ কমিটিত(ডিএলচি) ত অনুমোদনৰ বাবে পঠাব।
  • (৫) ডিএলচি য়ে সেইখন জিলাৰ এজিভিবি ৰ নʼডেল শাখাৰ ব্ৰাঞ্চ মেনেজাৰক লগত লব, যি আচঁনিখনৰ অধীনত হিতাধিকাৰী বাচনি প্ৰক্ৰিয়াত জড়িত হʼব।
  • (৬) ডিএলচি ৰ পৰা অনুমোদন পোৱাৰ পাছত, প্ৰপʼজেলটো জড়িত থকা, অসম গ্ৰামীণ বিকাশ বেংকৰ শাখালৈ আগুৱাই দিব অনুমতিৰ বাবে।
  • (৭) অসম চৰকাৰৰ ডিপাৰ্টমেন্ট অফ কমাৰ্চ সময়ে সময়ে বেংকৰ অধিকাৰীৰ লগত যুটিয়াভাৱে বিত্তীয় সহায় আগবঢ়োৱা অনুষ্ঠানটো পৰিদৰ্শন কৰিব এই কথাটো নিশ্চিত কৰিবলৈ যে লোনৰ ইনষ্টলমেন্ট সমূহ সঠিক ব্যৱহাৰ হৈছে আৰু তাৰ পাছতহে লʼন ইনষ্টলমেন্ট সমূহ হিতাধিকাৰীক মোকলাই দিয়া হʼব এই কথা নিশ্চিত কৰিবলৈ যে সম্পত্তি সৃষ্টি কৰি আচঁনিখনৰ সফল ৰূপায়ন হৈছে।
  • (৮) অসম চৰকাৰৰ, ডিপাৰ্টমেন্ট অফ কমাৰ্চে বেংকক আচঁনিখনৰ অধীনত আবন্তন দিয়া লʼন ঘূৰাই দিয়াত যুটিয়াভাৱে ধন ঘুৰাই অনা কাৰ্য্যত অংশগ্ৰহণ কৰিব, যেতিয়াই বেংকে অনুৰোধ আগবঢ়ায়।

বিত্তীয় সহায় :

  • (১) লʼনৰ পৰিমান সৰ্বাধিক ১০.০০ লাখ টকা হʼব।
  • (২) ইকোইটি/ প্ৰʼমʼটাৰৰ মাৰ্জিন প্ৰজেক্তৰ দামৰ ১৫% হʼব।
  • (৩) এই আচঁনিখনৰ অধীনত সকলো, হিতাধিকাৰীয়ে ক্ৰেডিটত ১০ লাখ টকা পৰ্য্যন্ত সুতৰ ৰেহাই বা যোগ্য।
  • (৪) বেংকে ধাৰ লওতাজনক ধাৰ লোৱা ক্ৰমত চাৰ্জ কৰিব আৰু ৫% হিতাধিকাৰীৰ লোন একাউন্টত চাবভাৰ্ট কৰিব বা ৰেহাই আগবঢ়াব, ডিআইচি, গোৱায়ে বেংকে প্ৰস্তুত কৰা ক্লেইমৰ ভিত্তিত আৰু ইয়াক ডিআইচি, গোৱা ত জমা কৰা হʼব। বাকীখিনি সুদ গণনা কৰা হʼল @ মোকলাই দিয়া লোনৰ পৰিমানৰ ওপৰত ধাৰ দিয়া সুতৰ হাৰত হোৱা সুত বিয়োগ ৫% ধাৰ লওতাই সমান মাহেকীয়া কিস্তি(ইএমআই)ত আদায় দিব।
  • (৫) এজিভিবি ৰ চান্দমাৰী শাখাত ডিআইচি য়ে এটা কাৰেন্ট একাউন্ট খুলিব (এছকʼউ একাউন্ট) যʼত “সাৰʼথী ডি স্মাৰ্ট আপ অসম” য়ে অসম চৰকাৰৰ পৰা পোৱা পূঁজি জমা কৰি ৰখা হʼব।
  • (৬) বিত্তীয় বৰ্ষৰ প্রতিটো কোৱাৰ্টাৰৰ শেষৰ দিনা লোনৰ পৰিমানৰ ওপৰত ৫% চাবভেনচন এছকʼউ একান্টৰ পৰা ডেবিট কৰা অধিকাৰ বেংকৰ থাকিব।
  • (৭) হিতাধিকাৰীৰ পৰা বেংকে কোনো প্ৰচেচিং ফি/ডকোমেনটেচন ফি আহৰন নকৰে। প্ৰচেচিং ফি/ ডকোমেনটেচন ফি অসম চৰকাৰৰ ডিআইচিয়ে হিতাধিকাৰীৰ হৈ বহন কৰিব কৰিব, বেংকে আগবঢ়োৱা নিয়মাৱলী অনুসৰি বা আবন্তন দিয়া ধনৰ ওপৰত উল্লেখ কৰা ৩% হাৰত বা ডিআইচি, গোৱা আৰু বেংক দুয়ো পক্ষয়ে সন্মতি হোৱা পৰিমাণত। ঠিক একেদৰে বেংকে এছকʼউ একাউন্টৰ পৰা এককীলীন প্ৰচেচিং ফি/ ডকোমেনটেচন ফি ডেবিট কৰিব পাৰিব।
  • (৮) আচঁনিখনৰ অধীনত আগবঢ়োৱা ১০.০০ লাখ টকা পৰ্য্যন্ত সুতৰ চাবভেনচন পাবলৈ, ৰাজ্যখনৰ সকলো বেংকৰ শাখাই বেংকৰ মূখ্য কাৰ্য্যালয়লৈ তেওঁলোকৰ দাবী(ক্লেইম) জমা কৰিব যাতে ইয়াক ইণ্ডাষ্ট্ৰী এণ্ড কমাৰ্চৰ কমিচনাৰেট, অসমলৈ আগলৈ জমাৰ বাবে প্ৰেৰণ কৰিব পাৰি্ যি কোৱাৰ্টাৰলি ভিত্তিত প্ৰতিটো বিত্তীয় বৰ্ষত ৩০ জুন,৩০ চেপ্টেম্বৰ,৩১ ডিচেম্বৰ আৰু ৩১ মাৰ্চত জমা কৰা হʼব। বিত্তীয় বৰ্ষৰ আটাইতকৈ শেষৰ কোৱাৰ্টাৰটোৰ ক্লেইম বা দাবীৰ সৈতে ষ্টেটুৱৰী অʼডিটৰ চাৰ্টিফিকেট(অʼৰিজিনেল) লাগিব যʼত এইটো প্ৰত্যায়িত কৰা থাকিব যে সেই বিত্তীয় বৰ্ষত উল্লেখ কৰা ক্লেইম সত্য আৰু শুদ্ধ। বেংকে কোৱাৰ্টাৰলি ইউটিলাইজেচন চাৰ্টিফিকেট জমা দিব লাগিব যʼত এছকʼউ একাউন্টৰ পৰা ট্ৰেন্সফাৰ কৰা ধন যোগ্য হিতাধিকাৰীৰ সুতৰ চাবভেনচনত আৰু এছকʼউ একাউন্টৰ পৰা লোৱা প্ৰচেছিং ফি/ ডকোমেনটেচন ফি ৰ উল্লেখ থকিব লাগিব। এই আচঁনিখনৰ বিষয়ে সবিশেষ জানিবলৈ ডাউনলʼড চাঁওক।
Check If The Upload Is Disable Friendly?
Off
Share permission
Off
Attachments
Scheme Cover Image
Sarothi
Scheme of the Month
No
Valid Thru
-
Notify latest update
Off
Departments/Districts
Scheme Category
Date of Launch
Order
0
Highlight
ৰাজ্যখনত নতুন উদ্যোগীৰ বাবে এই আঁচনিখন আৰম্ভ কৰা হৈছে
মূখ্যমন্ত্ৰীৰ ষ্ট্ৰাট আপ ফাণ্ড বুলিও এই আঁচনিখন পৰিচিত
ঋণৰ ৰূপত বিত্তীয় সহায়তা প্ৰদান
ঋণৰ পৰিমান সৰ্বোচ্চ ১০ লাখ টকা
দক্ষতা বিকাশ প্ৰশিক্ষণ আগবঢ়োৱা আবেদনকাৰীক অগ্ৰাধিকাৰ দিয়া হʼব