১৯৪০ চনৰ ২‍১ এপ্ৰিল তাৰিখে অসম ৰাজ্যিক সংগ্ৰাহালয় স্থাপিত হৈছিল। ঐতিহাসিক আৰু প্ৰত্নতাত্বিক অধ্যয়ন ক্ষেত্ৰৰ বাটকটীয়া স্বৰূপ কামৰূপা অনুসন্ধান সমিতিয়ে অসম ৰাজ্যিক সংগ্ৰাহালয় স্থাপন কৰিছিল। তেতিয়াৰ অসমৰ ৰাজ্যপাল ছাৰ ৰবাৰ্ট নেইল ৰেইডে সংগ্ৰাহালয়টো আনুষ্ঠানিকভাবে উদ্বোধন কৰিছিল।

সংগ্ৰাহালয়ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ৰায় বাহাদুৰ কনকলাল বৰুৱা, ৰায় বাহাদুৰ আনন্দ চন্দ্ৰ আগৰৱালা, কালিৰাম মেধি এইসকল পুৰোধা ব্যক্তিৰ প্ৰচেষ্টা উল্লেখনীয়।

চৰকাৰী অনুদান তথা ৰাজহুৱা সাহায্যৰ পৰা লাভ কৰা টকাৰে সংগ্ৰাহালয়ৰ প্ৰথম ভৱনটো নিৰ্মাণ কৰা হৈছিল। ৰায় বাহাদুৰ নৌপত ৰায় কেডিয়াই ভৱনটো নিৰ্মাণৰ বাবদ মোটা অংকৰ ধন প্ৰদান কৰিছিল। ১৯৫৩ চনত ৰাজ্যিক চৰকাৰে প্ৰতিষ্ঠানটোৰ নিজৰ অধীনলৈ আনে।

গুৰুত্বপূৰ্ণ লিংক

অসম ৰাজ্যিক সংগ্ৰাহালয়ৰ শ্ৰেষ্ঠ কৃতিচিহ্ন
অসম ৰাজ্যিক সংগ্ৰাহালয়ৰ বীথিকা
সংগ্ৰাহালয় সঞ্চালকালয়ৰ অধীনত থকা সংগ্ৰাহালয়ৰ তালিকা

Menu Type