গুৱাহাটী তাৰকাগৃহ
গুৱাহাটী তাৰকাগৃহ, লতাশিল খেলপথাৰৰ সন্মুখত আৰু গুৱাহাটী উচ্চ ন্যায়লয়ৰ সমীপত এম.জি পথত অৱস্থিত।
গুৱাহাটী তাৰকাগৃহৰ অৱস্থান:
অসম ৰাজ্যিক তাৰকাগৃহ, গুৱাহাটী ৰে’লৱে ষ্টেশ্যনৰ পৰা ১ কি.মি আৰু লোকপ্ৰিয় গোজীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা ২১ কি.মি. নিলগত অৱস্থিত।.
যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহঃ
অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে বিজ্ঞান সংগ্ৰহালয়ৰ ৰাষ্ট্ৰীয় পৰিষদৰ সহযোগতে যোৰহাটত বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ প্ৰতিষ্ঠা কৰিছিল। এই প্ৰকল্পৰ দায়িত্ব এ.এছ.টি.ই.চি.ক অৰ্পন কৰা হৈছিল আৰু ইয়াৰ নিৰ্মাণ কাৰ্য্য ২০১৩ বৰ্ষত সমাপ্ত হৈছিল আৰু তেতিয়াৰ পৰাই এই কেন্দ্ৰ কাৰ্য্যৰত। বৈজ্ঞানিক প্ৰদৰ্শন আৰু তাৰকাগৃহৰ প্ৰদৰ্শনীৰে এই কেন্দ্ৰ পৰিপূৰ্ণ।
আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰঃ
অসমৰ প্ৰতিটো খণ্ডতে একোটাকৈ প্ৰতিষ্ঠা কৰা মুঠ ২১৯ টা আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্দেশ্য হলঃ ৰাজ্যৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আৰু লগতে সমাজত বৈজ্ঞানিক মানসিকতাৰ সৃষ্টি কৰা।বিভিন্ন কাৰ্য্যক্ৰম আৰু পৰীক্ষণৰ জৰিয়তে বিজ্ঞান শিক্ষাক ৰোমাঞ্চকৰ কৰি তোলা।বিজ্ঞানক এক বৃত্তি হিচাপে প্ৰচাৰ কৰা।
আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিষয়ে অধিক জানিবলৈ ইয়াত ক্লিক কৰিব পাৰে
ৰেডিঅ জ্যোতিষ কেন্দ্ৰ
ৰেডিঅ জ্যোতিষ কেন্দ্ৰ হৈছে গুৱাহাটীৰ কটন মহাবিদ্যালয় আৰু এ.এছ.টি.ই.চি.ৰ এক যুটিয়া প্ৰকল্প যি মহাবিদ্যালয় খনৰ পদাৰ্থ বিজ্ঞান বিভাগত কাৰ্য্যৰত আৰু ইয়াত অধ্যাপক এ.কে. গোস্বামী হৈছে কেন্দ্ৰটোৰ সহ-প্ৰতিষ্ঠাপক। এই প্ৰকল্পৰ অধীনত, দুই মিটাৰ সৌৰ ট্ৰেকিং ৰেডিঅ দূৰবীণৰ জৰিয়তে এছ. বেণ্ডত প্ৰায় ২.৮জিগা হাৰ্টজ সৌৰ সোঁতৰ মূল্য ৰেকৰ্ড কৰা হয়। কেন্দ্ৰটোৰ সৈতে জড়িত ছাত্ৰ-ছাত্ৰী, বিজ্ঞানী আৰু গৱেষক সকলে নিজৰ জ্ঞান আৰু ক্ষমতা বৃদ্ধি কৰিবলৈ এষ্ট্ৰফিজিক্স, ৰেডিঅ এষ্ট্ৰনমী আৰু এম.এম. ওৱেভ প্ৰপাগেচন ভিত্তিত ইষ্টাৰ্ন চেণ্টাৰ ফৰ ৰেডিঅ এষ্ট্ৰনমী(ই.চি.আৰ.এ.), কলকাতাত অনুষ্ঠিত কিছুমান প্ৰশিক্ষণ, কৰ্মশালা আদিত অংশ গ্ৰহণ কৰিছে। তথ্য সংগ্ৰহৰ বৰ্তমান ব্যৱস্থা হৈছে চাৰ্ট ৰেকৰ্ডাৰ ভিত্তিক যি অত্যন্ত মন্থৰ গতিৰ আৰু শুদ্ধ পৰিণাম প্ৰদানৰ ক্ষেত্ৰতো কিছু ক্ৰুতিপূৰ্ণ। এই ব্যৱস্থা বৰ্তমান কম্পিউটাৰ ভিত্তিক তথ্য লগিং পদ্ধতিৰ জৰিয়তে ডিজিটেল ৰূপত উন্নিতকৰণ কৰি থকা হৈছে। এই ব্যৱস্থা হৈছে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত চোলাৰ ৰেডিঅ এষ্ট্ৰনমী ক্ষেত্ৰত একমাত্ৰ যত গৱেষণা আৰু ব্যৱাহাৰিক কাৰ্য্যক্ৰমণিকা গ্ৰহণ কৰিবৰ বাবে থকা পৰিষৰ বহু বেছি। কেন্দ্ৰই ৰেকৰ্ড কৰা ৰেডিঅ ডাটাবোৰ কলিকতাৰ ইষ্টাৰ্ন চেন্টাৰ ফৰ ৰেডিঅ এষ্ট্ৰনমীৰ সৈতে পৰামৰ্শ কৰি বিশ্লেষন কৰি থকা হৈছে। কেন্দ্ৰই এছ. বেণ্ডত সংগ্ৰহ কৰা ডাটা সমূহ তলত উল্লেখিত পৰিঘটনা সমূহৰ ক্ষেত্ৰত অধ্যয়ন আৰু মূল্যাংকণৰ বাবে ব্যবহাৰ কৰা হব।
অতি বেঙুনীয়া ৰেডিঅ নিৰ্গমণৰ উগ্ৰতা, ফ্লেয়াৰ চাইকেল ভেৰিয়েচন, সূৰ্য্যৰ দাগৰ সংখ্যা আৰু ফ্লেয়াৰ উগ্ৰতাৰ মাজত সহ-সম্বন্ধ, সূৰ্য্যৰ বিভিন্ন তৰপৰ তাপমাত্ৰা, পাৰিপাৰ্শ্চিক পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি ৰেকৰ্ড কৰা ডাটাৰ উগ্ৰতাৰ পাৰ্থক্য, পৰিৱেশৰ সহ-কুশলতা অৱশোষন কৰা, অনুৰূপ ফ্লেয়াৰৰ সময় নিৰ্ধাৰণ আৰু ইয়াৰ পৰ্য্যায় সমূহ, এটা বছৰত ফ্লয়াৰৰ উগ্ৰতাৰ পাৰ্থক্য নিৰ্ধাৰণ, সৌৰ বিষ্ফোৰণ ধৰা পেলোৱা, সৌৰ বিষ্ফোৰণ আৰু সৌৰ ফ্লেয়াৰৰ মাজত থকা সহ-সম্বন্ধ।
ফোন নং- +৯১-৯৭৪৮০০৫৬৫৬