অটল অমৃত অভিযান স্বাস্থ্য বীমা হৈছে অসম ৰাজ্য চৰকাৰৰ দ্বাৰা ঘোষিত এক নতুন স্বাস্থ্য বীমা আঁচনি। এই আঁচনিৰ অধীনত চৰকাৰে প্রতি বছৰে ৰাজ্যৰ প্রত্যেক পৰিয়ালক ২ লাখ টকা পর্যন্ত্য বীমাৰ সুবিধা প্রদান কৰে। দৰাচলতে অটল অমৃত অভিযান নামৰ এই আঁচনিখন ২০১৬ চনৰ ২৫ ডিচেম্বৰ তারিখে উদ্ভাবন করা হৈছিল যদিও বর্ত্তমানেও আঁচনিখন চালুকীয়া হৈ আছে। পুৰণি, হঠাৎ বা প্রবল স্বাস্থ্যজনিত সমস্যাৰে জর্জৰিত দৰিদ্র সীমাৰেখাৰ তলৰ আৰু দৰিদ্র সীমাৰেখাৰ ওপৰৰ পৰিয়ালৰ সহায়ৰ সুবিধার্থে উক্ত আঁচনিখন আৰম্ভ কৰা হৈছিল।
ৰাজ্যখনৰ উদ্যোগীসকলে, বিশেষকৈ নৱ প্ৰজন্মৰ উদ্যোগীসকলে লোন বা ইকোইটি আকাৰত, উপযুক্ত সম্পদৰ অভাৱত, তেওঁলোকৰ চিন্তাধাৰাক বাস্তৱত পৰিণত কৰিবলৈ অসুবিধাৰ সন্মুখীন হৈ আছে। যিহেতুকে বেংক বা বিত্তীয় সংস্থাসমূহে তেওঁলোকৰ নিজৰ বাবে সংশয়ৰ কাৰণ বুলি গণ্য কৰি লোন প্ৰদান কৰিবলৈ অনিচ্ছুক, সেয়েহে যিকোনো নতুন কাৰ্যৰ বাবে বেংক বা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ কেন্দ্ৰীক সহায়তা লাভ কৰাটো ৰাজ্য চৰকাৰৰ বাবে গুৰুত্বপূৰ্ণ সমস্যা।
পন্য উৎপাদন, ব্যবসায়, বাণিজ্য শাখাৰ দ্বাৰা উপাৰ্জনৰ পথ প্রশস্ত কৰিব পৰা যিকোনো কাৰ্য্যকলাপৰ ক্ষেত্ৰত অসমৰ যুৱকসকলক বিত্তীয় অনুদান আগবঢ়াবলৈ অসম চৰকাৰে হাতত লোবা স্বামী বিবাকোনন্দ যুব সৱলীকৰণ আঁচনি হৈছে এখন ধ্বজাবাহী অনুষ্ঠান। এই আঁচনিখন ৭ ফেব্রুবাৰী ২০১৭ তাৰিখে উন্মোচন কৰা হৈছিল। এই গুৰুত্বপূর্ণ আঁচনিখনৰ অধীনত উদ্যমিতাক উৎসাহিত কৰিবলৈ ২ লাখ যুবকক ৫০.০০০ টকাকৈ প্রদান কৰিছে। সকলো ইচ্ছুক প্রার্থীয়ে এই আঁচনিখনৰ বাবে আবেদন জনাবলৈ অনলাইন আবেদন বা পঞ্জীয়ন পত্র পূৰাব পাৰে।