গুৰুত্বপূৰ্ণ জাননী: এই আঁচনিখন এতিয়া বন্ধ কৰা হৈছে

ভাৰতৰ মাননীয় উচ্চতম ন্যায়ালয়ৰ ২০২১ চনৰ ডব্লিউ পি(চি) নং ৫৩৯ আৰু ২০২১ চনৰ ডব্লিউ পি নং ৫৫৪ অনুসৰি ভাৰতৰ মাননীয় উচ্চতম ন্যায়ালয়ে এন ডি এম এ জাৰি কৰা পৰামৰ্শ অনুযায়ী, সাহায্য অভিযানৰ সৈতে জড়িত বা প্ৰস্তুতিমূলক কাৰ্যকলাপৰ সৈতে জড়িত ব্যক্তি সকলকে ধৰি, ক’ভিড-১৯ ত মৃত্যুবৰণ কৰা ব্যক্তি হিচাপে প্ৰমাণিত হ’লে, এছডিআৰএফৰ পুঁজিৰ পৰা ডিডিএমএৰ জৰিয়তে ৫০,০০০/- টকা (পঞ্চাশ হাজাৰ টকা) এক্স-গ্ৰেটিয়া ৰাশি হিচাপে আদায় দিয়াৰ সিদ্ধান্ত লৈছে ।

ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (এন ডি এম এ),ভাৰত চৰকাৰৰ দ্বাৰা জাৰি কৰা নিৰ্দেশনা অনুসৰি, এছডিআৰএফৰ অধীনত মৃতকৰ নিকটাত্মীয়ৰ বাবে ৫০,০০০/- টকাৰ এক্স-গ্ৰেটিয়া সাহায্যৰ বাবে সকলো জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষক(ডিডিএমএ)অৱগত কৰিবলৈ পাই মাননীয় ৰাজ্যপাল আনন্দিত হৈছে।

এন ডি এম এৰ নিৰ্দেশনা অনুসৰি আৰু ভাৰতৰ মাননীয় উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত অনুসৰি, সংশ্লিষ্ট পৰিয়ালসমূহে, ক’ভিড-১৯ ত মৃত বুলি প্ৰমাণিত মৃত্যুৰ প্ৰমাণ পত্ৰকে ধৰি নিৰ্দিষ্ট নথি-পত্ৰৰ সৈতে, ৰাজ্যিক কৰ্তৃপক্ষই জাৰি কৰা অনলাইন আবেদন প্ৰ-পত্ৰৰ জৰিয়তে, নিজৰ দাবী দাখিল কৰিব লাগিব। ডিডিএমএই নিশ্চিত কৰিব যে, দাবী, পৰীক্ষণ, অনুমোদন, আৰু এক্স-গ্ৰেটিয়া প্ৰদেয়ৰ চূড়ান্ত বিতৰণ প্ৰক্ৰিয়াটো এটা শক্তিশালী অথচ সহজ আৰু জন-বন্ধুত্বপূৰ্ণ পদ্ধতিৰ জৰিয়তে হ’ব। সকলো দাবী প্ৰয়োজনীয় নথি-পত্ৰ দাখিল কৰাৰ ৩০ দিনৰ ভিতৰত নিষ্পত্তি কৰিব লাগিব আৰু প্ৰত্যক্ষ সুবিধা হস্তান্তৰ পদ্ধতিৰ জৰিয়তে প্ৰদান কৰিব লাগিব।

প্ৰাকৃতিক দুৰ্যোগ-০২, বানপানী, ঘূৰ্ণীবতাহ বিনামূলীয়া সাহায্য-২৬, ১০১-বিনামূলীয়া সাহায্য ( মহামাৰী যেনে ক’ভিড-১৯ আদি) ০০০-৩২ সাহায্যত অনুদান ৯৯ অন্যান্য আদিৰ বাবে, মুখ্য একাউণ্ট ২২৪৫ ৰ সাহায্যৰ পৰা এই পুঁজি ব্যৱহাৰ কৰা হ’ব।

জিলা পৰ্যায়ত এখন অভিযোগ নিষ্পত্তি সমিতিও ইয়াৰ জৰিয়তে তলত উল্লেখ কৰা সদস্যসকলৰ সৈতে গঠন কৰা হৈছে।

১. অতিৰিক্ত উপায়ুক্ত

২. যুটীয়া সচিব, স্বাস্থ্য সেৱা

৩. অসামৰিক চিকিৎসালয়ৰ অধীক্ষক

4. এজন বিষয় বিশেষজ্ঞ

এই কমিটিয়ে মৃত্যুৰ প্ৰমাণীকৰণৰ সন্দৰ্ভত যিকোনো অভিযোগ উত্থাপন কৰিব, MoHFW আৰু ICMR নিৰ্দেশনাত নিৰ্ধাৰিত আৰু এই নিৰ্দেশনা অনুসৰি তথ্য পৰীক্ষা কৰাৰ পিছত কভিড-১৯ মৃত্যুৰ বাবে সংশোধিত চৰকাৰী নথি প্ৰদানকে ধৰি প্ৰয়োজনীয় প্ৰতিকাৰমূলক ব্যৱস্থাৰ প্ৰস্তাৱ আগবঢ়াব।

এছডিআৰএফৰ অধীনত ৫০,০০০/- টকাৰ এক্স-গ্ৰেটিয়া আঁচনিখনে, কভিড-১৯ সমৰ্থনৰ বাবে চলি থকা অন্যান্য ৰাজ্যিক আঁচনি, যেনে- “প্ৰাৰ্থনা” আঁচনি, “মুখ্যমন্ত্ৰীৰ কভিড-১৯ বিধৱা সহায়ক আঁচনি” আৰু “মুখ্যমন্ত্ৰীৰ শিশু সেৱা আঁচনি”ৰ অধিক প্ৰাধান্য লাভ কৰিব।

এন ডি এম এৰ দ্বাৰা জাৰি কৰা নীতি-নিৰ্দেশনা অনুসৰি ওপৰত উল্লেখ কৰা চলি থকা ক’ভিড সহায়ক ৰাজ্যিক অনুদান আঁচনিৰ অধীনত সামৰি নোপোৱা ক’ভিড মৃতকৰ নিকটাত্মীয়ক এই আঁচনিখনত অন্তৰ্ভুক্ত কৰা হ’ব।

যোগ্যতা

দাবী প্ৰ-পত্ৰৰ সৈতে তলত দিয়া নথি-পত্ৰৰ প্ৰতিলিপি জমা দিব লাগিব:

১. মনোনীত দাবীদাৰৰ পৰিচয় প্ৰমাণ

২. কোভিড-১৯ পজিটিভ হোৱা বুলি প্ৰমাণিত কৰা যিকোনো লেবৰেটৰী ৰিপৰ্ট

৩. মৃত্যুৰ প্ৰমাণ পত্ৰ

৪. উপ আয়ুক্তই প্ৰদান কৰা নিকটাত্মীয়ৰ প্ৰমাণ পত্ৰ

এই সহায়ৰ বাবে নিৰ্দেশনামূলক নীতি:

ক) এই দাবীৰ উদ্দেশ্যে ক’ভিড-১৯ কেছ হ’ল যিবোৰ পজিটিভ RT-PCR/Molecular Tests/RAT ৰ যোগেদি ধৰা পৰে বা চিকিৎসালয়/ আন্তঃৰোগীৰ সুবিধাত তদন্তৰ জৰিয়তে ক্লিনিকেলভাৱে নিৰ্ণয় কৰা হয়।

খ) বিষক্ৰিয়াৰ ফলত হোৱা মৃত্যু, আত্মহত্যা, হত্যা, দুৰ্ঘটনাৰ ফলত হোৱা মৃত্যু ইত্যাদিক Covid-19 সংলগ্ন অৱস্থা হ’লেও মৃত্যু হিচাপে গণ্য কৰা নহ’ব।

Check If The Upload Is Disable Friendly?
Off
Share permission
Off
Attachments
Scheme Cover Image
Ex-Gratia Assistance Scheme Under SDRF
Scheme of the Month
No
Valid Thru
-
Notify latest update
Off
Departments/Districts
Scheme Category
Date of Launch
Order
14
Highlight
উচ্চতম ন্যায়ালয়ে,এক্স-গ্ৰেটিয়া ৰাশি ৫০ লাখ টকা দিবলৈ সিদ্ধান্ত লৈছে
প্ৰাকৃতিক দুৰ্যোগত মৃত্যু হোৱা ব্যক্তিৰ নিকটাত্মীয়ক এক্স-গ্ৰেচিয়া পৰিমাণ প্ৰদান কৰা হয়
এক্স-গ্ৰেটিয়া প্ৰদেয় এক শক্তিশালী অথচ সহজ আৰু জন-বন্ধুত্বপূৰ্ণ পদ্ধতিৰ জৰিয়তে হ’ব
প্ৰয়োজনীয় নথি-পত্ৰ জমা দিয়াৰ ৩০ দিনৰ ভিতৰত সকলো দাবী নিষ্পত্তি কৰিব লাগিব
প্ৰাকৃতিক দুৰ্যোগৰ হিচাপত ২২৪৫-ৰিলিফৰ একাউণ্টৰ মুৰব্বীৰ পৰা এই পুঁজি ব্যৱহাৰ কৰা হ’ব