অৰুন্ধতী স্বর্ণ আঁচনি
গুৰুত্বপূৰ্ণ জাননী: এই আঁচনিখন এতিয়া বন্ধ কৰা হৈছে
গুৰুত্বপূৰ্ণ জাননী: এই আঁচনিখন এতিয়া বন্ধ কৰা হৈছে
মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন যোজনাৰ অধীনত খেতিয়কৰ বাবে অসম ৰাজ্য চৰকাৰে ট্রেক্টৰ বিতৰণ আঁচনি আৰম্ভ কৰিছে। কৃষিক্ষেত্র পুনৰুজ্জীৱিত কৰা আৰু ২০২২ চনলৈকে খেতিয়কৰ আয় দুগুন বৃদ্ধি কৰাই হৈছে এই আঁচনিখনৰ মূল উদ্দেশ্য।
নতুন সংশোধিত ট্রেক্টৰ বিতৰণ আঁচনিৰ অধীনত চৰকাৰে প্রতিখন ৰাজস্ব গাঁওত ৰাজসাহায্য দৰত কিছুসংখ্যক প্রয়োজনীয় সামগ্রীৰ সৈতে একোখলকৈ ট্রেক্টৰ যোগান ধৰিব। প্রথম পর্যায়ত চৰকাৰে প্রায় ১০,১০৯ খন ট্রেক্টৰ প্রদান কৰিব। এই আঁচনি খনে সমগ্র ৰাজ্যর ২৬০০০ গাঁও পর্যায় অনুসৰি সামৰি ল’ব।
অৰ্থনৈতিক ভাবে দূৰ্বল নাৰীক সামান্য সকাহ প্ৰদানৰ অৰ্থে স্ব-নিৰ্ভৰ নাৰী - আত্মনিৰ্ভৰ অসম আঁচনিখন মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সণোৱালে ২০২০ চনত উদ্বোধন কৰে। প্ৰথম পৰ্যায়ত প্ৰায় ৪ লাখ নাৰী এই আঁচনিৰ দ্বাৰা লাভাম্বিত হ'ব। নাৰী সবলীকৰণৰ উদ্দেশ্য এই আঁচনিখন আৰম্ভ কৰা হৈছে। স্ব-নিৰ্ভৰ নাৰী - আত্মনিৰ্ভৰ অসম আঁচনিখনৰ লক্ষ্য হৈছে প্ৰায় ৩.৭২ লাখ স্থায়ী ব্যক্তিগত আৰু ৮২২ সামূহিক সম্পদ সৃষ্টি কৰা।.
২০২০ চনৰ আপোনাৰ আপোন ঘৰ আৱাস ঋণ ৰাজসাহায্য আঁচনিৰ বাবে ৰাজ্য চৰকাৰে অনলাইন আবেদন বিচাৰি আছে। এই আঁচনিখনৰ অধীনত চৰকাৰে ৪০ লাখ টকাৰ আৱাস ঋণত ২.৫ লাখ টকাৰ ৰাজসাহায্য প্ৰদান কৰিব। যিসকল লোকে প্ৰথম ঘৰ ক্ৰয় কৰিব আৰু পূৰ্বৱৰ্ত্তী আপোন ঘৰ আঁচনিৰ অধীনত আৱাস ঋণ লাভ কৰা নাছিল তেওঁলোকৰ বাবে এই আঁচনি উপলব্ধ হ'ব। ৰাজসাহায্যৰ পৰিমাণ আৰু সম্পূৰ্ণ বিষয় সন্দৰ্ভত নিৰীক্ষণ কৰি পঞ্জীয়ন বা আবেদন পত্ৰ পূৰণৰ দ্বাৰা জনসাধাৰণে আঁচনিখনৰ বাবে আবেদন জনাব পাৰে।
এই আঁচনিখনে কোনো ধৰণৰ ৰাজনৈতিক দলৰ লগত সম্পৰ্ক নথকা সংবাদ কৰ্মীক ৫০,০০০ টকাকৈ এককালীন বিত্তীয় অনুদান প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিসকল সংবাদ কৰ্মীয়ে বিগত ১২ মাহৰ ভিতৰত চৰকাৰী আঁচনি সন্দৰ্ভত ৩ টা সফল বাতৰি প্ৰকাশ বা সম্প্ৰচাৰ কৰিছে তেওঁলোকক এই অনুদান প্ৰদান কৰা হ'ব।
চৰকাৰী নিৰ্দেশনা অনুযায়ী প্ৰত্যেকজন সাংবাদিকক বছৰি ৫০,০০০ টকাৰ সাহায্য দিব। নিৰ্ভীক, নিৰপেক্ষ, সত্যনিষ্ঠ আৰু অৰাজনৈতিক বাতৰি পৰিবেশন কৰিবলৈ উৎসাহ জনোৱাই হৈছে এই আঁচনিখনৰ মুখ্য উদ্দেশ্য।
বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য তথা ৰাজ্যিক বিত্ত বিভাগ আৰু বেংকৰ বহুতো জেষ্ঠ বিষয়ববীয়াৰ উপস্হিতিত ২৬ ডিচেম্বৰ ২০১৯ তাৰিখে শ্রীমন্ত শংকৰদেৱ আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত মাননীয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সণোৱালে অসম অভিনন্দন শৈক্ষিক ঋণ ৰাজসাহায্য আঁচনি উন্মোচন কৰে।
অৰুণোদয় আঁচনি হৈছে ২০২০ চনৰ ২ অক্টোবৰ তাৰিখে অসম চৰকাৰৰ দ্বাৰা উন্মোচিত এখন নতুন আঁচনি। এই আঁচনিখনে ৰ