পৰিৱেশ

অসমৰ সমৃদ্ধিশালী জৈৱ-বৈচিত্ৰ্য

 

জৈৱ-বৈচিত্ৰ্য বুলিলে জীৱৰ বিভিন্ন সংস্থা, জীন, প্ৰজাতি, পৰিবেশ, আৱাস আদিৰ সমাহাৰকে বুজাই। জৈৱ-বৈচিত্ৰ হৈছে সকলো প্ৰয়োজনীয়তাৰ মৌলিক পৰিপূৰ্ণতা। এখন সমৃদ্ধিশালী জৈৱ-বৈচিত্ৰ্য পূৰ্ণ ঠাইয়ে বৈচিত্ৰ দিয়াৰ উপৰিও মানৱ কল্যাণতো সহায় কৰে।

জৈৱ-বৈচিত্র্য

জৈৱ-বৈচিত্র্য বুলিলে জীৱৰ বিভিন্ন সংস্থা, জীন, প্ৰজাতি, পৰিবেশ, আৱাস আদিৰ সমাহাৰকে বুজাই। জৈৱ-বৈচিত্ৰ হৈছে সকলো প্ৰয়োজনীয়তাৰ মৌলিক পৰিপূৰ্ণতা। এখন সমৃদ্ধিশালী জৈৱ-বৈচিত্ৰ্য পূৰ্ণ ঠাইয়ে বৈচিত্ৰ দিয়াৰ উপৰিও মানৱ কল্যাণতো সহায় কৰে।

বিজ্ঞান আৰু জ্যোতিৰ্বিদ্যা

গুৱাহাটী তাৰকাগৃহ

গুৱাহাটী তাৰকাগৃহ, লতাশিল খেলপথাৰৰ সন্মুখত আৰু গুৱাহাটী উচ্চ ন্যায়লয়ৰ সমীপত এম.জি পথত অৱস্থিত।

গুৱাহাটী তাৰকাগৃহৰ অৱস্থান:

অসম ৰাজ্যিক তাৰকাগৃহ, গুৱাহাটী ৰে’লৱে ষ্টেশ্যনৰ পৰা ১ কি.মি আৰু লোকপ্ৰিয় গোজীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা ২১ কি.মি. নিলগত অৱস্থিত।.

যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহঃ

নৌকা বিহাৰ

ভাৰতবৰ্ষৰ বৃহত্তম নদী মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত নৌকা বিহাৰ। এই নদীয়ে ইয়াৰ উৎস তিব্বতি হিমালয়ৰ পৰা এই সুন্দৰ ৰাজ্যখনৰ মাজেৰ ১৮০০মাইল বৈ গৈ কৰি বংগোপ সাগৰ ব-দ্বীপত মিলিচেগৈ। এই মহান নৈ খনৰ বুকুত নৌকা বিহাৰ কৰি অনেক সুন্দৰ আৰু ৰোমাঞ্চক অভিজ্ঞতা অৰ্জন কৰক। ই সকলোকে কিবা নহয় কিবা প্ৰদান কৰে। বণ্যপ্ৰাণী উদ্যমী সকলৰ বাবে ই মন প্ৰফুল্লিত কৰিব পৰা বণ্যপ্ৰাণী আৰু পক্ষি দৰ্শনৰ সুবিধা প্ৰদান কৰে, সংস্কৃতিক প্ৰেমীৰ বাবে ই আকৌ নব্য-ধ্ৰুপদী ঔপনিবেশিক স্থান সমূহৰ উপৰিও ৰাজ্যখনৰ ভিন্ন ভিন্ন ৰঙীন জাতিগত সংমিশ্ৰন, বৌদ্ধধৰ্মীয় পুৰাতত্ব, হিন্দু মঠ-মন্দিৰ আৰু ইছলামিক স্থাপত্য কলাৰ দৰ্শন সহজ কৰি তুলে।

সংগ্ৰাহালয় আৰু বীথিকা (গেলেৰী)

১৯৪০ চনৰ ২‍১ এপ্ৰিল তাৰিখে অসম ৰাজ্যিক সংগ্ৰাহালয় স্থাপিত হৈছিল। ঐতিহাসিক আৰু প্ৰত্নতাত্বিক অধ্যয়ন ক্ষেত্ৰৰ বাটকটীয়া স্বৰূপ কামৰূপা অনুসন্ধান সমিতিয়ে অসম ৰাজ্যিক সংগ্ৰাহালয় স্থাপন কৰিছিল। তেতিয়াৰ অসমৰ ৰাজ্যপাল ছাৰ ৰবাৰ্ট নেইল ৰেইডে সংগ্ৰাহালয়টো আনুষ্ঠানিকভাবে উদ্বোধন কৰিছিল।

সংগ্ৰাহালয়ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ৰায় বাহাদুৰ কনকলাল বৰুৱা, ৰায় বাহাদুৰ আনন্দ চন্দ্ৰ আগৰৱালা, কালিৰাম মেধি এইসকল পুৰোধা ব্যক্তিৰ প্ৰচেষ্টা উল্লেখনীয়।

অসমৰ মন্দিৰসমূহ

মধ্যযুগীয় সময়ৰ গুৰুত্বপূর্ণ ঐতিহাসিক আৰু সাংস্কৃতিক নিদর্শনৰ সাক্ষী হিচাপে অসমত অসংখ্য মন্দিৰ আৰু স্মৃতিস্তম্ভ আছে। অসমৰ বহুতো প্ৰাচীন হিন্দু মন্দিৰৰ পৌৰাণিক কাহিনী আছে। অসম হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ দৰে বৈষ্ণৱ গুৰুসকলৰ দেশ। বিভিন্ন দেৱ-দেৱীৰ মন্দিৰ দেখিবলৈ পোৱা, অসমৰ কেইটামান জনপ্রিয় মন্দিৰৰ বর্ণনা তলত উল্লেখ হ'ল।

কামাখ্যা মন্দিৰ

Kamakhya Temple

অসমঃ এটি দৃষ্টিপাত

জনসংখ্যাৰ ফালৰ পৰা সবাতোকৈ বৃহৎ আৰু ক্ষেত্ৰফলৰ ফালৰ পৰা দ্বিতীয় স্থানত অৱস্থান কৰা অসম উত্তৰ-পূব ভাৰতত অৱস্থিত| অসমে ৭৮৪৩৮ বৰ্গ কি.মি. (৩০২৮৫ বৰ্গমাইল) ক্ষেত্ৰফল জুৰি আছে| ৰাজ্যখনক উত্তৰে, ভূটান আৰু অৰুণাচল প্ৰদেশ; পূবে, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু মণিপুৰ; দক্ষিণে, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম আৰু বাংলাদেশ; আৰু পশ্চিমে পশ্চিমবঙ্গই আৱৰি আছে। অসমৰ এক উল্লেখযোগ্য ভৌগোলিক বিশেষত্ব হ'ল যে, ভাৰতৰ ছটা ভূ-বিভাগৰ ভিতৰত ইয়াত তিনিটা ভূ-বিভাগ অর্থাৎ উত্তৰ হিমালয় (পূব পৰ্বতমালা), উত্তৰ সমতলীয় ভূমি (ব্ৰহ্মপুত্ৰ সমতল)আৰু দক্ষিণ মালভূমি (কাৰ্বি আংলং) অৱস্থিত।

অসমৰ সংস্কৃতি

অসম এখন বৈচিত্ৰ পূৰ্ণ সংস্কৃতিৰ মিলনভূমি। এই মনোমোহা ৰাজ্যখনৰ মানুহবোৰ বিশেষকৈ আৰ্য্য, মংগোলীয়,অষ্ট্ৰিক আৰু ব্ৰহ্ম দেশীয় থুলৰ লোক। সকলো জাতি- উপজাতি সন্মিলিত হৈ গঢ় দিছে বৃহত্তৰ অসমীয়া সংস্কৃতিৰ। অসমৰ খিলঞ্জীয়া লোকসকলক অসমীয়া বুলি কোৱা হয় লগতে অসমৰ ৰাজ্যিক ভাষাও হৈছে অসমীয়া। অসমত বসবাস কৰা জাতি-জনগোষ্ঠীসমূহ আৰু তেওঁলোক প্ৰত্যেকৰে সংস্কৃতি, কলা কৃষ্টি, সাজপাৰ তথা সমাজ ব্যৱস্থাৰ এক সুকীয়া পৰিচয় আছে।

অসমৰ নদীদ্বীপ

পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী আৰু ক্ষুদ্ৰতম অধ্যূষিত নদীদ্বীপ উমানন্দৰ বাবে অসম প্ৰসিদ্ধ।  

মাজুলী

ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত মাজুলী সৰ্বমুঠ ৩৫৩ বৰ্গ কি.মি. এলেকাৰে আৱৰা। পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ ৰূপে পৰিচিত এই নদীদ্বীপে পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰ্যটককেই আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ২০১৬ চনত জিলা হিচাপে ঘোষণা কৰা মাজুলী হৈছে পৃথিৱীৰ প্ৰথমটো নদীদ্বীপ। যোৰহাট জিলাৰ পৰা ফেৰীৰ সহায়ত মাজুলীত প্ৰবেশ কৰিব পাৰি।

অসম বিধানসভাৰ সংক্ষিপ্ত ঐতিহাসিক বিৱৰণ

১৯৩৭ চনৰ ৭ এপ্ৰিল তাৰিখে শ্বিলঙৰ বৈঠকত অনুষ্ঠিত হোৱা প্ৰথম অধিৱেশনৰ দিনাই অসম বিধানসভাৰ আৰম্ভণি হয় | শ্বিলং হৈছে সংযুক্ত অসমৰ পূর্বকালীন ৰাজধানী|