“অ’ মোৰ আপোনাৰ দেশ’’ হৈছে অসমৰ জাতীয় সংগীত। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত এই সংগীতটিৰ সুৰকাৰ আছিল কমলা প্রসাদ আগৰৱালা। ১৯২৭ চনত তেজপুৰত অনুষ্ঠিত হোৱা অসমীয়া ছাত্রৰ বৈঠকত “অ’ মোৰ আপোনাৰ দেশ’’ এই শুৱলা গীতটিক অসমৰ জাতীয় সংগীত হিচাপে অভিহিত কৰা হয়।

গীতটিৰ কথা তলত উল্লেখ কৰা হ’ল-
অ’ মোৰ আপোনাৰ দেশ
অ’ মোৰ চিকুণী দেশ
এনেখন শুৱলা,
এনেখন সুফলা
এনেখন মৰমৰ দেশ ।।
অ’ মোৰ সুৰীয়া মাত
অসমৰ সুৱদী মাত
পৃথিৱীৰ ক’তো
বিচাৰি জনমটো
নোপোৱা কৰিলেও পাত ।।
অ’ মোৰ ওপজা ঠাই
অ’ মোৰ অসমী আই
চাই লওঁ তোমোৰ
মুখনি এবাৰ
হেঁপাহ মোৰ পলোৱা নাই ।।

Menu Type